
যোৱা ২২ জানুৱাৰীত অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কাৰ্যসূচী সম্পন্ন হয়। ইয়াৰ পিছতে এই সম্পৰ্কে বিভিন্ন ফটো আৰু ভিডিঅ’ চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। ফেচবুকতো এজন কান্দি থকা ফটোগ্ৰাফাৰ আৰু ৰাম মন্দিৰৰ ৰামৰ মূৰ্তিৰ এখন ক’লাজ ভাইৰেল হৈ পৰিছে এই দাবীৰে যে ৰামৰ মূৰ্তিটো দেখি ফটোগ্ৰাফাৰজন আৱেগিক হৈ পৰিছে।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া কিছু তথ্য পালোঁ।
আমি AFC Asian Cupৰ ফেচবুক পেজত কান্দি থকা ফটোগ্ৰাফাৰজনৰ ফটো আপলোড হোৱা দেখিলোঁ। ফটোখন আপলোড কৰা হৈছিল ২০১৯ চনৰ ২৪ জানুৱাৰীত। কেপশ্বনত দিয়া তথ্য অনুসৰি সেইজন আছিল এজন ইৰাকী ফটোগ্ৰাফাৰ। কেপশ্বনত #AsianCup2019 এই হেশ্বটেগ ব্যৱহাৰ কৰা হৈছিল।
একেখন ফটো এছিয়ান কাপৰ অফিচিয়েল এক্সত হেণ্ডলতো আমি পালোঁ। তাতো একেখিনি কথাই উল্লেখ কৰা হৈছিল। উল্লেখযোগ্য যে ২০১৯ চনৰ এছিয়ান কাপত ইৰাক কাটাৰৰ হাতত ১-০ গ’লত পৰাস্ত হৈছিল।
সেই টুইটটোৰ তলতে আমি আন এটা টুইট পালোঁ য’ত আৰবী ভাষাত লিখা আছিল যে মহম্মদ আমেৰ আল আজাৱি এজন নায়ক আৰু আমি তেওঁৰ কাৰণে গৌৰৱান্বিত।

এই সম্পৰ্কে এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
আমি Sport360 Arabic নামৰ এক্স হেণ্ডলতো একেখন ফটো পালোঁ য’ত লিখা আছিল যে এজন ইৰাকী ফটোগ্ৰাফাৰে তেওঁৰ কাম কৰি থকাৰ সময়তে নিজৰ দেশখন এছিয়ান কাপৰপৰা বাহিৰ হোৱা দেখি কান্দিছে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ক’লাজখনত দাবী কৰা ধৰণে অযোধ্যাৰ ৰাম মন্দিৰৰ মূৰ্তি দেখি ফটোগ্ৰাফাৰজনে আৱেগিক হৈ কন্দা নাছিল। এইখন এখন পুৰণি ফটো য’ত ইৰাকী ফটোগ্ৰাফাৰ মহম্মদ আমেৰ আল আজাৱিক এছিয়ান কাপত ইৰাকৰ পৰাজয়ৰ পিছত এইদৰে দেখা গৈছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
