শেহতীয়াকৈ অসম পাৱাৰ ডিষ্ট্ৰিবিউশ্বন কোম্পানী লিমিটেডৰ পৰা বিল পৰিশোধ নকৰা আৰু সেইবাবে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হ'ব বুলি এটা টেক্সট মেচেজ অসমৰ বহু গ্ৰাহকে লাভ কৰিছে। মেচেজটোত এটা ফোন নম্বৰ উল্লেখ কৰা হৈছে আৰু অতি শীঘ্ৰে সেই নম্বৰটোত ফোন কৰিবলৈ কোৱা হৈছে।

Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

ফ'ৰৱাৰ্ড হোৱা মেচেজটোৰ সত্যাসত্য জানিবলৈ আমি প্ৰথমে অসম পাৱাৰ ডিষ্ট্ৰিবিউশ্বন কোম্পানী লিমিটেডৰ ফেচবুক পেজত তথ্য বিচাৰি এটা পোষ্ট পালোঁ। এ পি ডি চি এলৰ তৰফৰ পৰা গ্ৰাহক সকলক এনে মেচেজ পঠিওৱা হোৱা নাই আৰু এনে ধৰণৰ ভুৱা মেচেজত ভোল নাযাবলৈ পোষ্টটোত উল্লেখ কৰা হৈছিল।

Facebook Link | Archived Link

এই সম্পৰ্কত আৰু অধিক নিশ্চিত তথ্য লাভ কৰাৰ বাবে আমি অসম শক্তি বিতৰণ কোম্পানীৰ জন সম্পৰ্কৰক্ষী বিষয়া প্ৰীয়ম দত্তৰ সৈতে কথা পাতিছিলোঁ। তেখেতে কয়,যে এপিডিচিএলৰ তেনেকুৱা কোনো ব্যৱস্থা নাই। বিদ্যুতৰ সেৱা কৰ্তন নিৰ্ভৰ কৰে নিৰ্ধাৰিত বিল পৰিশোধৰ ওপৰত। তদুপৰি বৰ্তমান প্ৰীপেইড আৰু স্মাৰ্ট মিটাৰৰ ব্যৱস্থাই সেই সেৱাক আৰু অধিক ভিন্ন কৰিছে। এইধৰণৰ ভুৱা খবৰক বিশ্বাস নকৰিবলৈ জনসাধাৰণক আহ্বান জনায় দত্তই।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে বাৰ্তাটো ভুৱা আৰু ই এটা স্কেম হয়। ইয়াক এপিডিচিএলে প্ৰেৰণ কৰা নাই। বাৰ্তাটোত থকা নম্বৰটো ট্ৰুকলাৰত স্পেম হিচাপে চিহ্নিত কৰা হৈছে আৰু সেয়েহে নম্বৰটোৰ সৈতে যোগাযোগ নকৰাটো ভাল ।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:বিল পৰিশোধ নকৰিলে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰা হ'ব বুলি এই বাৰ্তাটো এ পি ডি চি এলৰ তৰফৰ পৰা পঠিওৱা হোৱা নাই।

Written By: Debanjana Baishya

Result: False