এগৰাকী মহিলাৰ সৈতে ৰাহুল গান্ধীৰ এখন ফটো ভাইৰেল হৈছে ছ'চিয়েল মিডিয়াত য'ত দাবী কৰা হৈছে যে মহিলাগৰাকী ৰাহুল গান্ধীৰ পত্নী। তেওঁ এগৰাকী কলম্বিয়ান আৰু তেওঁলোকৰ দুটি সন্তান আছে যি লণ্ডনত থাকে। দাবীটোত উল্লেখ কৰা হৈছিল যে ৱিকিলিকছে ৰাহুল গান্ধীৰ বিবাহৰ তথ্য উন্মোচন কৰিছে। এই ফটোখন আমাৰ হোৱাটচ‌এপ নম্বৰলৈও (৯০৪৯০৫৩৭৭০) প্ৰেৰণ কৰা হৈছিল।

Archived Link.

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি আমাৰ অনুসন্ধান আৰম্ভ কৰিলোঁ ৰাহুল গান্ধীৰ বিবাহৰ বিষয়ে ৱিকিলিকছৰ পৰা তথ্য বিচাৰিবলৈ প্ৰাসংগিক কীৱৰ্ড ছাৰ্চ কৰি। কিন্তু তাৰ লগত জড়িত কোনো তথ্য বিচাৰি নাপালোঁ।

এইবাৰ আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু ২০১৭ চনৰ ২১ ছেপ্টেম্বৰত আজ টকত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত ভাইৰেল ফটোখন আছিল আৰু প্ৰতিবেদন অনুসৰি ৰাহুল গান্ধীৰ সৈতে দেখা মহিলাগৰাকী আছিল নাথালিয়া ৰামোছ, এগৰাকী স্পেনিছ অভিনেত্ৰী। ২০১৭ চনৰ ছেপ্টেম্বৰ মাহত ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ সময়তে নাথালিয়া ৰামোছে তেওঁক লগ পাইছিল আৰু ফটোখন তেওঁৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। নাথালিয়াৰ আমেৰিকাৰ নাগৰিকত্ব আছে। ব্ৰেটজ ছবিখনত ‘ইয়াছমিন’ৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে তেওঁ পৰিচিত।

Archived Link

ৰাহুল গান্ধীৰ আমেৰিকা ভ্ৰমণৰ বাতৰি ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

Archived Link 1

Archived Link 2

অভিনেত্ৰী নাথালিয়া ৰামোছে ২০১৭ চনত এই ছবিখন নিজৰ ফেচবুক, ইনষ্টাগ্ৰাম আৰু এক্স হেণ্ডলত পোষ্ট কৰিছিল।

Facebook Link

Instagram Link

X Link

২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৱায়ানাড সমষ্টিৰ পৰা দাখিল কৰা ৰাহুল গান্ধীৰ শপতনামা অনুসৰি "স্পাউছ"(জীৱনসংগী) শিতানত “প্ৰযোজ্য নহয়”(Not Applicable) বুলি উল্লেখ কৰা হৈছে।

Archived Link.

গতিকে স্পষ্ট হৈ পৰিল যে ফটোখনত ৰাহুল গান্ধীৰ সৈতে দেখা মহিলাগৰাকী কলম্বিয়ান নহয় আৰু তেওঁৰ পত্নীও নহয়। তেওঁ এগৰাকী স্পেনিছ অভিনেত্ৰী নাথালিয়া ৰামোছ।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ফটোখনত ৰাহুল গান্ধীৰ সৈতে দেখা পোৱা মহিলাগৰাকী তেওঁৰ পত্নী নহয়; বৰঞ্চ তেওঁ এগৰাকী স্পেনিছ অভিনেত্ৰী নাথালিয়া ৰামোছ, যিয়ে ২০১৭ চনত ৰাহুল গান্ধীক আমেৰিকা ভ্ৰমণৰ সময়ত লগ কৰিবলৈ আহিছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ফটোখনত ৰাহুল গান্ধীৰ সৈতে থকা মহিলাগৰাকী কোন?

Fact Check By: Debanjana Baishya

Result: False