১৪ আগষ্টত বিশ্ব স্বাস্থ্য সংস্থাই (WHO) মাংকিপ’ক্সৰ(Mpox) প্ৰাদুৰ্ভাৱক আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰ জনস্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা(Public Health Emergency of International Concern (PHEIC)) বুলি ঘোষণা কৰে।

২০২৩ চনৰ জানুৱাৰী মাহৰ পৰা কংগো ডেম’ক্ৰেটিক ৰিপাব্লিকত (ডি আৰ চি) ২২ হাজাৰতকৈ অধিক সন্দেহযুক্ত এমপ’ক্স ৰোগী আৰু ১২০০ৰো অধিক লোকৰ মৃত্যু হৈছে।

ডি আৰ চিৰ উপৰিও চুবুৰীয়া দেশ বুৰুণ্ডি, চেণ্ট্ৰেল আফ্ৰিকান ৰিপাব্লিক, ৰিপাব্লিক অৱ কংগো, ৰুৱাণ্ডা, উগাণ্ডা আদি দেশতো এই ভাইৰাছ বিয়পি পৰিছে। ইয়াৰে কিছুমানৰ ডি আৰ চিৰ সৈতে সংযোগ আছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান ডাঃ টেড্ৰ’ছ আধানম গেব্ৰেইছাছে কয় যে, “এমপ’ক্সৰ নতুন ক্লেডৰ উত্থান, পূব ডি আৰ চিত ইয়াৰ দ্ৰুত বিস্তাৰ, আৰু কেইবাখনো চুবুৰীয়া দেশত এই ৰোগত আক্ৰান্ত হোৱাৰ বাতৰি পোৱাটো অতি চিন্তনীয়।

ভাৰতলৈ কোনো তাৎক্ষণিক ভাবুকি নাই

ভাৰতৰ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে এমপ’ক্সৰ বৃহৎ পৰিসৰৰ প্ৰাদুৰ্ভাৱৰ সম্ভাৱনাক নুই কৰিছে।

স্বাস্থ্য সেৱাৰ সঞ্চালক প্ৰধান তথা নেশ্যনেল চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰ’লৰ সঞ্চালক ডাঃ অতুল গোৱেলৰ মতে বৰ্তমান এই বিপদ কম হৈ আছে আৰু তাৎক্ষণিকভাৱে আতংকৰ কোনো কাৰণ নাই।

ডাঃ গোৱেলে কয় যে আতংকিত হোৱাৰ কোনো কাৰণ নাই, বহু ৰোগী হ’ব বুলি আমি নাভাবোঁ।

২০২২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত পূৰ্বৰ সংক্ৰমণৰ সময়ত ভাৰতত এমপ’ক্স ৰোগত আক্ৰান্ত হোৱাৰ ৩০টা তথ্য পোৱা গৈছে। ইয়াৰ ভিতৰত ১২ জন লোক বিদেশৰ পৰা আহিছিল আৰু বাকীসকলো ভাৰতত বাস কৰি থকা বিদেশী লোকৰপৰা আহিছিল। এমপ'ক্সৰ ৰ শেষৰটো ঘটনা ২০২৪ চনৰ মাৰ্চ মাহত হৈছিল।

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী জে পি নাড্ডাই কয়, ‘ভাৰতত এতিয়ালৈকে এমপ’ক্সৰ কোনো ৰোগী ধৰা পৰা নাই। ভাৰত চৰকাৰে এই ৰোগৰ সম্ভাৱ্য সংক্ৰমণ প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণৰ বাবে সক্ৰিয় ব্যৱস্থা গ্ৰহণ কৰিছে। আমি পৰিস্থিতি নিবিড়ভাৱে নিৰীক্ষণ কৰি আছো আৰু জনস্বাস্থ্য ৰক্ষাৰ বাবে সম্পূৰ্ণৰূপে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছো।”

বিজনেছ ষ্টেণ্ডাৰ্ডে প্ৰকাশ কৰা অনুসৰি ভাৰত চৰকাৰে বিমানবন্দৰ, জাহাজবন্দৰ, আৰু সীমান্ত কৰ্তৃপক্ষক বিশ্বজুৰি এমপ’ক্সৰ সংখ্যা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সজাগ হৈ থাকিবলৈ নিৰ্দেশ দিছে।

খবৰ অনুসৰি চফদাৰজং, ৰাম মনোহৰ লোহিয়া, লেডী হাৰ্ডিংগৰ দৰে কেন্দ্ৰীয় চিকিৎসালয়ত সন্দেহযুক্ত এমপ’ক্স ৰোগীক পৃথক কৰাৰ সুবিধা থাকিব।

এমপ'ক্স কি?

এমপ'ক্স হৈছে এমপ'ক্স ভাইৰাছৰ দ্বাৰা হোৱা ভাইৰাছজনিত ৰোগ, যিটো অৰ্থ'পক্স প্ৰজাতিৰ অন্তৰ্গত, য'ত স্মলপ'ক্সো অন্তৰ্ভুক্ত।

নামটো যদিও মাংকিপ'ক্স, ইয়াৰ বান্দৰৰ সৈতে প্ৰত্যক্ষ সম্পৰ্ক নাই; ১৯৫৮ চনত পৰীক্ষাগাৰৰ বান্দৰত এই ভাইৰাছটো প্ৰথম চিনাক্ত কৰা হৈছিল, যাৰ বাবে ইয়াক এই নামটো দিয়া হ'ল।

বিজ্ঞানীসকলে সন্দেহ কৰিছে যে আফ্ৰিকান ৰোডেন্ট আৰু ন'ন হিউমেন প্ৰাইমেটে (বান্দৰৰ দৰে) এই ভাইৰাছক আশ্ৰয় দি মানুহক সংক্ৰমিত কৰিব পাৰে।

১৯৭০ চনত কংগো গণতান্ত্ৰিক ৰিপাব্লিক (ডি আৰ চি)ত প্ৰথম মানৱ ৰোগৰ নথিভুক্ত কৰা হৈছিল।

চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন (CDC)ৰ মতে, এমপ'ক্স দুবিধ: ক্লেড I আৰু ক্লেড II। দুয়োটা ক্লেড সংক্ৰমিত বন্যপ্ৰাণীৰ সৈতে প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তে, এমপ'ক্সত আক্ৰান্ত ৰোগীৰ সৈতে ঘনিষ্ঠ সংস্পৰ্শৰ জৰিয়তে আৰু দূষিত পদাৰ্থৰ সংস্পৰ্শৰ জৰিয়তে বিয়পিব পাৰে।

সাধাৰণতে ক্লেড I ৰ ফলত হোৱা এমপ'ক্স ৰোগীৰ গুৰুতৰভাৱে অসুস্থ বা মৃত্যু হোৱাৰ সম্ভাৱনা বেছি।

ডি আৰ চিত এই প্ৰাদুৰ্ভাৱৰ লগত মূলতঃ এমপ’ক্স ভাইৰাছৰ ক্লেড I জড়িত হৈ আছে। যদিও DRC ত ক্লেড I এমপ'ক্স নিয়মিতভাৱে দেখা যায়, বৰ্তমানৰ প্ৰাদুৰ্ভাৱ পূৰ্বৰ যিকোনো DRC প্ৰাদুৰ্ভাৱতকৈ অধিক ব্যাপক।

মূল প্ৰাদুৰ্ভাৱ

ঐতিহাসিকভাৱে এমপ'ক্স বহুলাংশে মধ্য আৰু পশ্চিম আফ্ৰিকাতে সীমিত, মাজে মাজে অৱশ্যে বিশ্বৰ অন্যান্য ঠাইত ইয়াৰ প্ৰাদুৰ্ভাৱ ঘটিছে।

২০০৩ চনত আমেৰিকাত আমদানিকৃত পোহনীয়া প্ৰেইৰী কুকুৰৰ সৈতে জড়িত প্ৰথমটো উল্লেখযোগ্য প্ৰাদুৰ্ভাৱ ঘটিছিল।

এই প্ৰাদুৰ্ভাৱত এমপ'ক্স ৰোগত আক্ৰান্ত ৪৭ জন লোক পোহনীয়া প্ৰেইৰী কুকুৰৰ সংস্পৰ্শলৈ অহাৰ পিছত অসুস্থ হৈ পৰে। ঘানাৰ পৰা আমদানি কৰা ক্ষুদ্ৰ স্তন্যপায়ী প্ৰাণীৰ ওচৰত ৰখাৰ পিছত পোহনীয়া জন্তুবোৰ আক্ৰান্ত হয়।

কিন্তু ২০২২ চনতহে এমপ’ক্সে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ব্যাপক চৰ্চা লাভ কৰিছিল, কিয়নো ই একাধিক মহাদেশত দ্ৰুতগতিত বিয়পি পৰিছিল।

২০২২ চনৰ মে’ মাহত বিশ্বজুৰি ৰোগীৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰে, যাৰ ফলত বিশ্ব স্বাস্থ্য সংস্থাই ২০২২ চনৰ জুলাই মাহত এমপ’ক্সক আন্তঃৰাষ্ট্ৰীয় গুৰুত্বৰ জনস্বাস্থ্যজনিত জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰে।

চিডিচিৰ মতে, ২০২২ চনত ক্লেড IIb এমপ'ক্সৰ বিশ্বব্যাপী প্ৰাদুৰ্ভাৱৰ ফলত ১১৫খন ন'ন-এণ্ডেমিক দেশত ৯৫,০০০ৰো অধিক লোকৰ সংক্ৰমণ ঘটিছিল আৰু আমেৰিকাত এই ৰোগ অব্যাহত আছে।

২০২৪ চনত আফ্ৰিকান ইউনিয়ন (AU)ৰ ১৩খন সদস্য দেশৰ পৰা ১৭,৫৪১ জন আক্ৰান্ত আৰু ৫১৭ জন লোকৰ মৃত্যু হৈছে। আফ্ৰিকা চেণ্টাৰ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচনে লক্ষ্য কৰিছিল যে ২০২৩ চনৰ তুলনাত সংক্ৰমণৰ সংখ্যা ১৬০% বেছি, চলিত মাহৰ আৰম্ভণিতে।

বিশ্ব স্বাস্থ্য সংস্থা কমিটীৰ অধ্যক্ষ অধ্যাপক ডিমি অগ’ইনাই কয় যে, “আফ্ৰিকাৰ পৰা উৎপত্তি হোৱা এমপক্স তাত অৱহেলিত হৈছিল, আৰু পিছলৈ ২০২২ চনত বিশ্বজুৰি এই ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছিল। ইতিহাসৰ পুনৰাবৃত্তি ৰোধ কৰিবলৈ নিৰ্ণায়কভাৱে কাম কৰাৰ সময় আহি পৰিছে।”

বিশ্ব স্বাস্থ্য সংস্থাৰ এজন বিষয়াই স্পষ্ট কৰি দিলে যে এমপ’ক্স নতুন ক’ভিড নহয়, কিয়নো কৰ্তৃপক্ষই ইয়াৰ বিস্তাৰ নিয়ন্ত্ৰণ কৰিব জানে।

এমপ'ক্স কেনেকৈ বিয়পে

CDC য়ে কয় যে এমপ'ক্স ভাইৰাছ ঘনিষ্ঠ, ব্যক্তিগত যোগাযোগৰ জৰিয়তে যিকোনো ব্যক্তিলৈ বিয়পিব পাৰে।

এমপ'ক্স ৰেচ বা স্কাব থকা ব্যক্তিৰ সৈতে প্ৰত্যক্ষ ছালৰ পৰা ছালৰ সংস্পৰ্শৰ জৰিয়তে এমপ'ক্স ভাইৰাছ সংক্ৰমিত হ’ব পাৰে। এমপ’ক্সত আক্ৰান্ত কোনো লোকৰ লেলাওটিৰ সংস্পৰ্শৰ যোগেদিও এই ভাইৰাছ বিয়পিব পাৰে। তদুপৰি যৌন সম্পৰ্কৰ সময়ত শৰীৰৰ তৰল পদাৰ্থৰ বিনিময়, বা আক্ৰান্ত ব্যক্তিৰ যৌনাংগ স্পৰ্শ কৰিলেও এই ৰোগ বিয়পিব পাৰে।

দীৰ্ঘদিনীয়া মুখামুখি সংস্পৰ্শৰ পৰাও ই শ্বাস-প্ৰশ্বাসজনিত টোপালৰ জৰিয়তে বিয়পিব পাৰে। আক্ৰান্ত জীৱ-জন্তুৰ পৰা পোৱা দূষিত সামগ্ৰীৰ প্ৰত্যক্ষ সংস্পৰ্শৰ জৰিয়তেও এমপ'ক্স বিয়পিব পাৰে। জীৱ-জন্তুৰ পৰা মানুহলৈ এমপ'ক্সৰ সংক্ৰমণ আক্ৰান্ত প্ৰাণীয়ে মানুহক কামোৰা বা আঁচোৰাৰ ফলত হয়।

এই ভাইৰাছ পৃষ্ঠ আৰু কাপোৰত থাকিব পাৰে, অৰ্থাৎ দূষিত বস্তুৰ পৰোক্ষ সংস্পৰ্শই সংক্ৰমণৰ আন এক সম্ভাৱনা।

এমপ'ক্সৰ লক্ষণসমূহ

এমপ'ক্সৰ লক্ষণ স্মলপ'ক্সৰ দৰেই যদিও সাধাৰণতে মৃদু।

এমপ'ক্সৰ বিষয়ে WHO Fact Sheet ৰ মতে, সাধাৰণতে এসপ্তাহৰ ভিতৰতে লক্ষণসমূহ আৰম্ভ হয় যদিও সংস্পৰ্শলৈ অহাৰ ১–২১ দিনৰ পিছত আৰম্ভ হ’ব পাৰে। সাধাৰণতে ২–৪ সপ্তাহলৈকে লক্ষণ দেখা যায় যদিও ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা কোনোবা এজনৰ ক্ষেত্ৰত বেছি দিনলৈকে থাকিব পাৰে।

এমপ'ক্সৰ সাধাৰণ লক্ষণসমূহ হ’ল:

চোকোৰা

জ্বৰ

ডিঙি বিষ

মূৰৰ বিষ

পেশীৰ বিষ

কঁকালৰ বিষ

দুৰ্বলতা

ফুলি উঠা লিম্ফ ন’ড।

কিছুমান মানুহৰ বাবে এমপ'ক্সৰ প্ৰথম লক্ষণ হ’ল ফোহা, আন কিছুমানৰ প্ৰথমে বেলেগ বেলেগ লক্ষণ দেখা দিব পাৰে। ফোঁহাটো এটা সমতল ঘাঁ হিচাপে আৰম্ভ হয় যিটো তৰল পদাৰ্থৰে ভৰা ফোঁহালৈ পৰিণত হয় আৰু খজুৱতি বা বিষ হ’ব পাৰে।

এমপ'ক্স ৰোগীৰ বেছিভাগেই ২–৪ সপ্তাহৰ ভিতৰত সুস্থ হৈ উঠে। কিন্তু শিশু, গৰ্ভৱতী মহিলা, আৰু দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকসকলে এমপ'ক্সৰ পৰা জটিলতাৰ সন্মুখীন হোৱাৰ আশংকা থাকে।

প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ

লক্ষণসমূহ পৰিচালনা কৰাত সহায় কৰিবলৈ আৰু সংক্ৰমণ আনলৈ বিয়পি পৰাত বাধা দিবলৈ ঘৰতে থাকক আৰু নিজৰ কোঠাত থাকক। নিয়মিতভাৱে হাত চাবোনেৰে ধুব লাগে বা হেণ্ড ছেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগে, বিশেষকৈ যিকোনো ঘাঁ স্পৰ্শ কৰাৰ আগতে আৰু পিছত।

আন মানুহৰ কাষত থাকিলে মাস্ক পিন্ধিব আৰু আপোনাৰ ফোঁহা ভাল নোহোৱালৈকে যিকোনো দৃশ্যমান ঘাঁ ঢাকি দিব।

ৰাজহুৱা ঠাইত বস্তু স্পৰ্শ কৰাটো এৰক, আৰু এই অংশবোৰ সঘনাই বীজাণুমুক্ত কৰাটো নিশ্চিত কৰক। ফোঁহা বা ঘাঁ খজুৱাব নালাগে, কিয়নো ইয়াৰ ফলত নিৰাময় প্ৰক্ৰিয়া লেহেমীয়া হ’ব পাৰে, ফোহা আপোনাৰ শৰীৰৰ আন অংশলৈ বিয়পিব পাৰে, আনকি সংক্ৰমণৰ সৃষ্টিও হ’ব পাৰে।

লগতে ঘাঁ থকা অংশবোৰ শ্বেভিং নকৰিব যেতিয়ালৈকে ঘাঁবোৰ ভাল নহয় আৰু তলত নতুন ছাল গঠন নহয়, কিয়নো শ্বেভিং কৰিলে ফোঁহা বিয়পিব পাৰে।

উপচাৰ

এমপ'ক্স ভেকচিন লোৱাটোৱে সংক্ৰমণ প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে। এমপ'ক্স ৰোগীৰ সংস্পৰ্শৰ ৪ দিনৰ ভিতৰত (বা কোনো লক্ষণ নাথাকিলে ১৪ দিনৰ ভিতৰত) ভেকচিন দিব লাগে।

বিশেষকৈ প্ৰাদুৰ্ভাৱৰ সময়ত এমপ’ক্সৰ সংক্ৰমণ ৰোধ কৰিবলৈ হাই ৰিস্ক ব্যক্তিসকলে টীকাকৰণ কৰাটো বাঞ্ছনীয়। ইয়াৰ ভিতৰত আছে:

স্বাস্থ্যকৰ্মীসকল

পুৰুষৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰা পুৰুষ

একাধিক যৌনসঙ্গী থকা লোক

যৌনকৰ্মী।

ভেকচিনৰ বিষয়ে, ইয়াক কেনেকৈ দিয়া হয়, পাৰ্শ্বক্ৰিয়া, আৰু ক’ৰ পৰা পাব পাৰি সেই বিষয়ে অধিক পঢ়ক Mpox Vaccine Recommendations ত।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মাংকিপ'ক্সৰ বিষয়ে জানিবলগীয়া কথা।

Fact Check By: Debanjana Baishya

Result: Insight