কংগ্ৰেছৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে ৰাহুল গান্ধীৰ এটা ভিডিঅ’। য’ত ৰাহুল গান্ধীয়ে ভাষণৰ সময়ত কৈছিল যে ৫০ আৰু ১৫ যোগ কৰিলে ৭৩ হয়। ভিডিঅ’টো শ্বেয়াৰ কৰি ছ’চিয়েল মিডিয়াত ব্যৱহাৰকাৰীয়ে ৰাহুল গান্ধীক ঠাট্টা-মস্কৰা কৰিছে।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

তদন্তৰ আৰম্ভণিতে আমি ভাইৰেল ভিডিঅ’টোৰ বিষয়ে জানিবলৈ বিভিন্ন কীৱৰ্ডৰ সহায়ত বিচাৰিবলৈ আৰম্ভ কৰিলোঁ। তেতিয়া আমি ৰাহুল গান্ধীৰ অফিচিয়েল ফেচবুক একাউণ্টত ভাইৰেল ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণটো পালোঁ। ভিডিঅ’টোৰ প্ৰায় ১৯ মিনিটত ভাইৰেল ভিডিঅ’টো চাব পাৰিব। য’ত ৰাহুল গান্ধীয়ে ৫০, ১৫ আৰু ৮ৰ যোগফল ৭৩ বুলি কোৱা শুনা যায়।

অধিক অনুসন্ধান কৰি আমি ৰাহুল গান্ধীৰ ইউটিউব চেনেলতো এই ভাইৰেল ভিডিঅ’ৰ ভাষণটো পালোঁ। ২০২৩ চনৰ ৮ ফেব্ৰুৱাৰীত লাইভ কৰা ভিডিঅ’টোৰ প্ৰায় ১৯ মিনিটৰ ভিতৰতে ভাইৰেল ভিডিঅ’টো দেখা যায়। খবৰ অনুসৰি, ৰাহুল গান্ধীয়ে ছত্তীশগড়ৰ ৰায়গড়ত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰৱেশৰ সময়ত আয়োজিত এখন ৰাজহুৱা সভাত এই কথা কৈছিল।

মূল ভিডিঅ’টোত ৰাহুল গান্ধীয়ে দেশৰ জাতি লোকপিয়লৰ কথা উল্লেখ কৰি কৈছে, “উৰিষ্যাত এজন সাংবাদিকে মোক সুধিছিল যে ৰাহুল জী, আপুনি জাতি লোকপিয়লৰ কথা কৈছে। আপুনি প্ৰতিটো ভাষণতে কৈ আছে যে পিছপৰা ৰাইজে নিজৰ অধিকাৰ লাভ কৰক। দলিত আৰু আদিবাসীয়ে অধিকাৰ পাব লাগে, ইয়াৰ দ্বাৰা দেশ বিভাজন হোৱা নাই নেকি?” যাৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়, ‘মই তেওঁক আন এটা প্ৰশ্নও সুধিলোঁ যে এই সমগ্ৰ সংবাদমেলত বহু সাংবাদিক আৰু কেমেৰামেন আহিছে।

সম্পূৰ্ণ ব্যৱস্থাটো হৈছে... এই ব্যৱস্থাত জনজাতীয় আৰু পিছপৰা মানুহ কিমান? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কিমানজন বাতৰি কাকতৰ মালিক পিছপৰা, দলিত আৰু জনজাতীয় শ্ৰেণীৰ? এই কথাত তেওঁ নিমাত হৈ পৰিল।

মই তেওঁক ক’লো যে দেশৰ অন্ততঃ ৫০% পিছপৰা। এই কথা কোনেও নাজানে কাৰণ নৰেন্দ্ৰ মোদীয়ে ২০১১ চনত আমি প্ৰস্তুত কৰা পৰিসংখ্যা ৰাজহুৱা কৰা নাছিল। কিন্তু কোৱা হয় যে ৫০ৰ পৰা ৫৫% মানুহ পিছপৰা শ্ৰেণীৰ। ১৫% দলিত। ৮ শতাংশ জনজাতীয়। ইয়াৰ পিছত তেওঁ এই প্ৰশ্নটো সুধিছে “কিমান হ’ল... কওকচোন ৫০, ১৫ আৰু ৮ কিমান হ’ল ৭৩”।

ইয়াৰ পিছত আমি ভাইৰেল ভিডিঅ’টো আৰু মূল ভিডিঅ’টো বিশ্লেষণ কৰিলোঁ। যাৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। প্ৰকৃত ভিডিঅ'টোত ৰাহুল গান্ধীয়ে ৫০,১৫ আৰু ৮ৰ যোগফলহে ৭৩ বুলি কৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:৫০ আৰু ১৫ৰ যোগফল ৭৩ বুলি ৰাহুল গান্ধীয়ে সঁচাকৈয়ে কৈছিল নেকি?

Written By: Debanjana Baishya

Result: False