বিহাৰৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে, ছ'চিয়েল মিডিয়াতো ব্যস্ততাপূৰ্ণ ৰাজনৈতিক কৰ্মকাণ্ড আৰু প্ৰচাৰ দেখা পোৱা গৈছে। ইয়াৰ মাজতে বহু সুৰাৰ বটলৰ ফটোৰে সৈতে এটা টুইটৰ এখন স্ক্ৰিনশ্বট ফেচবুক আৰু টুইটাৰত এই দাবীৰে ভাইৰেল হৈ পৰিছে যে বিজেপি আৰু জেডি(ইউ)এ ভোটাৰক আকৰ্শন কৰিবলৈ এইদৰে সাজু হৈছে। বিহাৰত ২০১৬চনতেই সুৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল।

ফটোখনৰ কেপছনটো হিন্দীত লিখা আছে। তাৰ অনুবাদ- "বিহাৰত বিজেপি আৰু জেডি(এইউ)ৰ আন এক নিৰ্বাচনী প্ৰস্তুতি। মনত ৰাখিব ৰাইজ এই দুয়োবিধেই বিষ আৰু ধ্বংসকাৰী আৰু সেইবাবেই আপোনালোক সৱেই এইবোৰৰ পৰা আঁতৰত থকা উচিত।"

WhatsApp Image 2020-10-22 at 14.35.07.jpeg

Archived Link

আমি আমাৰ ফেক্টলাইন নম্বৰ 9049053770ত এগৰাকী হোৱাটছএপ ব্যৱহাৰকাৰীৰ পৰা এই ফটোখনৰ সত্যতা প্ৰমানৰ আহ্বান লাভ কৰিছিলো।

ফেক্ট ক্ৰেছচেণ্ডোৱে জানিব পাৰিলে যে সেই ফটোখন আৰু দাবীটো বিভ্ৰান্তিকৰ। সেই ফটোখন গতবৰ্ষৰ এখন থাইলেণ্ডৰ হে ফটো হয় ।

সত্যতা নিৰূপন পদ্ধতি

সৰ্ব প্ৰথমে আমি ফটোখন লৈ এক গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰি চালো আৰু আমি ২০১৯চনত কেইবাটাও থাই ৱেবচাইটে ফটোখন ব্যৱহাৰ কৰি প্ৰকাশ কৰা কেইবাটাও প্ৰৱন্ধ আৰু বাতৰি লাভ কৰিলো, যত উল্লেখ কৰা হৈছে যে থাইলেণ্ডৰ উবন ৰাতছাথানি প্ৰদেশত ২০১৯ চনত বানাক্ৰান্তৰ বাবে জনী নামৰ লোকজনে সেই সুৰাৰ বটলসমুহ প্ৰদান কৰিছিল।

Liquor image.png

Search Link

প্ৰৱন্ধবোৰত জনীয়ে সেই সুৰাৰ বটল আৰু আন সাহাৰ্য্য সামগ্ৰী আক্ৰান্ত লোকসকলক প্ৰদান কৰা ফটোও সম্বলন কৰা হৈছে।

২০১৯ চনৰ ২৫ ডিচেম্বৰত আনকি ইউটিউৱত আপলোড কৰা এটা ভিডিঅ'ত জনীয়ে সেই সুৰাৰ বটলসমুহ বিভিন্ন লোকক প্ৰদান কৰা দেখা গৈছে। ভিডিঅ'টোত দেখা সুৰাৰ বটলসমুহ বেংককৰ সমীপৰ বেংগীখান ডিষ্টিলেৰীত প্ৰস্তুত কৰা হংথং নামৰ সুৰাবিধৰ। Original Link- Youtube | Archived Screenshot

সৰহসংখ্যক প্ৰৱন্ধতে জনীয়ে সুৰা বিতৰণ কৰা সম্পৰ্কে দিয়া এটা ফেচবুক পোষ্ট প্ৰকাশ কৰা হৈছে। তেওঁৰ ফেচবুক পোষ্টটো পৰীক্ষা কৰি আমি গম পালো যে ২০১৯ চনৰ ২২চেপ্তেম্বৰত তেওঁ ফেচবুকত দিয়া পোষ্টটোত ভাইৰেল হোৱা এই ফটোখন তেওঁ প্ৰকাশ কৰিছিল।

FB.png

Original Link- Facebook | Archived Link

জনীয়ে বান বিধ্বস্ত এটা পথত এজন লোকক সুৰাৰ এটা পেকেট প্ৰদান কৰা এখন ফটোও পোষ্ট কৰিছিল।

আমি তদুপৰি ২০১৯ চনৰ ২৭ চেপ্তেম্বৰত প্ৰকাশিত এটা প্ৰৱন্ধও লাভ কৰিলো যত জনীয়ে স্বেচ্ছাসেৱক সকলক তেওঁৰ ফাৰ্মৰ পৰা সাহাৰ্য্য সমগ্ৰীসমুহ কঢ়িয়াই নিয়াৰ বাবে আহ্বান কৰা দেখা গৈছে।

article.png

Original Link- The Top Story

আমি কিছু প্ৰাসংগিত শব্দ লৈ গুগল চাৰ্ছ কৰি চালো যে সেই সময়ত সেই স্থানত বানৰ কোনো তথ্য লাভ কৰো নেকি আৰু আমি তেনেকুৱা বহুকেইটা লেখা পঢ়িবলৈ পালো।

ফলাফল

এইটো স্পষ্ট যে সুৰাৰ বটলৰ সেই ফটোখন পুৰণি আৰু তাৰ বিহাৰৰ নিৰ্বাচনৰ লগত কোনো সম্পৰ্ক নাই। কিন্তু এইটোও সত্য যে প্ৰাক-নিৰ্বাচনী বিহাৰত সংশ্লিষ্ট কৰ্তৃপক্ষই লাখ লাখ লিটাৰ সুৰা, বন্দুক আৰু ড্ৰাগছ জব্দ কৰিছে।

Avatar

Title:থাইলেণ্ডৰ বানাক্ৰান্তৰ বাবে সাজু কৰা সুৰাৰ বটল বিহাৰৰ নিৰ্বাচনী টোপ বুলি প্ৰচাৰ!

Fact Check By: Manjori Borkotoky

Result: False