FACT CHECK: এইয়া তালিবানে হেলিকপ্টাৰ উৰুৱাই আফগান লোকক ফাঁচী দিয়াৰ দৃশ্য নহয়!

False International

শেহতীয়াকৈ এক বিশেষ ভিডিঅ’ ছ’চিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰিছে আৰু  কেইবাটাও মূলসুঁতিৰ মিডিয়া সংস্থায়েও উক্ত ভিডিঅ’ প্ৰচাৰ কৰা দেখা গৈছে । উক্ত ভাইৰেল ভিডিঅ’টোত এজন লোকক এখন হেলিকপ্টাৰৰ পৰা ওলমি থকা দেখা গৈছে আৰু এই ভিডিঅ’টো আফগানিস্তানৰ কান্দাহাৰৰ হয় বুলি কোৱা গৈছে । দাবী কৰা গৈছে যে এইয়া শেহতীয়াকৈ আফগানিস্তান তালিবানে দখল কৰাৰ পাছত তেওঁলোকে সাধাৰণ আফগান লোক সকলৰ ওপৰত কৰা বৰ্বৰতাৰ নমুনা । 

উক্ত ভিডিঅ’টো অসমত ভাইৰেল হৈ পৰিছে আৰু ‘২৪ লাইভ এনই’ নামৰ এক ফেচবুক পে’জৰ পৰা উক্ত ভিডিঅ’টো এক বাতৰিৰ অংশ হিচাবে আপলোড কৰা হৈছে য’ত দাবী কৰা হৈছে যে এইয়া তালিবানে হেলিকপ্টাৰ উৰুৱাই আফগান লোকক ফাঁচী দিয়াৰ দৃশ্য হয় । উক্ত ফেচবুক পোষ্ট তথা ভিডিঅ’টো ভাইৰেল হৈ পৰিছে আৰু বৰ্তমানলৈকে ১২২ হাজাৰ বাৰ দৰ্শন কৰা হৈছে আৰু ৩৪৪ বাৰ শ্বেয়াৰ কৰা হৈছে । Original Link: Facebook | Archived Link

আমি, ফেক্ট ক্ৰেছেণ্ডো অসমীয়া, উক্ত দাবীটোৰ সত্যতা সম্পৰ্কে অনুসন্ধান কৰিলোঁ আৰু জানিব পাৰিলোঁ যে আচলতে হেলিকপ্টাৰৰ পৰা ওলমি থকা লোকজন এজন তালিবানি হয় আৰু তেওঁক ফাঁচী দিয়া হোৱা নাই । উক্ত লোকজনে দৰাচলতে এনেদৰে ওলমি এটা ওখ খুঁটাৰ পৰা এখন পতাকা উৰুৱাবলৈ চেষ্টা কৰিছিল । 

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি উক্ত বিষয়টোৰ লগত সম্পৰ্ক থকা কিছুমান কীবৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰিলোঁ আৰু নিউজ ৱেবছাইট ভাইছ’ত এই সম্পৰ্কে প্ৰকাশিত এক বাতৰি দেখা পালোঁ । উক্ত বাতৰিটোত কোৱা হৈছে যে ওলমি থকা লোকজন যে জীৱিত বা লৰচৰ কৰি আছে সেইয়া স্পষ্টকৈ দেখা গৈছে । উক্ত লোকজনক ফাঁচী দিয়া হৈছে বুলি ভাইৰেল হোৱা বাৰ্তাটো বিভ্ৰান্তিমূলক । উক্ত বাতৰিটোত কোৱা হৈছে যে ভিডিঅ’টো প্ৰথমে তালিব টাইমছ নামৰ এক টুইটাৰ হেণ্ডেলৰ পৰা টুইট কৰা হৈছিল য’ত, “আমাৰ বায়ু সেনা! এই সময়ত ইছলামিক এমিৰেইট’ছৰ বায়ু সেনা হেলিকপ্টাৰ কান্দাহাৰৰ ওপৰত উৰি আছে আৰু পেট্ৰলিঙ কৰি আছে” বুলি কেপচন দিয়া আছে ।  Archived Link

উক্ত ভিডিঅ’টোত আমি পাছত’ ভাষাত, “তাবাছুম ৰেডিঅ” লিখা দেখা পালোঁ আৰু এই বিষয়ে অনুসন্ধান কৰি আমি জানিব পাৰিলো যে এই নামৰ এক ৰেডিঅ’ ষ্টেচন কান্দাহাৰত আছে । আমি উক্ত ৰেডিঅ’ ষ্টেচনৰ মুৰব্বী সাদিকোল্লাহ আফগানৰ সৈতে যোগাযোগ কৰিলোঁ আৰু তেওঁ আমাক জনালে যে উক্ত ভিডিঅ’টোত তেওঁ নিজৰ মোবাইলত ৰেকৰ্ড কৰিছিল । তেওঁ লগতে জনালে যে উক্ত লোকজন আচলতে এজন তালিবানি যুঁজাৰু আছিল যি তালিবানৰ পতাকাখন এটা খুঁটাত বান্ধিবলৈ এনেদৰে ওলমি গৈছিল । উক্ত ওলমি থকা লোকজনক ফাঁচী দিয়া হৈছে বুলি ছ’চিয়েল মিডিয়াৰ যোগেদি ভাইৰেল হৈ পৰা বাতৰিটো ভুৱা হয় বুলি তেওঁ আমাক লগতে জনালে । তেওঁ আমাৰ সৈতে শ্বেয়াৰ কৰা ছ’চিয়েল মিডিয়া লিংকটো তলত সন্নিবিষ্ট কৰা হ’ল:

Archived Link

আমি ইয়াৰ পাছত এই পৰিঘটনাটোৰ আন দিশৰ পৰা ৰেকৰ্ড কৰা কেইবাটাও ভিডিঅ’ বিভিন্ন সাংবাদিক তথা কান্দাহাৰৰ সাধাৰণ নাগৰিকে ছ’চিয়েল মিডিয়াত কৰা পোষ্ট পালোঁ । 

এনে এক পোষ্ট আফগান সাংবাদিক অৰ্ঘণ্ড আব্দুলমাননে আপলোড কৰিছিল য’ত তেওঁ লিখিছে যে এজন সৈনিকে পতাকা এখন খুঁটাটোত বান্ধিব চেষ্টা কৰিছিল কিন্তু তেওঁ সফল হব নোৱাৰিলে । 

আন এক সাংবাদিক, বিলাল চৰৱাৰীয়ে তেওঁৰ ভেৰিফাইড টুইটাৰ হেণ্ডেলৰ পৰা এই সম্পৰ্কে এক টুইট কৰিছে য’ত তেওঁ উল্লেখ কৰিছে যে তেওঁ উক্ত হেলিকপ্টাৰৰ পাইলত জনৰ সৈতে এই বিষয়ে বার্তালাপ কৰিছিল আৰু তেওঁ নিশ্চিত কৰিলে যে উক্ত লোকজন আচলতে এজন তালিবানি আছিল আৰু তেওঁ এখন পতাকা আঁৰিবলৈ এনেদৰে ওলমি গৈছিল । 

ফলাফল

হেলিকপ্টাৰৰ পৰা ওলমি থকা লোকজন এজন তালিবানি হয় আৰু তেওঁক ফাঁচী দিয়া হোৱা নাই । উক্ত লোকজনে দৰাচলতে এনেদৰে ওলমি এটা ওখ খুঁটাৰ পৰা এখন পতাকা উৰুৱাবলৈ চেষ্টা কৰিছিল । তেওঁ এজন নিৰীহ আফগান লোক যাক ফাঁচী দিয়া হৈছিল বুলি মিছাতে ভাইৰেল হৈছিল ।

Avatar

Title:এইয়া তালিবানে হেলিকপ্টাৰ উৰুৱাই আফগান লোকক ফাঁচী দিয়াৰ দৃশ্য নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *