
শেহতীয়াকৈ চ’চিয়েল মিডিয়াত এজন আঘাতপ্ৰাপ্ত শিখ ধৰ্মাৱলম্বী লোকৰ ফটো ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে কৃষক আন্দোলনৰ আন্দোলনকাৰী কৃষকক এইদৰে লাঠীৰে প্ৰহাৰ কৰি ঘূণীয়া কৰা হৈছে।

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু তেতিয়া Sikh Sangarsh নামৰ এক্স হেণ্ডল এটাত ২০১৯ চনৰ ১৭জুনত কৰা এটা টুইট পালোঁ। তাত উল্লেখ কৰা হৈছিল যে এজন শিখ টেম্পোচালক আৰু তেওঁৰ পুত্ৰক মুখাৰ্জী নগৰ পুলিচ ষ্টেচনৰ বাহিৰত এইদৰে নিষ্ঠুৰভাবে প্ৰহাৰ কৰা হৈছিল। টুইটটোত সংলগ্ন এখন ফটো আছিল ভাইৰেল ফটোখনৰ সৈতে একেই।

এই ঘটনাটো চ’চিয়েল মিডিয়াত ভাইৰেল হৈছিল। ২০১৯ চনত দিল্লী পুলিচে সৰবজিৎ নামৰ এজন টেম্পোচালক আৰু তেওঁৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছিল। দুয়োপক্ষৰ মাজত হতাহতি হয় আৰু তেতিয়া সৰবজিৎ আঘাতপ্ৰাপ্ত হয়। অভিযোগ অনুসৰি সৰবজিতৰ ১৫ বছৰীয়া পুত্ৰকো পুলিচে প্ৰহাৰ কৰে।
আনহাতে সৰবজিতৰ বিপক্ষে পূৰ্বতেও আন বহু অভিযোগ থকা বুলি বাতৰি প্ৰকাশ হৈছিল।
এই সম্পৰ্কে আন এটা টুইট তলত চাব পাৰিব।
এই ঘটনা সন্দৰ্ভত প্ৰকাশিত বাতৰি তলত চাব পাৰিব।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ ভাইৰেল ফটোখনৰ সৈতে কৰা দাবীটো মিছা। এই ফটোখন পুৰণি আৰু এজন অটোচালকৰ যি দিল্লী পুলিচৰ সৈতে হোৱা হতাহতিত আঘাতপ্ৰাপ্ত হৈছিল। এই ঘটনাৰ বৰ্তমানৰ কৃষক আন্দোলনৰ সৈতে কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
