বতৰ পৰিবৰ্তনৰ এই সময়ছোৱাত সাধাৰণতে বসন্ত, চৰ্দি-কাহজাতীয় বিভিন্ন ধৰণৰ ৰোগে দেখা দিয়ে। শেহতীয়াকৈ এটা বাতৰি আমাৰ দৃষ্টিগোচৰ হ'ল য'ত আলাস্কা পক্স নামৰ এবিধ ৰোগৰ বিষয়ে উল্লেখ কৰা হৈছিল আৰু কোৱা হৈছিল যে এই ৰোগ অতি ভয়ংকৰ আৰু যোৱা মাহত এজন লোকৰ মৃত্যু হৈছে। সেয়ে চিকিৎসা বিশেষজ্ঞসকলে সতৰ্কবাণী জাৰি কৰিছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই আলাস্কা পক্সৰ বিষয়ে সবিশেষ জানিবলৈ যত্ন কৰিলোঁ।

আমি কী-ৱৰ্ড চাৰ্চ কৰি Alaska Department of Health ৱেবছাইটত কিছু তথ্য পালোঁ। তাত উল্লেখ কৰা হৈছে যে আলাস্কাপক্স ভাইৰাছ হৈছে ২০১৫ চনত আলাস্কাৰ ফেয়াৰবেংকছত এজন ৰোগীৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে চিনাক্ত কৰা অৰ্থপক্স ভাইৰাছ। ২০১৫ চনৰ পৰা আলাস্কাত আলাস্কাপক্স ভাইৰাছৰ আৰু ছজন ৰোগী ধৰা পৰিছে, ইয়াৰ পাঁচজন ফেয়াৰবেংকছ নৰ্থ ষ্টাৰ বৰোত বাস কৰা ব্যক্তি আৰু এজন ব্যক্তি কেনাই পেনিনচুলা বৰোত বাস কৰা ব্যক্তি।

বৰ্তমানৰ প্ৰমাণে ইংগিত দিয়ে যে আলাস্কাপক্স ভাইৰাছ প্ৰধানকৈ সৰু স্তন্যপায়ী প্ৰাণীত দেখা দিয়ে। ফেয়াৰবেংকছ নৰ্থ ষ্টাৰ বৰোত সৰু স্তন্যপায়ী প্ৰাণীৰ নমুনা সংগ্ৰহৰ ভিত্তিত ৰঙা পিঠিৰ ভল আৰু শ্ৰুত (red-backed voles and shrews) এই ভাইৰাছ চিনাক্ত কৰা হৈছে। কিন্তু আলাস্কাৰ সৰু স্তন্যপায়ী প্ৰাণীসমূহৰ মাজত এই ভাইৰাছ অধিক ব্যাপক হোৱাৰ সম্ভাৱনা আছে আৰু মানুহৰ তাত সংক্ৰমণ হয়তো আন ৰোগীৰ ক্ষেত্ৰতো হৈছিল যদিও ধৰা পৰা নাছিল। ঘৰচীয়া পোহনীয়া জন্তু (মেকুৰী আৰু কুকুৰ)য়েও এই ভাইৰাছ বিয়পোৱাত ভূমিকা ল’ব পাৰে।

আজিলৈকে আলাস্কাপক্স ভাইৰাছৰ মানুহৰ পৰা মানুহলৈ হোৱা কোনো সংক্ৰমণ নথিভুক্ত হোৱা নাই।

উল্লেখযোগ্য যে আলাস্কা হৈছে আমেৰিকাৰ এখন ৰাজ্য।

খবৰ অনুসৰি আলাস্কাৰ স্বাস্থ্য বিষয়াসকলে শেহতীয়াকৈ চিনাক্ত কৰা আলাস্কাপক্স নামেৰে জনাজাত ভাইৰাছৰ সৈতে জড়িত প্ৰথমটো মৃত্যু নিশ্চিত কৰিছে। এংকৰেজৰ দক্ষিণে অৱস্থিত কেনাই উপদ্বীপৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পোৱা এজন বৃদ্ধ লোকৰ জানুৱাৰী মাহৰ শেষৰ ফালে এই ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। আলাস্কাৰ জনস্বাস্থ্য বিভাগৰ এক বিবৃতি অনুসৰি, সেই সময়ত ব্যক্তিজনে চিকিৎসা গ্ৰহণ কৰি আছিল আৰু তেওঁ যোৱা ন বছৰত আলাস্কাপক্স চিনাক্ত হোৱা মুঠ মাত্ৰ সাতজন ৰোগীৰ ভিতৰত এজন।

এই সম্পৰ্কে আন এক প্ৰতিবেদন ইয়াত আৰু ইয়াত পঢ়িব পাৰিব।

কিন্তু এই আলাস্কা পক্সৰ কোনো ঘটনা ভাৰতত এতিয়ালৈকে হোৱা নাই।

এই সম্পৰ্কে অধিক জানিবলৈ আমি মেডিচিন বিভাগৰ বিশেষজ্ঞ ডা° বিকাশ কুমাৰ দাসৰ সৈতে যোগাযোগ কৰোঁ। তেওঁ আমাক জনায় যে আলাস্কা পক্স এবিধ বিৰল ৰোগ আৰু ২০১৫ চনৰ পৰা আজিলৈকে মাত্ৰ সাতজন ৰোগীহে নথিভুক্ত হৈছে। বৰ্তমানলৈকে এই আলাস্কা পক্স কেৱল আমেৰিকাৰ আলাস্কাতে সীমাবদ্ধ। ভাৰতবৰ্ষত এই ৰোগৰ কোনো ঘটনা নথিভুক্ত হোৱা নাই।

যিহেতু আলাস্কা পক্স পোহনীয়া জন্তু তথা সৰু স্তন্যপায়ী প্ৰাণীৰ পৰা বিয়পে, গতিকে চাফ-চিকুনতা আৰু নিৰাপদ দূৰত্ব বৰ্তাই ৰাখি এই ৰোগৰ সংক্ৰমণৰ পৰা হাত সাৰি থাকিব পাৰি বুলি বিশেষজ্ঞসকলে মত পোষণ কৰে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:আলাস্কা পক্স কি? ভাৰতত এই ৰোগৰ বাবে ভয় কৰিবলগীয়া আছেনে?

Written By: Debanjana Baishya

Result: Insight