
টাইটানিক জাহাজৰ শতিকা পুৰণি ধ্বংসাৱশেষ চাবলৈ যাত্ৰা কৰা পাঁচজন লোকক কঢ়িয়াই নিয়া ছাবমেৰিন ‘টাইটান’ ‘কেটাষ্ট্ৰফিক ইমপ্লোজন’ (বিপৰ্যয়জনক বিস্ফোৰণ)ৰ ফলত ভাঙি টুকুৰা টুকুৰ হোৱাত ছাবমেৰিনখনত থকা কেওজন যাত্ৰীৰ মৃত্যু হৈছিল।বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে আমেৰিকাৰ ক’ষ্ট গাৰ্ডে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ কোম্পানী অ’চেন গেট এক্সপেডিচনে পৰিচালনা কৰা টাইটান জাহাজখন দেওবাৰে পুৱা (১৮ জুন) পৃষ্ঠ সমৰ্থন জাহাজৰ সৈতে যোগাযোগ হেৰুৱাৰ পৰাই নিৰুদ্দেশ হৈছিল।
ইয়াৰ পিছতে টাইটান ছাবমেৰিনৰ ধ্বংসাৱশেষ বুলি এখন ফটো চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত দেখা গৈছে যে কিছুমান জোতা আৰু অন্যান্য সামগ্ৰী সাগৰতলীৰ বালিত কিছু পোত খাই আছে। এই ফটোখন টাইটান ছাবমেৰিনৰ ধ্বংসাৱশেষ বুলি দাবী কৰি হোৱাটচএপত শ্বেয়াৰ কৰা হৈছে।

একেখন ফটো টুইটাৰতো শ্বেয়াৰ কৰা হৈছে।
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি আমি ২০২০ চনৰ অক্টোবৰ মাহৰ ৩০ তাৰিখে “দ্য ইণ্ডিপেণ্ডেন্ট“ত প্ৰকাশিত “টাইটানিকত ৰেডিঅ’ উদ্ধাৰ কৰাৰ পৰিকল্পনাই ইয়াত এতিয়াও মানুহৰ অৱশিষ্ট আছে নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে” শীৰ্ষক এটা প্ৰবন্ধ পালোঁ য’ত সংলগ্ন ফটোখন আছিল ভাইৰেল ফটোখনৰ সৈতে সাইলাখ একেই।

ইয়াৰদ্বাৰা নিশ্চিতভাৱে ক’ব পাৰি যে ভাইৰেল ফটোখন টাইটান ছাবমেৰিনৰ ধ্বংসাৱশেষ নহয়।
একেটা বাতৰি আমি Phys.org ৱেবচাইটতো পালোঁ।

পুনৰ কীৱ’ৰ্ড চাৰ্চ কৰি আমি দেখিলোঁ যে ফটোখন ইউনিভাৰ্চিটি অৱ ৰোড আইলেণ্ডৰ ইনষ্টিটিউট ফৰ এক্সপ্ল’ৰেচন এণ্ড চেণ্টাৰ ফৰ আৰ্কিঅ’লজিকেল অ’চেন’গ্ৰাফী আৰু নেশ্যনেল অ’চেনিক এণ্ড এটম’স্ফেৰিক এডমিনিষ্ট্ৰেচনৰ অফিচ অৱ অ’চেন এক্সপ্ল’ৰেশ্যনে ২০০৪ চনত এছ’চিয়েটেড প্ৰেছ ৱেবছাইটৰ ত দিছিল।
ভাইৰেল ছবিখনৰ সন্দৰ্ভত অধিক তথ্য লাভ কৰিবলৈ আমাৰ শ্ৰীলংকাৰ টীমে ই-মেইলযোগে আমেৰিকাৰ উপকূলৰক্ষী বিভাগৰ সৈতে যোগাযোগ কৰে আৰু তেওঁলোকে নিশ্চিত কৰে যে “ইউনিফাইড কমাণ্ডে ধ্বংসাৱশেষৰ কোনো ফটো বা ভিডিঅ’ প্ৰকাশ কৰা নাই। আমাৰ অফিচিয়েল প্ৰেছ ৰিলিজ বা আমাৰ ছ’চিয়েল মিডিয়াৰ পৰা প্ৰকাশ নোপোৱালৈকে এই ফটোবোৰ নিশ্চিত নহয়।”
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ফটোখন টাইটান ছাবমেৰিনৰ ধ্বংসাৱশেষৰ নহয়, সেয়া টাইটানিক জাহাজৰ ধ্বংসাৱশেষহে হয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
