
শেহতীয়াকৈ এটা বিশেষ বাতৰি চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। বাতৰিটোত লিখা আছে এইদৰে: “এতিয়াৰে পৰা স্কুল ইউনিফৰ্মত Reels বনালে যাব লাগিব জেললৈ অন্যথা ভৰিব লাগিব ৫০ হাজাৰ টকা জৰিমনা”।
এই বাতৰিটো বিভিন্নজনে চ’চিয়েল মেডিয়াত শ্বেয়াৰ কৰা দেখা গৈছে।

এনেধৰণৰ পোষ্ট ইয়াত, ইয়াত, ইয়াত আৰু ইয়াতো দেখিবলৈ পাব।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ল’লোঁ।
সত্যতা নিৰূপণ পদ্ধতি
যিহেতু শ্বেয়াৰ হোৱা বাতৰিটোত প্ৰাগ নিউজ ডিজিটেল নামৰ প’ৰ্টেলটোৰ ল’গ’ আছিল, সেয়েহে আমি বাতৰিৰ উৎস বিচাৰি প্ৰাগ নিউজ ডিজিটেলত চাৰ্চ কৰিলোঁ। কিন্তু তাত আমি তেনেধৰণৰ কোনো বাতৰি নাপালোঁ।
আমি পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ। তেতিয়া আমি ইউটিউবত প্ৰাগ নিউজ চেনেলটোৰ পৰা ২০২২ চনৰ ডিচেম্বৰ মাহৰ ৪ তাৰিখে আপলোড কৰা এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোত তেওঁলোকে উল্লেখ কৰিছিল যে ভাইৰেল বাতৰিটো আচলতে ভুৱা আৰু কোনো দুষ্টচক্ৰই তেওঁলোকৰ আন এটা বাতৰিৰ ঠাইত স্কুল ইউনিফৰ্মত ৰীল বনালে জৰিমনা ভৰিব লাগিব বুলি ভুৱা প্ৰচাৰ চলাইছিল।
তদুপৰি, স্কুল ইউনিফৰ্মত ৰীল বনালে জৰিমনা ভৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কৰা কোনো ধৰণৰ ঘোষণা আমাৰ দৃষ্টিগোচৰ নহ’ল।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল হোৱা বাতৰিটো আচলতে ভুৱা আৰু স্কুল ইউনিফৰ্মত ৰীল বনালে জৰিমনা ভৰিব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কোনো ধৰণৰ ঘোষণা কৰা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:স্কুল ইউনিফৰ্মত ৰীল বনালে জৰিমনা ভৰিব লাগিব নেকি?
Fact Check By: Debanjana BaishyaResult: False
