প্ৰাক্তন এডাল্ট তাৰকা মিয়া খলিফাৰ মৃত্যু হৈছে বুলি উৰা বাতৰি প্ৰচাৰ হৈছে!  

False International

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টত দাবী কৰা হৈছে যে প্ৰাক্তন এডাল্ট তাৰকা মিয়া খলিফাৰ মৃত্যু হৈছে। এনে ধৰণৰ পোষ্ট অসমৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো ভাইৰেল হৈ পৰিছে । 

এই বাৰ্তাটো হোৱাটছএপত বহুল ভাৱে প্ৰচাৰ হৈছে আৰু ফেক্ট ক্ৰেচেণ্ডোৱে ইয়াৰ হোৱাটছএপ ফেক্ট লাইন নম্বৰ ৯০৪৯০৫৩৭৭০ প্ৰমাণীকৰণৰ বাবে এই পোষ্টাৰখন লাভ কৰিছে। Archived Link

ফেক্ট ক্ৰেচেণ্ডোৱে দাবীটো মিছা বুলি প্ৰতিপন্ন কৰিছে । কেনেকৈ ইয়াত পঢ়ক । 

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি গুগলত প্ৰাসঙ্গিক কীৱৰ্ড ব্যৱহাৰ কৰি অনুসন্ধান চলাইছিলো আৰু মিয়া খলিফাৰ মৃত্যু সম্পৰ্কীয় বাতৰি দেখিছিলো, য’ত কোৱা হৈছিল যে এইটো এটা উৰা বাতৰি হয়।

এনে এটা বাতৰি নিউজ১৮-ত প্ৰকাশ হৈছিল যাৰ শিৰোনাম আছিল “মিয়া খলিফা ইউ উইণ্ড লাইক ইউ টু নো হিজ ‘নট ডেড ইয়েট’ আফটাৰ ভাইৰেল হোক্স।” 

আমি গম পাইছিলো যে মিয়া খলিফাৰ অফিচিয়েল ফেচবুক পৃষ্ঠাটো এটা স্মৰণ পৃষ্ঠালৈ পৰিৱৰ্তিত হৈছিল আৰু সেইটোৱেই ভাইৰেল হৈ পৰিছিল। 

Facebook Link

বাতৰি প্ৰতিবেদনত আমি এইটোও দেখিছিলো যে মিয়া খলিফাই উৰা বাতৰিটো ভাইৰেল হোৱাৰ ঠিক পিছতে তাইৰ টুইটাৰত এটা মিম পোষ্ট কৰিছিল। ইয়াত টুইটটো আছে: 

ফলাফল

ওপৰোক্ত প্ৰমাণবোৰে প্ৰমাণ কৰে যে প্ৰাক্তন এডাল্ট তাৰকা মিয়া খলিফা মৃত নহয়। তেওঁ মৃত বুলি ভাইৰেল বাৰ্তাটো এটা উৰা বাতৰি ।

Avatar

Title:প্ৰাক্তন এডাল্ট তাৰকা মিয়া খলিফাৰ মৃত্যু হৈছে বুলি উৰা বাতৰি প্ৰচাৰ হৈছে!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *