
যোৱা ২৯ মাৰ্চ ২০২৩ত TIME8 নামৰ অসমৰ এটা ডিজিটেল সংবাদ প্ৰতিস্থানে বিয়লি ৩ বাজি ২৪ মিনিটত নিজৰ ফেচবুক পেজত এই দাবীৰে এটা বাতৰি সম্প্ৰচাৰ কৰিছিল যে ১ এপ্ৰিল ২০২৩ৰ পৰা গুগলপে’, ফোনপে’, পে’টিএম আদিৰে ইউপিআই লেনদেন কৰা সকলো গ্ৰাহকে অতিৰিক্ত কৰ প্ৰদান কৰিব লাগিব। ভিডিঅ’ ৰূপত সম্প্ৰচাৰ কৰা বাতৰিটোত কোৱা হৈছে যে সকলো গ্ৰাহকে কৰ দিব লাগিব ১ এপ্ৰিলৰ পৰা।
তদুপৰি TIME8 নামৰ সংবাদ প্ৰতিস্থানটোৱেই ২৯ মাৰ্চ ২০২৩ৰ দিনৰ ১২ বাজি ২৫ মিনিটতো তেওঁলোকৰ ফেচবুক পেজটোত এখন ফটো আপলোড কৰিছিল। য’ত অনুৰূপ ধৰণে দাবী কৰা হৈছিল যে গুগলপে’, ফোনপে’, পে’টিএম আদি ব্যৱহাৰ কৰা সকলে কৰ দিব লাগিব।
অনুৰূপ ধৰণে অসমৰ আন এক সংবাদ প্ৰতিস্থান অসমীয়া প্ৰতিদিনে তেওঁলোকৰ ফেচবুক পেজত ২৯ মাৰ্চ ২০২৩ত দিনৰ ১১বাজি ৮৪ মিনিটত এখন ফটো আপলোড কৰি দাবী কৰিছিল যে “গুগলপে’, ফোনপে’ আদি ব্যৱহাৰকাৰীৰ বাবে বেয়া খবৰ। ২ হাজাৰৰ অধিক টকাৰ লেনদেন কৰিলে ভৰিব লাগিব মাচুল।”

সেইধৰণৰ দাবী উত্থাপন কৰি একাংশই শ্বেয়াৰচেট আদি সামাজিক মাধ্যমতো কিছুমান ফটো ভাইৰেল কৰা দেখা গৈছিল। সেই ফটোতো উল্লেখ কৰা হৈছিল যে ১ এপ্ৰিলৰ পৰা ব্যয়বহুল হ’ব UPIৰ লেনদেন, ২হাজাৰৰ ওপৰত অধিক লেনদেন কৰিলে ভৰিব লাগিব মাচুল।

কিন্তু এই দাবী কিমান সত্য?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপনৰ সিদ্ধান্ত গ্ৰহন কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে TIME8ৰ ফেচবুক পেজৰ ভিডিঅ’ বাতৰিটো আৰু ফটো সম্বলিত পোষ্টটো ভালকৈ পৰীক্ষা কৰিলোঁ। তাত এই সম্পৰ্কে সংশ্লিষ্ট কৰ্তৃপক্ষৰ নিৰ্দেশনাৰ বিস্তাৰিত কোনো তথ্য লাভ নকৰিলোঁ। প্ৰকৃততে নো সত্যটো কি সেই সম্পৰ্কে কোনো নিৰ্ভৰযোগ্য প্ৰতিস্থানৰ কোনো বাতৰি বা তেনেকুৱা তথ্য লাভ কৰোঁ নে নাই, সেয়া চোৱাৰ বাবে আমি গুগলত প্ৰাসংগিক কী-ৱৰ্ড চাৰ্ছ কৰি INDIA TODAYৰ এটা লেখা লাভ কৰিলোঁ। য’ত উল্লেখ কৰা হৈছিল যে ইউপিআই লেনদেনৰ ক্ষেত্ৰত ৱালেট(Wallet)ৰ লেনদেনত আদান-প্ৰদান মাচুল দিব লাগিব, কিন্তু আন সকলো লেনদেন এতিয়াও বিনামূলীয়া হৈয়ে আছে। লেখাটো ইয়াতে পঢ়িব পাৰিব।
লেখাটোত এই কথা উল্লেখ কৰা হৈছিল যে প্ৰথম অৱস্থাত তেওঁলোকে প্ৰকাশ কৰা “UPI transactions of more than Rs 2,000 to be charged at 1.1 per cent starting April 1, all details” শীৰ্ষক বাতৰিটোত সকলো লেনদেনতেই ২০০০ টকাৰ ওপৰত ১.১ শতাংশ মাচুল ১ এপ্ৰিলৰ পৰা ভৰিব লাগিব বুলি উল্লেখ কৰা হৈছিল যদিও পৰৱৰ্তী সময়ত NATIONAL PAYMENT CORPORATION OF INDIA চমূকৈ NPCIএ তেওঁলোকৰ ৱেবচাইটত এক প্ৰেছ বিবৃতিযোগে এই বিষয়ে বিশদভাৱে উল্লেখ কৰিছে যে Prepaid Payment Instruments (PPI Wallet) ৰ লেনদেনৰ ক্ষেত্ৰতহে এই মাচুলৰ ব্যৱস্থা কৰা হৈছে। এই নিয়ম গ্ৰাহকৰ বাবে নহয়।

ইয়াৰ পাছত আমি NATIONAL PAYMENT CORPORATION OF INDIA চমূকৈ NPCIৰ ৱেবচাইটটোত সেই প্ৰেছ বিবৃতিটো বিচাৰি চালোঁ। আমি সেই প্ৰেছ বিবৃতিটোত ওপৰোক্ত বাতৰিটোত উল্লেখ কৰা ধৰণে সেই কথা উল্লেখ কৰা দেখা পালোঁ।

NATIONAL PAYMENT CORPORATION OF INDIA চমূকৈ NPCIয়ে স্পষ্টভাৱে উল্লেখ কৰিছে যে ইউপিআই (UPI) লেনদেন বিনামূলীয়া, ক্ষীপ্ৰ, নিৰাপদ আৰু যটিহীন। ইউপিআইৰ সকলো লেনদেনত ১.১% আদান-প্ৰদান মাচুল লোৱা নহ’ব। NPCIয়ে স্পষ্ট কৰি দিছে যে পিপিআই (PPI) (ৱালেট, ক্ৰেডিট কাৰ্ড আদি) ব্যৱহাৰ কৰি কৰা ব্যৱসায়ীক লেনদেনৰ বাবেহে আদান-প্ৰদান মাচুল লোৱা হ’ব। এই লেনদেনসমূহ ইউপিআই ব্যৱহাৰ কৰি কৰা মুঠ লেনদেনৰ মাত্ৰ ০.১%। বাকী ৯৯.৯% লেনদেন বিনামূলীয়া।
এই বিষয়ে সকলো তথ্য একত্ৰ কৰি সত্যতা নিৰূপন কৰা আমাৰ ফেক্ট ক্ৰেছেণ্ডো ইংৰাজীৰ লেখাটোত PPI ৱালেটৰ পৰা আৰম্ভ কৰি NPCIএ উল্লেখ কৰা সকলো নিৰ্দেশনা সবিস্তাৰে বৰ্ণনা কৰা হৈছে। সেই সত্যতা নিৰূপক লেখাটো ইয়াতে পঢ়িব পাৰে।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ‘TIME8’, ‘অসমীয়া প্ৰতিদিন’ আদি অসমৰ সংবাদ প্ৰতিস্থানে দাবী কৰা ধৰণে সকলো গ্ৰাহকে ১ এপ্ৰিলৰ পৰা মাচুল ভৰিব লাগিব বুলি কৰা প্ৰচাৰটো ভূৱা। NPCIএ উল্লেখ কৰিছে যে ইউপিআই লেনদেন বিনামূলীয়া, ক্ষীপ্ৰ, নিৰাপদ আৰু যটিহীন। সাধাৰণ গ্ৰাহকে অতিৰিক্ত কৰ বা মাচুল ভৰিব নালাগে। ইউপিআইৰ সকলো লেনদেনত ১.১% আদান-প্ৰদান মাচুল লোৱা নহ’ব। এনচিপিআই(NPCI)য়ে স্পষ্ট কৰি দিছে যে পিপিআই (PPI) (ৱালেট, ক্ৰেডিট কাৰ্ড আদি) ব্যৱহাৰ কৰি কৰা ব্যৱসায়ীক লেনদেনৰ বাবেহে আদান-প্ৰদান মাচুল লোৱা হ’ব। এই লেনদেনসমূহ ইউপিআই ব্যৱহাৰ কৰি কৰা মুঠ লেনদেনৰ মাত্ৰ ০.১%। বাকী ৯৯.৯% ইউপিআইৰ জৰিয়তে এটা বেংক একাউণ্টৰ বাবে আন এটা বেংক একাউণ্টলৈ কৰা লেনদেন বিনামূলীয়া। গতিকে এই দাবী বিভ্ৰান্তিমূলক।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:সঁচাকৈয়ে ১ এপ্ৰিলৰ পৰা সকলো ধৰণৰ UPI লেনদেনত গ্ৰাহকে কৰ দিব লাগিব নেকি?
Fact Check By: Pranjal SharmaResult: Misleading
