সঁচাকৈয়ে ষ্টেডিয়ামৰ দৰ্শকে হনুমান চালিচা পাঠ কৰিছিলনে?

Altered Social

শেহতীয়াকৈ চ’চিয়েল মেডিয়াত এটা বিশেষ ভিডিঅ’ ভাইৰেল হোৱা দেখা গৈছে। ভিডিঅ’টোত এখন ষ্টেডিয়ামৰ দৃশ্য দেখুওৱা হৈছে আৰু তাত হনুমান চালিচা পাঠ কৰা শুনা গৈছে। ফেচবুকত এই ভিডিঅ’টো শ্বেয়াৰ কৰি ১.৫ লাখ লোকে হনুমান চালিচা জপ কৰা বুলি দাবী কৰা হৈছে। 

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ভিডিঅ’টো কী-ফ্ৰেমত বিভক্ত কৰিলোঁ আৰু কিছু তথ্য পালোঁ। আমি ইউটিউবত এমাহ আগেয়ে Sadashiv নামৰ এটা চেনেলে আপলোড কৰা দেখিলোঁ। কিন্তু তাত হনুমান চালিচা পাঠ কৰা হোৱা নাছিল। ভিডিঅ’টোৰ বিৱৰণত লিখা আছিল “Darshan Raval at Narendra Modi Stadium” বুলি। 

ভাইৰেল ভিডিঅ’টোৰ সৈতে এই ভিডিঅ’টো আছিল সাইলাখ একেই। ভাইৰেল ভিডিঅ’টোৰ আৰম্ভণিত দৰ্শকৰ পিছফালে এখন স্ক্ৰীনত দেখুওৱা দৃশ্য ইউটিউবত আমি পোৱা ভিডিঅ’টোৰ সৈতে একেই আছিল। তলত দুয়োটা দৃশ্যৰ তুলনা চাব পাৰিব।

আমি কীৱ’ৰ্ড চাৰ্চ কৰি বিশ্বকাপ ক্ৰিকেটৰ ভাৰত আৰু পাকিস্তানৰ মাজত হোৱা খেলত দৰ্শন ৰাৱলৰ অনুষ্ঠানৰ ভিডিঅ’ পালোঁ। সেই ভিডিঅ’ত দৰ্শন ৰাৱল আৰু তেওঁৰ সহযোগী শিল্পীসকলে ভাইৰেল ভিডিঅ’টোত দেখাৰ নিচিনা একে পোছাক পৰিধান কৰা আমি দেখিলোঁ।

আমি পুনৰ ইউটিউবত কীৱ’ৰ্ড চাৰ্চ কৰিলোঁ আৰু তেতিয়া jaipurwaley নামৰ ইউটিউব চেনেলে আপলোড কৰা এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোৰ বিৱৰণত লিখা আছিল এইদৰে “Hanuman Chalisa Path in Jaipur”। এই ভিডিঅ’টোত থকা অডিঅ’টো আছিল ভাইৰেল ভিডিঅ’টোৰ অডিঅ’ৰ সৈতে একেই।

গতিকে ইয়াৰ পৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টোত অডিঅ’ অংশ সম্পাদনা কৰা হৈছে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টো সম্পাদনা কৰা হৈছে। দাবী কৰাৰ নিচিনাকৈ ষ্টেডিয়ামত দৰ্শকে হনুমান চালিচা পাঠ কৰা নাছিল বৰং সেয়া দৰ্শন ৰাৱলৰ অনুষ্ঠান পৰিবেশনহে আছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:সঁচাকৈয়ে ষ্টেডিয়ামৰ দৰ্শকে হনুমান চালিচা পাঠ কৰিছিলনে?

Written By: FactCrescendo Assamese 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *