শেহতীয়াকৈ এখন বিশেষ ফটো চ'চিয়েল মেডিয়াত ভাইৰেল হোৱা দেখা গৈছে। ফটোখনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী আৰু আন দুজন ব্যক্তি আছে। দাবী কৰা হৈছে যে সেই ব্যক্তি দুগৰাকী হ'ল ক্ৰমে ইন্দিৰা গান্ধীৰ শহুৰ ইউনুছ খান আৰু পতি ফিৰোজ খান।

ফেচবুকত এই ফটোখন শ্বেয়াৰ কৰি কেপশ্বন লিখা হৈছে এইদৰে -বহুত কষ্ট কৰি পাইছো এইখন ফটো৷ ফটোত নেহৰু, ইন্দিৰা, ইন্দিৰাৰ শহুৰ ইউনুছ খান আৰু ইন্দিৰাৰ পতি ফিৰোজ খান৷

আলুৰ পৰা সোণ বনোৱা মেচিন বাদ দিয়ক, এইটো কি মেচিন যিটোত খান ভৰাই দিলে গান্ধী হৈ ওলাই আহে"।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ফটোখন ৰিভাৰ্চ ইমেজ চাৰ্চ কৰিলোঁ আৰু কিছু তথ্য পালোঁ।

আমি প্ৰথমে swarajyamag নামৰ এটা ৱেবছাইটত এটা প্ৰবন্ধ পালোঁ য'ত ৰাছিয়াৰ শিল্পকলাৰ প্ৰসাৰত ভাৰতৰ প্ৰভাৱৰ বিষয়ে লিখা হৈছিল। এই লেখাটোত আমি ভাইৰেল ফটোখনৰ সৈতে সাইলাখ একেই ফটো এখন পালোঁ। তাত ফটোত থকা ব্যক্তিকেইজনৰ নাম উল্লেখ কৰা আছিল। এই লেখা অনুসৰি ফটোখনত পণ্ডিত জৱাহৰলাল নেহৰু, ইন্দিৰা গান্ধী, নিকোলাছ ৰ’ৰিচ আৰু মহম্মদ ইউনুছক দেখা গৈছে।

নিকোলাছ ৰ'ৰিচ আছিল এজন বিখ্যাত ৰাছিয়ান শিল্পী।

তদুপৰি শ্বটোশ্লেভ ৰ'ৰিচ নামৰ কিতাপখনত আন এখন ফটো আমি পালোঁ য'ত একেবাৰে সোঁফালে থকা ব্যক্তিজনৰ নাম মহম্মদ ইউনুছ বুলি উল্লেখ কৰা হৈছে।

মহম্মদ ইউনুছ কোন আছিল?

গুগলত এই নামটো চাৰ্চ কৰি আমি পালোঁ যে মহম্মদ ইউনুছ খান আছিল ভাৰতীয় বিদেশ সেৱাৰ সদস্য। তেওঁ তুৰস্ক, ইণ্ডোনেছিয়া, ইৰাক আৰু স্পেইনত ভাৰতৰ ৰাষ্ট্ৰদূত আছিল। তেওঁৰ জন্ম হৈছিল ১৯১৬ চনৰ ২৬ জুনত আৰু মৃত্যু হৈছিল ২০০১ চনৰ ১৭ জুনত। তেওঁৰ মৃত্যুৰ পিছত ট্ৰিবিউন ইণ্ডিয়াত এক বাতৰি প্ৰকাশ পাইছিল য'ত উল্লেখ কৰা হৈছিল যে মহম্মদ ইউনুছ আছিল ভাৰতৰ এজন কূটনীতিবিদ আৰু কলেজত থকা সময়ত জৱাহৰলাল নেহৰুক লগ পাইছিল।

এই বিষয়ে ইয়াতো পঢ়িব পাৰিব।

ফিৰোজ গান্ধী নে ফিৰোজ খান?

ফিৰোজ গান্ধীৰ বিষয়ে প্ৰায়ে কোৱা হয় যে তেওঁৰ প্ৰকৃত নাম ফিৰোজ খান। আমি বিচাৰি থাকোঁতে গম পালোঁ যে ফিৰোজ গান্ধীৰ জন্ম হৈছিল ১৯১২ চনৰ ১২ ছেপ্টেম্বৰত মুম্বাইৰ তেহমুলজী নৰিমা চিকিৎসালয়ত। ফিৰোজ পাৰ্চী সম্প্ৰদায়ৰ আছিল। তেওঁৰ সম্পূৰ্ণ নাম আছিল ফিৰোজ জেহাংগীৰ গাণ্ডী, গান্ধীজীৰ স্বাধীনতা আন্দোলনত যোগদান কৰাৰ পিছত তেওঁ গাণ্ডীৰ সলনি গান্ধী কৰিছিল।

সঞ্জয় গান্ধীৰ মৃত্যুৰ পিছত মনেকা গান্ধীয়ে ইন্দিৰা গান্ধীক সম্পত্তিৰ অংশ দিবলৈ অস্বীকাৰ কৰিছিল, কাৰণ ইন্দিৰা গান্ধীৰ বিবাহ হৈছিল সংখ্যালঘু পাৰ্চী সম্প্ৰদায়ৰ ফিৰোজ গান্ধীৰ সৈতে। এই সম্পৰ্কে ১৯৮৪ চনৰ ২ মে'ত নিউয়ৰ্ক টাইমছে বাতৰি প্ৰকাশ কৰিছিল।

Archived Link

এই তথ্যসমূহৰ পৰা আমি ক'ব পাৰোঁ যে-

ফটোখনত দেখা চতুৰ্থজন ব্যক্তি হৈছে ভাৰতীয় কূটনীতিবিদ মহম্মদ ইউনুছ খান।

ফিৰোজ গান্ধী আছিল পাৰ্চী, মুছলমান নহয় আৰু স্বাধীনতা আন্দোলনৰ আগতে তেওঁৰ উপাধি ‘গাণ্ডী’ আছিল।

ফিৰোজ গান্ধীৰ পিতৃৰ নাম আছিল জাহাংগীৰ ফেৰিদুন গাণ্ডী।

মহম্মদ ইউনুছ খান (জন্ম – ১৯১৬) ফিৰোজ গান্ধী (জন্ম – ১৯১২)তকৈ ৪ বছৰ সৰু আছিল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোখনৰ সৈতে কৰা দাবীটো মিছা। ফটোখনত জৱাহৰলাল নেহৰু আৰু ইন্দিৰা গান্ধীৰ লগত থকা ব্যক্তি দুগৰাকী হ'ল ক্ৰমে নিকোলাছ ৰ'ৰিচ আৰু মহম্মদ ইউনুছ খান আৰু তেওঁলোক ইন্দিৰা গান্ধীৰ পৰিয়ালৰ নহয়। তদুপৰি ইন্দিৰা গান্ধীৰ পতি ফিৰোজ গান্ধী মুছলমান নহয় বৰং পাৰ্চীহে আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোখনত থকা ব্যক্তি দুগৰাকী ইন্দিৰা গান্ধীৰ শহুৰ আৰু পতি নহয়।

Written By: FactCrescendo Assamese

Result: False