১৭ দিন পিছত উত্তৰকাশী সুৰংগ দুৰ্ঘটনাত এক বৃহৎ সফলতা লাভ কৰা হৈছে । অৱশেষত সুৰংগটোত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক নিৰাপদে উলিয়াই অনাৰ কাম সম্পূৰ্ণ হৈছে।

আনহাতে, এই প্ৰেক্ষাপটত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ শ্বেয়াৰ কৰা হৈছে, য’ত হেলমেট পিন্ধা একাংশ লোকে বহল পাইপত পৰি থকা ৰছী টানি থকা দেখা গৈছে। কিছু সময়ৰ পাছত পাইপৰ পৰা চকাযুক্ত ষ্ট্ৰেচাৰত পৰি থকা মানুহ এজনক উলিয়াই আনে।

বাহিৰত থিয় হৈ থকা মানুহে হাত চাপৰি বজাই কয়, “গুড জব।” তাৰ পিছত কিছুমানে সেই ব্যক্তিজনক সুধিছে যে তেওঁৰ উশাহ-নিশাহ লোৱাত বহুত কষ্ট হৈছিল নেকি? ইয়াৰ উত্তৰত তেওঁ কয় যে তেওঁ এনে কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল।

ভিডিঅ'টো শ্বেয়াৰ কৰি দাবী কৰা হৈছে যে সেয়া উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকক উলিয়াই অনাৰ দৃশ্য।

ফেচবুকত এই ভিডিঅ'টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,"কেনেদৰে উদ্ধাৰ কৰা হৈছিল উত্তৰকাশীৰ ৪১জন শ্ৰমিকক?"

ভিডিঅ'টোৰ প্ৰথম অংশৰপৰা ১:২০ মিনিটলৈকে আৰু ১:৫৭ মিনিটৰ পৰা ৩:১৬ লৈকে উক্ত ভাইৰেল দৃশ্যাংশ আছিল।

Facebook Link | Archived Link

কিন্তু সঁচাকৈয়ে সেয়া সুৰংগত আবদ্ধ শ্ৰমিকক উলিয়াই অনাৰ দৃশ্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

তদন্তৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈছিলো। পোৱা ছবিবোৰৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰাৰ পিছত আমি এবিপি লাইভ নিউজ পেজত ভাইৰেল ভিডিঅ’টো পাইছিলোঁ। ২০২৩ চনৰ ২৪ নৱেম্বৰত প্ৰকাশিত এই খবৰ অনুসৰি এন ডি আৰ এফৰ দলটোৱে প্ৰথমে সুৰংগত আবদ্ধ হৈ থকা শ্ৰমিকসকলক কেনেকৈ সুৰংগৰ পৰা উলিয়াই আনিব পাৰি সেই সম্পৰ্কে মক ড্ৰিল চলাইছিল।

ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত বাতৰি অনুসৰি এন ডি আৰ এফৰ এটা প্ৰদৰ্শন আছিল য’ত তেওঁলোকে দেখুৱাইছিল যে উত্তৰকাশীৰ সুৰংগত আবদ্ধ হৈ থকা লোকসকলক কেনেকৈ উদ্ধাৰ কৰা হ’ব। ইয়াত তেওঁলোকে চকাযুক্ত ষ্ট্ৰেচাৰৰ ব্যৱহাৰ দেখুৱাইছিল।

এই সম্পৰ্কে আন আন বাতৰি ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

উত্তৰাখণ্ড সুৰংগ দুৰ্ঘটনা-

আমি বাতৰিটো লিখাৰ সময়লৈকে চৰ্ধাম অল ৱেদাৰ প্ৰজেক্টৰ ছিল্কয়াৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকৰ জীৱন ৰক্ষা কৰা এই উদ্ধাৰ অভিযান সফল হৈছিল। সুৰংগটোত ব্ৰেকথ্ৰু হোৱাৰ লগে লগে এস্কেপ টানেলৰ মাজেৰে শ্ৰমিকসকলক উলিয়াই অনা হয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টো এন ডি আৰ এফৰ মক ড্ৰিল আছিল য'ত দেখুওৱা হৈছিল সুৰংগত আবদ্ধ শ্ৰমিকক উলিয়াই অনাৰ পদ্ধতিৰ বিষয়ে। এই ভিডিঅ'টো উদ্ধাৰ অভিযানটোৰ প্ৰকৃত দৃশ্যৰ নহয়।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টো উত্তৰকাশীৰ সুৰংগত আবদ্ধ শ্ৰমিকক উলিয়াই অনাৰ দৃশ্যৰ নহয়।

Written By: Debanjana Baishya

Result: Partly False