এয়া ইজৰাইলৰ বৰ্তমান পৰিস্থিতিৰ দৃশ্য নহয়।

International Misleading

কিছুদিন আগতে হামাছৰ মৌলবাদীসকলে দক্ষিণ ইজৰাইলত প্ৰৱেশ কৰি বহু সাধাৰণ নাগৰিক আৰু সৈনিকক হত্যা কৰিছিল। খবৰ অনুসৰি তেওঁলোকে বহু লোকক অপহৰণ কৰি গাজালৈ লৈ যায়। এই ঘটনাৰ বহু আমনিদায়ক ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ইয়াৰ পটভূমিত এখন চহৰৰ বিস্ফোৰণ দেখুওৱা এখন ফটো ভাইৰেল হৈ পৰিছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে দাবী কৰিছে যে এয়া ইজৰাইলৰ বৰ্তমানৰ যুদ্ধ পৰিস্থিতিৰ দৃশ্য।

ফটোখন শ্বেয়াৰ কৰি এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে লিখিছে, “Horrific and heartbreaking scenes from Israel. Dead people being stripped and paraded about like trophies on trucks, elderly women being driven into Gaza as hostages and the 5,000 rockets raining upon innocent civilians in Israel.

UNACCEPTABLE!!!”

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

গুগল ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০১৪ চনত নিউয়ৰ্ক পোষ্টত আপলোড কৰা একেখন ফটো পালোঁ। প্ৰতিবেদন অনুসৰি তিনি সপ্তাহজোৰা যুদ্ধত ইজৰাইলে হামাছত ব্যাপকভাৱে বোমাবৰ্ষণ কৰিছিল। এই বিস্ফোৰণত গাজাৰ একমাত্ৰ বিদ্যুৎ কেন্দ্ৰটো ধ্বংস হয়। ফলত গাজা ষ্ট্ৰিপৰ ১ কোটি ৭০ লাখ লোকৰ বিদ্যুৎ আৰু পানী যোগান বন্ধ হৈ পৰে।

২০১৭ চনত আল জাজীৰা ইংলিছৰ ইউটিউব চেনেলত আপলোড কৰা এটা ভিডিঅ’তো একেটা ভিজুৱেল দেখা যায়। প্ৰতিবেদনত কোৱা হৈছে, “ইজৰাইলৰ চৰকাৰী ৱাট্চডগ ষ্টেট কম্প্ট্ৰ’লাৰে ২০১৪ চনৰ গাজা যুদ্ধৰ দুবছৰীয়া তদন্তত  প্ৰমাণ কৰিছে যে সাত সপ্তাহৰ সংঘাতৰ পৰা হাত সাৰিব পৰা কূটনৈতিক সমাধানৰ সন্ধান কৰাত  চৰকাৰখন ব্যৰ্থ হৈছে। গাজাৰ মানৱীয় পৰিস্থিতিৰ অৱনতিৰ ফলত ইজৰাইলৰ ভয়াৱহ পৰিণতি হ’ব বুলি পূৰ্বৰ সতৰ্কবাণীক আওকাণ কৰাৰ বাবেও প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ মন্ত্ৰীসভাক সমালোচনা কৰা হৈছে।”

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। ভাইৰেল ফটোখন ২০১৪ চনৰ যুদ্ধৰ সময়ত গাজা চহৰৰহে, ইজৰাইলৰ নহয়। তদুপৰি এই ফটোখন ইজৰাইল আৰু পেলেষ্টাইনৰ বৰ্তমানৰ পৰিস্থিতিৰ নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এয়া ইজৰাইলৰ বৰ্তমান পৰিস্থিতিৰ দৃশ্য নহয়।

Written By: Debanjana Baishya 

Result: Misleading

Leave a Reply

Your email address will not be published. Required fields are marked *