
শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত আশীৰ্বাদ আটাৰ পেকেট (Aashirvaad Atta With Multigrains) এটাৰ ফটো ভাইৰেল হৈছে য’ত হালাল চাৰ্টিফাইড ল’গ’ আছে। দাবী কৰা হৈছে যে এই হালাল চাৰ্টিফাইড আশীৰ্বাদ আটা ভাৰতত বিক্ৰী হয়। ফটোখন ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “থু মিহলোৱা হালালা প্ৰডাক্ট আৰ্শীবাদ আটা আমি মৰ্খ হিন্দু ৱে হিন্দু ৰ আৰ্শীবাদ শব্দ টো চায় খাই আছো । আৰু মুৰ্খামী নকৰিব।”
Facebook Link | Archived Link.
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰি আই টি চি লিমিটেডে (ITC) ২০২৩ চনৰ ১ ডিচেম্বৰত কৰা এটা টুইট পালোঁ। টুইটত উল্লেখ কৰা হৈছিল যে আশীৰ্বাদ আটাৰ হালাল ল’গ’ থকা পেকেটটো এটা পুৰণা “এক্সপ’ৰ্ট অ’নলি পেক” (Export only pack), অৰ্থাৎ কেৱল ৰপ্তানিৰ উদ্দেশ্যে কৰা পেকেট, এয়া ভাৰতত বিক্ৰীৰ বাবে নাছিল।
আমি আই টি চি কেয়াৰচে (ITC Cares) ২০২০ চনৰ ২৫ এপ্ৰিলত কৰা আন এটা টুইট পালোঁ য’ত ভাইৰেল দাবীটো সম্পৰ্কে স্পষ্টীকৰণ দিয়া হৈছিল। টুইটটোৰ অসমীয়া অনুবাদ এনেধৰণৰ, “ভাৰতত হালাল ল’গ’ থকা আশীৰ্বাদ আটাৰ পেকেট বিক্ৰী কৰা হৈছে বুলি কৰা এই অভিযোগ বিভ্ৰান্তিকৰ আৰু মিছা। এই পেকেটটো এনে কিছুমান দেশত বিক্ৰী কৰিবলৈ লোৱা ৰপ্তানি পেকেট য’ত আইন অনুসৰি পেকেটটোত হালাল ল’গ’ৰ উপস্থিতি বাধ্যতামূলক কৰা হৈছে। অনুগ্ৰহ কৰি এনে উৰাবাতৰিৰ বলি নহব”।
উল্লেখযোগ্য যে ২০০২ চনৰ মে’ মাহত আশীৰ্বাদ আটা মুকলি কৰি আইটিচিয়ে ব্ৰেণ্ডেড আটা বজাৰত প্ৰৱেশ কৰিছিল।
আমি আশীৰ্বাদ মাল্টিগ্ৰেইন আটাৰ পেকেটটো পৰীক্ষা কৰি চালোঁ, কিন্তু তাত হালাল ল’গ’ নাছিল।
হালাল চাৰ্টিফিকেট অথবা হালাল প্ৰমাণপত্ৰ কি?
হালাল প্ৰমাণপত্ৰত কোৱা হৈছে যে খাদ্য বা সামগ্ৰী ইছলামৰ অনুগামীসকলৰ বাবে অনুমোদিত আৰু ইয়াৰ নিৰ্মাণ বা প্ৰক্ৰিয়াকৰণৰ সময়ত কোনো হাৰাম সামগ্ৰী বা পদ্ধতি ব্যৱহাৰ কৰা নহয়। কোনো সামগ্ৰীত হালাল ল’গ’ৰ উপস্থিতিয়ে গ্ৰাহকক আস্বত্ব কৰে যে সামগ্ৰীবিধে হালাল মানদণ্ড মানি চলে আৰু মুছলমান লোকে ইয়াক সেৱন কৰিব পাৰে।
হালাল ল’গ’ থকা সামগ্ৰী সম্পৰ্কে পূৰ্বেও ভুৱা তথ্য ভাইৰেল হৈছিল। এই সম্পৰ্কে আমাৰ পূৰ্বে কৰা ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখনৰ সৈতে কৰা দাবীটো বিভ্ৰান্তিকৰ। হালাল ল’গ’ থকা আশীৰ্বাদ আটাৰ এই পেকেটটো পুৰণি আৰু কেৱল ৰপ্তানিৰ উদ্দেশ্যে কৰা (এক্সপ’ৰ্ট অ’নলি) পেকেট। এই পেকেটটো ভাৰতৰ বজাৰত বিক্ৰীৰ বাবে নাছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:আশীৰ্বাদ আটাৰ হালাল ল’গ’ থকা পেকেট সম্পৰ্কে বিভ্ৰান্তিকৰ তথ্য ভাইৰেল।
Fact Check By: Debanjana BaishyaResult: Misleading
