
শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে প্ৰনয়ন কৰা কৃষি আইনৰ বিৰুদ্ধে দেশৰ ভিন্ন প্ৰান্তৰ কৃষকে আন্দোনলত ভাগ লৈছে। এই আন্দোলনে সকলোৰে দৃষ্টি আকৰ্শন কৰিছে আৰু ছ’চিয়েল মিডিয়াত সেই বিষয়ক পোষ্টৰ জোৱাৰ উঠা দেখা গৈছে।
ইয়াৰে ভিতৰত অসমত এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে যত দাবী কৰা হৈছে যে এজন মুছলমান লোকে পাগুৰী পৰিধান কৰি নিজকে শিখ বুলি পৰিছয় দি আন্দোলনত ভাগ লৈছে।
বহুকেইটা ফেচবুক প্ৰফাইলে একেটা ভিডিঅ’ শ্বেয়াৰ কৰিছে যত এজন পাগুৰী পিন্ধা লোকক আন্দোনলত ভাগ লোৱা বাবে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
কিছুমান ভাইৰেল পোষ্টৰ লিংক দিয়া হৈছে-
Original Post- Facebook | Archived Post
Original Post- Facebook | Archived Post

Original Link- Facebook | Archived Link
ফেক্ট ক্ৰেছেণ্ডোৱে জানিব পাৰিলো যে এই দাবী মিছা। সত্যতা নিৰূপন এনেধৰণৰ :
সত্যতা নিৰূপন পদ্ধতি
এই ভিডিওটো চলিত আন্দোনলৰ হয় নে নহয় তাক পৰীক্ষা কৰিবলৈ আমি এক বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো বিভিন্ন টুকুৰাত ভাগ কৰি লৈ গুগল ইমেজ ছাৰ্চ কৰি চালো। আমি ২০১৯চনৰ ২৬ডিচেম্বৰৰ এটা টুইটাৰ পোষ্ট পালো, যিটোত সেই ভিডিঅ’টো আছিল।

Original Link- Twitter | Archived Link
যিহেতু কৃষকৰ এই আন্দোলন আৰম্ভ হৈছিল ২০২০চনৰ চেপ্টেম্বৰত আৰু সেই টুইটাৰ পোষ্টটো তাতকৈ বহুদিন আগৰ, গতিকে এইটো নিশ্চিত যে সেই ভিডিঅ’টোৰ এই আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।
আৰু অধিক অনুসন্ধানে পোহৰলৈ আনিলে যে সেই ভিডিওটো ২০১১চনক ২৮মাৰ্চত পাঞ্জাৱৰ মোহালিত সংগ্ৰহ কৰা হৈছিল। Original Link- Sikhnet | Archived Link
সেই নিৰ্দিষ্ট দিনটোত গ্ৰামীন পশু চিকিৎসা ফাৰ্মাচিষ্ট আৰু কৰ্মচাৰীসকল এটা আন্দোলনত লিপ্ত হৈছিল। সেই মানুহজনক আটক কৰা হৈছিল আৰু তথ্যমতে এগৰাকী আৰক্ষীয়ে তেওঁৰ পাগুৰীটো খুলি দিছিল। আমি বাতৰি লাভ কৰিলো যে সেই নিৰ্দিষ্ট এছপি আৰু এছএইছও দুজনক সেই কৰ্মৰ বাবে নিলম্বন কৰা হৈছিল।

Screenshot, Indian Express Article
Original Link- Indian Express | Archived Link
আমি সেই একেটা ভিডিঅ’কে ২০১১ চনৰ ২৯মাৰ্চতে ইউটিউৱত আপলোড কৰা দেখা পালো।
এইখিনিয়ে নিশ্চিত কৰিলে যে পাগুৰী পিন্ধি থকা লোকজন ইছলামধৰ্মী নহয় আৰু সেই ভিডিও দিল্লীত চলি থকা ২০২০ৰ কৃষক আন্দোলনৰ নহয়। সেই একেটা ভিডিও একেই দাবীৰে দেশৰ অন্য প্ৰান্ততো ভাইৰেল হৈ পৰিছে। কিছুদিন পূ্ৰ্বে ইয়াক ফেক্ট ক্ৰেছেণ্ডো তামিলেও সত্যতা নিৰুপন কৰিছিল। Fact Crescendo Tamil
ফলাফল
পৰ্যপ্ত প্ৰমানে নিশ্চিত কৰে যে মূল ভিডিঅ’টো ২০১১ চনতে লোৱা আৰু তাক শেহতীয়াভাৱে অব্যাহত থকা কৃষক আন্দোনলৰ সৈতে অপ্ৰাসংগিকভাৱে সংযোগ কৰি পুনৰ শ্বেয়াৰ কৰি থকা হৈছে।
পাঠক সকলে যিকোনো সন্দিগ্ধ তথ্য, ৰেকৰ্ডিং,ফটো বা ভিডিও সত্যতা নিৰূপনৰ বাবে আমাৰ ফেক্টলাইন নম্বৰ +91 904905 3770লৈ হোৱাটছএপ কৰিব পাৰে

Title:নিজকে শিখ বুলি পৰিচয় দিয়া মুছলমান লোকে কৃষক আন্দোলনত যোগদান কৰা বুলি পুৰণি ভিডিঅ’ শ্বেয়াৰ হৈছে!
Fact Check By: Manjori BorkotokyResult: False