
চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগে সম্প্ৰতি সমগ্ৰ দেশখনকে ছানি ধৰিছে আৰু ধীৰে ধীৰে এই ৰোগ বিশ্বৰ বিভিন্ন দেশলৈ বিয়পি পৰিছে । চীন দেশত ইতিমধ্যে জৰুৰী কালিন অৱস্থা ঘোষনা কৰা হৈছে । এই বীজাণুৰ আক্ৰমণত ৰোগত ভুগি চীনত তিনিহেজাৰতকৈ অধিকৰ মৃত্যু হৈছে আৰু হাজাৰ হাজাৰ মানুহ আক্ৰান্ত হৈ আছে । ভাৰতলৈও ক’ৰনা ভাইৰাছ ধীৰে ধীৰে বিয়পিব ধৰিছে যিহেতু এশজনতকৈ অধিক ৰোগী এতিয়ালৈকে চিনাক্ত হৈছে । এই সময়তে ছচিয়েল মিডিয়াত ৱুহান ক’ৰনা ভাইৰাছৰ বিষয়ে না না উৰা বাতৰি বিয়পিব ধৰিছে ।
এই ধৰণৰ এক লিখনি ভাৰতৰ লগতে অসমতো ফেচবুকৰ যোগেদি ভাইৰেল হব ধৰিছে । লিখনিটোত কোৱা হৈছে যে শেহতীয়াকৈ সমগ্ৰ বিশ্বতে বিভীষিকাৰ সৃষ্টি কৰা ক’ৰনা ভাইৰাছ আচলতে এক মনে সজা কাহিনী হয় আৰু চীনত এক গোপনে সজা বায়’ৱেপনৰ দুৰ্ঘটনা হোৱাৰ পাছত ৱুহানৰ বনৰীয়া জন্তুৰ বজাৰত ঘটনাক্ৰমে বিয়পি যোৱাৰ ফলত ইয়াক গাপ দিবলৈ উক্ত কাহিনীটো ৰচা হৈছিল ।
বিভিন্ন ষড়যন্ত্ৰৰ সূত্ৰ প্ৰকাশ কৰা ব্লগ UfoSpotlightত উক্ত লিখনিটো প্ৰকাশ পাইছে । কোৱা হৈছে যে লিখনিটো এক চীনা ইন্টেলিজেঞ্চ অফিচাৰে লিখিছে যি ক’ৰণা ভাইৰাছ ৰোগৰ প্ৰকৃত উৎসৰ বিষয়ে জানে । লিখনিটোত আৰু লিখা আছে যে এক চীনা বিশ্বাসঘাটকে বায়’ৱেপনটো আমেৰিকা যুক্তৰাষ্ট্ৰক গোপনে বিকিব লওঁতে ঘটনাক্ৰমে বিয়পি পৰে ।
সঁচাকৈ এনে হৈছিল নেকি? সত্য কি? জানোঁ আহক ।
প্ৰণালী
আমি এই বিষয়ে গুগলত চাৰ্ছ কৰিলোঁ আৰু পালোঁ যে কাহিনীটোৰ বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই । কাহিনীটো আচলতে r/NoSleep নামৰ এক চাবৰেড্ডীত ফ’ৰামত প্ৰথমে প্ৰকাশ পাইছিল । ইয়াত বিভিন্নজনে কাল্পনিক শ্বেয়াৰ কৰে আৰু এই কাহিনীবোৰ কেতিয়াবা সঁচা ঘটনা কিছুমানৰ আলমত লিখা হয় ।

Wuhanvirusthrowaway নামৰ এক ইউজাৰে উক্ত লিখনিটো প্ৰকাশ কৰিছিল ।

উক্ত ব্লগটোৰ ইউজাৰ গাইডলাইন্সত লিখা আছে যে তাত প্ৰকাশ পোৱা লিখনিবোৰ কাল্পনিক হয় আৰু কোনো সঁচা তথ্য তাত নাই । তাত আৰু লিখা আছে যে পঢ়ুৱৈ সকলে কিন্তু ইয়াত লিখা সকলো কথা সঁচা হিচাবে ধৰিব লাগিব আৰু কমেণ্টছ চেক্সনত ঠিক তেনেদৰেই কমেণ্ট কৰিব লাগিব ।
ইয়াৰ উপৰিয়ো FAQ চেক্সনত লিখা আছে যে উক্ত ব্লগটোত থকা লিখনিবোৰ সঁচা হিচাবে ধৰিব নালাগে ।

উক্ত ব্লগটোৰ কথা ব্লগ মেম্বাৰৰ বাদে আনে নাজানে গতিকে যিসকলে এই কাহিনীটো পঢ়িছে তেওঁলোকে সঁচা বুলিয়ো ভাবিব পাৰে ।
এই বিষয়ে স্নপছ নামৰ নিউজ পৰ্টেলটোতও এক ফেক্ট চেক প্ৰকাশ পাইছে য’ত একেইখিনি কথা প্ৰকাশ পাইছে । এই বিষয়ে পঢ়ক ইয়াত ।

ফলাফল
উক্ত লিখনিটো কাল্পনিক হয় আৰু বাস্তৱৰ লগত কোনো সম্পৰ্ক নাই । সঁচা বুলি শ্বেয়াৰ কৰি ভাইৰেল কৰি তোলা হৈছে আৰু জনসাধাৰণৰ মাজত অনাহকত আতংকৰ সৃষ্টি কৰা হৈছে ।

Title:ক’ৰনা ভাইৰাছ আচলতে এটা মনে সজা কাহিনী হয় আৰু এক গোপনে সজা বায়’ৱেপনৰ দুৰ্ঘটনাৰ পাছত ইয়াক গাপ দিবলৈ উক্ত কাহিনীটো ৰচা হৈছিল নেকি?
Fact Check By: Manjori BorkotokyResult: False