FACT CHECK: এই ফটোখন ২০২১ৰ কুম্ভমেলাৰ নহয়!

Missing Context Social

একাংশ সাধুৰ এখন ফটো অসমৰ ছোচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দাবীৰে যে এই ফটোখন ২০২১চনৰ কুম্ভমেলাৰ, যি চলিত বৰ্ষত কোভিডৰ ভয়াৱহতাৰ মাজতো চৰ্চিত হৈছে। ফটোখনৰ সৈতে থকা কেপছনত লিখা হৈছে যে প্ৰয়োজনীয় মাস্ক তেওঁলোকৰ নাই  আৰু মাস্ক গৈ তেওঁলোকৰ লেংটি হে হৈছেগৈ। লগতে সামাজিক দূৰত্ব ৰক্ষা নকৰাৰ বাবেও সমালোচিত হৈছে। 

তেনেকুৱা কিছুমান পোষ্ট এয়া: 

Original Link: Facebook | Archived Link

Original Link: Facebook | Archived Link

Original Link: Facebook | Archived Link

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই জানিব পাৰিলো যে সেই ফটোখন ২০২১চনৰ কুম্ভমেলাৰ নহয়।

সত্যতা নিৰূপন পদ্ধতি:

কেইটামান প্ৰাসংগিক শব্দৰে কৰা  ছাৰ্চ আৰু গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ পদ্ধতিৰে কৰা সন্ধানত ২০১৩চনত প্ৰকাশিত এটা লেখাৰ লিংকলৈ আমাক লৈ গ’ল। সেই লেখাটোতো একেই ফটো আছিল।

https://www.remotelands.com/travelogues/maha-kumbh-mela-100-million-attend-the-worlds-largest-festival/

Archived Link

সেইবাবে এইটো নিশ্চিত হ’ল যে সেই ফটোখন ২০২১চনৰ নহয়,২০১৩চনৰ হে।

২০১৯ চনত ডেইলী ও নামৰ ৱেবচাইটটোত কিছুমান ভাইৰেল পোষ্টত সংলগ্ন কৰা দ্বিতীয় ফটোখন প্ৰকাশ কৰা হৈছিল।

https://www.dailyo.in/politics/the-manufactured-myth-of-hindu-terror-minhaz-merchant/story/1/30146.html

Archived Link

ফেক্ট ক্ৰেছেণ্ডো মালায়ালমে শেহতীয়াভাৱে কৰা সত্যতা নিৰূপনত জানিব পৰা গ’ল যে সেই ফটোখন থৰ্জ বাৰ্জাৰ নামৰ ফটোগ্ৰাফাৰজনে তোলা।

সেই সত্যতা নিৰূপনত উল্লেখ যে ফটোগ্ৰাফাৰজনে এটা ৱেবচাইটৰ এটা সাক্ষাৎকাৰৰ সৈতে সেই ফটোখন উল্লেখ কৰিছিল।

Archived Link

একেখন ফটোৱে ২০২০চনতো ভাইৰেল হৈ পৰিছিল ৰাম মন্দিৰৰ ভূমি পূজনৰ ফটো বুলি। ইয়াত ফেক্ট ক্ৰেছেণ্ডো তামিলে সেই দাবীক নস্যাৎ কৰি কৰা সত্যতা নিৰূপন।:

ফলাফল

গতিকে এইটো কথা নিশ্চিত হ’ল যে সেই ফটোখন ২০২১চনৰ কুম্ভমেলাৰ ফটো নহয়। সেইখন ২০১৩চনৰ ফটো,যেতিয়া মাস্ক বা সামাজিক দূৰত্ব জৰুৰী নাছিল। এইখন এক ভূৱা বাৰ্তাৰে শ্বেয়াৰ কৰি থকা হৈছে। যদি আমাৰ পাঠকসকলে তেনেকুৱা কোনো ফটো বা ভিডিঅ’ লাভ কৰে, যিটো স্বাভাৱিক নহয় যেন লাগে,তেনেহ’লে আমাৰ ২৪/৭ ফেক্টলাইন নম্বৰ +৯১ ৯০৪৯০৫৩৭৭০লৈ ইয়াৰ সত্যাসত্য নিৰূপনৰ বাবে প্ৰেৰণ কৰিব পাৰে।

Avatar

Title:এই ফটোখন ২০২১ৰ কুম্ভমেলাৰ নহয়!

Fact Check By: Manjori Borkotoky 

Result: Missing Context

Leave a Reply

Your email address will not be published. Required fields are marked *