
শেহতীয়াকৈ দিল্লীৰ জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিত হোষ্টেলৰ ভাড়া বঢ়োৱাকলৈ আন্দোলন আৰম্ভ হোৱাৰ পাছতেই এখন বিশেষ খোৱা বস্তুৰ নিৰিখৰ তালিকা ভাইৰেল হৈ পৰিছে । ভাৰতৰ সংসদৰ কেণ্টিনৰ বৰ্তমানৰ নিৰিখৰ তালিকা বুলি শ্বেয়াৰ হোৱা এই তালিকাখনে ছচিয়েল মিডিয়াত তোলপাৰ লগাইছে । তালিকাখনত খোৱা বস্তুৰ নিৰিখ বর্তমানৰ বজাৰ মূল্যৰ তুলনাত অতি কমকৈ নিৰ্ধাৰণ কৰা দেখা গৈছে।
উক্ত তালিকাখন ফেচবুকত বিভিন্নজনে আপলোড আৰু শ্বেয়াৰ কৰা দেখা গৈছে । অসমতো বিভিন্ন ফেচবুক প্ৰফাইলৰ পৰা তালিকাখন শ্বেয়াৰ হোৱা দেখা গৈছে । উক্ত পোষ্টবোৰত বহুতো কমেণ্টছ আৰু শ্বেয়াৰ কৰা দেখা গৈছে ।

পোষ্টটো সৰ্বপ্রথমে আলিম আখতাৰ নামৰ এটা ফেচবুক প্ৰফাইলে “সংসদ য’ত ৮৩% সাংসদ ক্ৰৰৰপতি হয় তাত এইয়া হ’ল কেণ্টিনৰ নিৰিখ । উৎস: টাইমছ অফ ইণ্ডিয়া, মাৰ্চ ২৮, ২০১৯” বুলি শিৰোনামা দি আপলোড কৰিছিল ।
সঁচাকৈ ভাইৰেল হোৱা সংসদৰ কেণ্টিনৰ তালিকাখন বৰ্তমানৰ নেকি? সত্যতা কি? জানোঁ আহক ।
প্ৰণালী
আমি এই বিশেষ বাতৰিটোৰ লগত জৰিত কিছুমান কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ ফলত আমি পালোঁ যে আচলতে উক্ত তালিকাখন চাৰি বছৰ পুৰণি আৰু পাছত দামবোৰ সংশোধন কৰা হৈছিল যদিয়ো দামবোৰ বজাৰ মূল্যতকৈ বহুত কম । আমি আৰু অনুসন্ধান কৰি পালোঁ যে ৰেহাই মূল্যৰ খোৱা বস্তুৰ তালিকাখন ডিচেম্বৰ ২০১৫ চনতে সংশোধন কৰা হৈছিল । জানুৱাৰী ১, ২০১৬ তাৰিখৰ পৰা সংসদ কেণ্টিনত খোৱা বস্তুবোৰ অধিক দামত বিক্ৰী কৰা হৈছে । এই বিষয়ে ৰাষ্ট্ৰীয় নিউজ চেনেল এনডিটিভিয়ে জানুৱাৰী ১, ২০১৬ তাৰিখে সবিস্তাৰে বাতৰি প্ৰকাশ কৰিছিল ।

ইয়াৰ পাছতেই কীৱৰ্ডছ ব্যৱহাৰ কৰি আমি আৰু চাৰ্চ কৰিলোঁ আৰু ইণ্ডিয়া টুডেত প্রকাশ হোৱা এটা বাতৰি পালোঁ য’ত সংসদ কেণ্টিনৰ নতুন নিৰিখবোৰ দিয়া হৈছে ।

বাতৰিটোত অৱশ্যে লিখা হৈছে যে দামবিলাক যিমান বাঢ়িব লাগিছিল সিমান বঢ়া নাই আৰু সংসদ কেণ্টিনৰ বিতৰ্কিত ৰেহাই মূল্য এতিয়াও সম্পূৰ্ণৰূপে নাইকিয়া হোৱা নাই ।
ফলাফল
উক্ত তালিকাখন চাৰি বছৰ পুৰণি আৰু ছচিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ দৰে এতিয়াৰ নহয় । এই পুৰণি তালিকাখন প্ৰচাৰ কৰি সাধাৰণ জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে ।

Title:ভাইৰেল সংসদ কেণ্টিনৰ নিৰিখৰ তালিকাখন এতিয়াৰ নহয়!
Fact Check By: Manjori BorkotokyResult: False