অহা ২২ জানুৱাৰীৰপৰা ভাৰতত নতুন ৫০০ টকীয়া নোটৰ প্ৰচলন হ'ব বুলি শেহতীয়াকৈ চ'চিয়েল মেডিয়াত বহু পোষ্ট ভাইৰেল হৈছে। ভাইৰেল পোষ্টত আছে ৫০০ টকীয়া নোটৰ ফটো। সেই ৫০০ টকীয়া নোটৰ সমুখৰফালে আছে শ্ৰীৰামচন্দ্ৰৰ ফটো আৰু পিছফালে আছে ৰাম মন্দিৰৰ ফটো।

এনেধৰণৰ পোষ্ট আমি ফেচবুকতো পালোঁ।

Facebook Link | Archived Link

এনেধৰণৰ পোষ্ট ইয়াতো চাব পাৰিব। Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ চাৰ্চ কৰি কিছু তথ্য পালোঁ। 'wHatNext' নামৰ টুইটাৰ একাউণ্ট এটাৰ পৰা কৰা এটা টুইট আমি পালোঁ য'ত লিখা হৈছিল যে ভাইৰেল ফটোখন সেই টুইটাৰ একাউণ্টৰ গৰাকীজনৰ সৃষ্টি। ভাইৰেল ফটোখন শ্বেয়াৰ কৰি তেওঁ টুইট কৰিছে এইদৰে,"Someone has misused my creative work to spread misinformation on Twitter. I want to clarify that I do not support or own any of the misinformation they have attributed to my work. It's important to me that my creativity is not misrepresented in any way. #misinformation #creativity'।

Archived Link

তদুপৰি আমি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অফিচিয়েল ৱেবছাইটত ৫০০ টকীয়া নোট সম্পৰ্কে তথ্য বিচাৰিলোঁ আৰু তেতিয়া তেতিয়া দেখিলোঁ যে ৱেবছাইটত নমুনা হিচাপে থকা ৫০০টকীয়া নোটৰ সমুখৰফালে এতিয়াও মহাত্মা গান্ধীৰ ছবি আৰু পিছফালে লালকিল্লাৰ ছবিয়েই আছে। ভাইৰেল পোষ্টটোত দাবী কৰাৰ নিচিনাকৈ তাত শ্ৰীৰামচন্দ্ৰ আৰু ৰাম মন্দিৰৰ ফটো নাই।

এই সম্পৰ্কে আমি কৰা আন এটা ফেক্ট চেক ইয়াত পঢ়িব পাৰিব।

সবিশেষ জানিবলৈ আমি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিলোঁ। তাৰ বিষয়াগৰাকীয়ে কয় যে এয়া সম্পূৰ্ণ ভুৱা। অধিক স্পষ্টীকৰণ পাবলৈ তেওঁ আমাক বেংকৰ মুম্বাইস্থিত মুখ্য কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিবলৈ ক'লে। ইয়াৰ পিছত আমি ভাৰতীয় ৰিজাৰ্ভ বেংকৰ মুম্বাইত থকা মুখ্য কাৰ্যালয়ত থকা মুদ্ৰা ব্যৱস্থাপনা বিভাগৰ সৈতে যোগাযোগ কৰিলোঁ ৷ তাৰ পৰা বিষয়াগৰাকীয়ে আমাক এনেদৰে জনাইছে- “শ্ৰীৰামচন্দ্ৰ বা অযোধ্যাৰ ছবি থকা ৫০০ টকীয়া বা আন কোনো নোট আৰ বি আইয়ে এতিয়াও মুকলি কৰা নাই। এয়া মিছা অপপ্ৰচাৰ।”

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। ভাৰত চৰকাৰে অহা ২২ জানুৱাৰীৰপৰা নতুন ৫০০ টকীয়া নোটৰ প্ৰচলন কৰিব বুলি কোনো ঘোষণা বৰ্তমানলৈকে কৰা নাই। ৫০০ টকীয়া নোটত এতিয়াও মহাত্মা গান্ধী আৰু লালকিল্লাৰ ছবিয়েই আছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:অহা ২২ জানুৱাৰীৰ পৰা ভাৰতত নতুন ৫০০ টকীয়া নোটৰ প্ৰচলন হ'ব নেকি?

Written By: FactCrescendo Assamese

Result: False