যোৱা শনিবাৰে হামাছৰ মৌলবাদীসকলে দক্ষিণ ইজৰাইলত প্ৰৱেশ কৰি বহু সাধাৰণ নাগৰিক আৰু সৈনিকক হত্যা কৰিছিল। তদুপৰি বহু লোকক অপহৰণ কৰি গাজালৈ লৈ যায়। ইয়াৰ পিছতে ইজৰাইলে প্ৰত্যাক্ৰমণ কৰে আৰু এতিয়াও ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত যুদ্ধ অব্যাহত আছে।

এনে সময়তে ইজৰাইল - পেলেষ্টাইনৰ যুদ্ধৰ বহুতো ফটো আৰু ভিডিঅ' চ'চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াৰ মাজতে এটা দৃশ্যাংশ ভাইৰেল হৈছে য'ত এটা সুউচ্চ অট্টালিকা বিস্ফোৰিত হৈ ধ্বংসস্তুপত পৰিণত হৈছে। দাবী কৰা হৈছে যে এই ভিডিঅ'টো ইজৰাইল-পেলেষ্টাইনৰ শেহতীয়া যুদ্ধৰ দৃশ্য।

এই দৃশ্যাংশটো News18 অসমৰ এটা বাতৰিতো দেখা গ'ল।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ'টো কী-ফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ।

আমি প্ৰথমে এনবিচি নিউজৰ ইউটিউব চেনেলত দুবছৰ আগেয়ে আপলোড হোৱা এটা ভিডিঅ' পালোঁ। "14-storey Building In Gaza Collapses After Israeli Airstrikes"- এই কেপশ্বনেৰে আপলোড কৰা ভিডিঅ'টোৰ ১:১৫ মিনিটত ভাইৰেল দৃশ্যাংশৰ সৈতে একেই দৃশ্যাংশ দেখিবলৈ পোৱা গ'ল।

আমি পুনৰ কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি INQUIRER নামৰ ইউটিউব চেনেলত দুবছৰ আগেয়ে আপলোড হোৱা একেটা ভিডিঅ' পালোঁ য'ত উল্লেখ কৰা হৈছিল যে হামাছে চলোৱা আল আকছা টিভিকে ধৰি কিছু সংখ্যক সংবাদ প্ৰতিষ্ঠান থকা গাজাৰ ১৪ মহলীয়া অট্টালিকা এটা ইজৰাইলৰ এয়াৰ ষ্ট্ৰাইকত ধ্বংস হয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো আংশিকভাৱে মিছা। এই দৃশ্যাংশটো ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ নহয় বৰং দুবছৰ পুৰণি।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এটা সুউচ্চ অট্টালিকা বিস্ফোৰিত হৈ ধ্বংসস্তুপত পৰিণত হোৱা এই দৃশ্যাংশটো ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত বৰ্তমান চলি থকা যুদ্ধৰ নহয়।

Written By: FactCrescendo Assamese

Result: Partly False