

এখন বাছত ড. বিআৰ আম্বেদকাৰ আৰু তেখেতৰ সহধৰ্মিনী সৱিতা আম্বেদকাৰৰ ফটো লগোৱা এখন ফটোৰ স্ক্ৰিণশ্বট শেহতীয়াভাৱে অসমত হোৱাটছএপত ভাইৰেল হোৱা দেখা পোৱা গৈছে।

দাবী কৰা হৈছে যে এই সেইখন আমেৰিকা যুক্তৰাষ্ট্ৰৰ কলম্বিয়াৰ এখন বাছ, যত ড. বিআৰ আম্বেদকাৰ আৰু তেখেতৰ সহধৰ্মিনী সৱিতা আম্বেদকাৰৰ ফটো লগোৱা আছে। স্ক্ৰিণশ্বটটোত লিখা আছে- “কলম্বিয়াৰ ৰাজপথত বাবাচাহেবৰ ফটো লগোৱা বাছ চলিছে। এয়া প্ৰকৃত সন্মান” ।
আহক সত্যা-সত্য জানো ।
প্ৰনালী
প্ৰথমে কেইটামান নিৰ্দিষ্ট শব্দক লৈ আমি গুগলত বিচাৰি চালো, কিন্তু তেনেকুৱা বাছ সম্পৰ্কত কোনো তথ্য অথৱা কোনোধৰণৰ বাতৰি নাপালো। তেতিয়া আমি গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ পদ্ধতি অৱলম্বন কৰিলো আৰু একদম একেই এখন বাছৰ ফটো কেইবাটাও ৱেবচাইটত দেখিলো।

কিন্তু সেই বাছৰ ফটোবোৰত আম্বেদকাৰ আৰু তেখেতৰ পত্নীৰ কোনো ফটো দেখা নাপালো।
আমি তদুপৰি গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্ছ পদ্ধতিৰে বিচাৰি চাওতে আম্বেদকাৰ আৰু তেখেতৰ পত্নীৰ সেই মূল ফটোখনো লাভ কৰিলো।

মূল ফটোখন প্ৰকাশ কৰা ৱিকিমেডিয়া কমনছ নামৰ ৱেবচাইটটোৰ মতে এই ফটোখন ফটোগ্ৰাফাৰ এড্ৰিয়ান পিংষ্টোনে, ২০০৮ চনৰ জুলাই মাহত তুলিছিল। ফটোখনত দিয়া বিৱৰণত জানিব পাৰিলো যে এই বাছখন বাথত পৰ্যটকৰ বাবে বিভিন্ন স্থান পৰিদৰ্শন কৰোৱাৰ কামত ব্যৱহাৰ কৰা চিটী চাইটচিং নামৰ ওপেন টপ বাছ সেৱাৰ ।

একেধৰণৰ বাছৰ ফটো চিটী চাইটচিঙৰ অফিচিয়েল ৱেবচাইটতো দেখা পোৱা গল।

ফলাফল
আমেৰিকাৰ কলম্বিয়াত ড. বিআৰ আম্বেদকাৰ আৰু তেখেতৰ সহধৰ্মিনী সৱিতা আম্বেদকাৰৰ ফটো লগোৱা কোনো বাছ চলাচল নকৰে। ফটোখন মৰ্ফ কৰা।

Title:যুক্তৰাষ্ট্ৰৰ কলম্বিয়াৰ এখন বাছত সঁচাকৈয়ে ড. বিআৰ আম্বেদকাৰ আৰু তেখেতৰ সহধৰ্মিনী সৱিতা আম্বেদকাৰৰ ফটো লগোৱা আছিলনে?
Fact Check By: Manjori BorkotokyResult: False