আৰ এছ এছৰ কৰ্মীসকলে কৰা উদ্ধাৰ অভিযানৰ পুৰণি ফটো ৱায়ানাডৰ শেহতীয়া পৰিস্থিতিৰ সৈতে জড়িত বুলি ভাইৰেল।

কেৰেলাৰ ৱায়ানাডত যোৱা ৩০ জুলাইত হোৱা ভূমিস্খলনত তিনিশৰো অধিক লোকৰ মৃত্যু হৈছে আৰু বহুতো লোক এতিয়াও নিৰুদ্দেশ হৈ আছে। চৰকাৰৰ লগতে বিভিন্ন দল- সংগঠন উদ্ধাৰ আৰু সাহাৰ্য অভিযানত জড়িত হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত কেইখনমান বিশেষ ফটোৰ এখন ক’লাজ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে য’ত কিছু লোকে সাহাৰ্য বিতৰণ কৰা আৰু বানাক্ৰান্ত এলেকালৈ যোৱা দেখা গৈছে। […]

Continue Reading

মিছা খবৰ এয়া। ইংলেণ্ডৰ ছাউথপোৰ্টত শৰণাৰ্থী জিহাদী মুছলমানে দুটি ইংৰাজ খৃষ্টীয়ান শিশুক চোকা অস্ত্ৰৰে কাটি হত্যা কৰা নাই। 

শেহতীয়াভাবে ইংলণ্ডত সংঘটিত হোৱা এটা হত্যাৰ ঘটনাক লৈ সমগ্ৰ বিশ্বতেই বিভিন্ন সঁচা-মিছা বাতৰি বিয়পি পৰিছে। আনকি সেই ঘটনাটোৰ সৈতে সাম্প্ৰদায়িক দিশ এটা জৰিত কৰিও বিভিন্ন বাৰ্তা প্ৰচাৰ হৈছে। আনকি অসমতো এটা বাৰ্তা বিয়পি পৰিছে যে ইংলণ্ডৰ চাউথপোৰ্টত শৰনাৰ্থী মুছলমানে দুটি শিশুক চোকা অস্ত্ৰেৰে কাটি হত্যা কৰিছে। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি সেই […]

Continue Reading

চীন দেশৰ গৌৱাংগঙৰ বানপানীৰ দৃশ্য অসমৰ ডিব্ৰুগড়ৰ বুলি ভাইৰেল কৰা হৈছে।

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে কোনো এটা ঘৰৰ সমুখভাগত থকা এখন তোৰণ ক্ৰমাগতভাৱে বানপানীৰ কবলত পৰি ডুবি গৈছে। এই টাইমলেপছ ভিডিঅ’টো অসমৰ ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনৰ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে। আনকি আমাৰ ফেক্টলাইন নম্বৰ 9049053770 লৈয়ো একেধৰণে ভিডিঅ’টো প্ৰেৰণ কৰি সেয়া ডিব্ৰুগড়ৰ আৱৰ্ত ভৱনৰ  দৃশ্য নেকি জানিব […]

Continue Reading

ৰাছেলছ্ ভাইপাৰঃ ধাৰণা, ভ্ৰান্ত ধাৰণা, আতংক আৰু অসমত ইয়াৰ অৱস্থিতি আৰু সত্যতা।

অতি শেহতীয়াকৈ অসমত ৰাছেলছ্ ভাইপাৰ নামৰ সাপৰ প্ৰজাতিটো সন্দৰ্ভত বিভিন্ন ভ্ৰান্ত ধাৰণা বিয়পি পৰিছে। বিশেষকৈ সামাজিক মাধ্যম যেনে ফেচবুক,হোৱাটছএপত বিভিন্ন পোষ্ট তথা মেছেজ বিয়পিছে। খেনোৰ মতে ই অতিকৈ ভয়ংকৰ আৰু বিষধৰ সৰ্প আৰু খেনোৰ মতে ই অইন সাপৰ দৰেই। খেনোৰ মতে ই অসমৰ স্থানীয় সৰ্প নহয়, খোনোৰ মতে ইয়াৰ অৱস্থিতি অতীজৰে পৰাই আছে অসমত। আন […]

Continue Reading

পাকিস্তানৰ শিক্ষানুষ্ঠানৰ পুৰণি ভিডিঅ’কো অসমৰ ধুবুৰীৰ মাদ্ৰাছাত শিশু নিৰ্যাতন বুলি ভাইৰেল কৰা হৈছে। 

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে এটি শিশুক ভৰিত বান্ধি ওলোটাকৈ ওলোমাই দিয়া হৈছে। শিশুটিয়ে চিঞৰি আছে। দাবী কৰা হৈছে যে সেইটো অসমৰ ধুবুৰীৰ কোনো এখন মাদ্ৰাছাৰ দৃশ্য। ধুবুৰীৰ মাদ্ৰাছাত তেনেকৈ শিশুক ওলোমাই কোৰাণৰ শিক্ষা দিয়া হয় নেকি বুলি প্ৰশ্ন উত্থাপনেৰে সেই ভিডিঅ’টো অসমৰ বিভিন্নজন লোকৰ হোৱাটছএপত ভাইৰেল হৈ […]

Continue Reading

২০২৩ চনৰ জানুৱাৰীত পোখৰা আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত হোৱা দুৰ্ঘটনাৰ ভিডিঅ’কে ত্ৰিভুৱন বিমান বন্দৰৰ শেহতীয়া দুৰ্ঘটনাৰ ভিডিঅ’ বুলি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এক বিমান দুৰ্ঘটনাৰ ৭ চেকেণ্ডৰ ভিডিঅ’টো অতি শেহতীয়াকৈ যোৱা ২৪ জুলাই ২০২৪ত নেপালৰ ত্ৰিভূৱন বিমান বন্দৰত হোৱা দুৰ্ঘটনাৰ ভিডিঅ’ বুলি দাবী কৰি হোৱাটছএপৰ জৰিয়তে অসমত বিয়পাই দিয়া হৈছে। বিভিন্নজনে সেই ভিডিঅ’টো হোৱাটছযোগে ইজনৰ পৰা সিজনলৈ প্ৰেৰণ কৰিছে। আমালৈয়ো তেনেকৈ সেই ভিডিঅ’টো আহি পৰিছে।  তদুপৰি আমাৰ ফেক্টলাইন নম্বৰ(9049053770)লৈয়ো […]

Continue Reading

আশীৰ্বাদ আটাৰ হালাল ল’গ’ থকা পেকেট সম্পৰ্কে বিভ্ৰান্তিকৰ তথ্য ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত আশীৰ্বাদ আটাৰ পেকেট (Aashirvaad Atta With Multigrains) এটাৰ ফটো ভাইৰেল হৈছে য’ত হালাল চাৰ্টিফাইড ল’গ’ আছে। দাবী কৰা হৈছে যে এই হালাল চাৰ্টিফাইড আশীৰ্বাদ আটা ভাৰতত বিক্ৰী হয়। ফটোখন ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “থু মিহলোৱা হালালা প্ৰডাক্ট আৰ্শীবাদ আটা আমি মৰ্খ হিন্দু ৱে  হিন্দু ৰ আৰ্শীবাদ  শব্দ টো চায় খাই […]

Continue Reading

নাহৰফুটুকী বাঘৰ দৰে মাছ উদ্ধাৰ হোৱা নাই ক’তো। সেই ভিডিঅ’টো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে। অৰ্থাত ই AI Generated. 

শেহতীয়াভাবে অসমত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। অসমৰ ওদালগুৰি জিলাত যোৱা ৭ জুলাইত ৰমেশ বড়ো নামৰ লোক এজনে এটা আচৰিত ধৰণৰ মাছ উদ্ধাৰ কৰা বুলি দাবীৰে ভাইৰেল হোৱা ৭ চেকেণ্ডৰ ভিডিঅ’টোত দেখা গৈছে যে এজন লোকে পথাৰৰ মাজত এটা পাত্ৰত বিশেষ মাছ এটা লৈ আছে। মাছটোৰ গোটেই গাটো নাহৰফুটুকী বাঘৰ দৰে বৰণৰ আৰু মুখখনো […]

Continue Reading

এই গাড়ীখন টাটা নেন’ নহয়।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এখন বিশেষ গাড়ীৰ ফটো ভাইৰেল হৈছে। দাবী কৰা হৈছে যে এইখন টাটা নেন’ৰ নতুন মডেল আৰু ইয়াৰ দাম ১.৬৫ লাখ টকা। ফেচবুকত এই গাড়ীখনৰ ফটো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আহি আছে New model Tata nano prize money 1.65 Lakhs   নেনো খন থাকিলে ৰদ-বৰষুণৰ পৰাও বাচিব পাৰি। বাইক খন লোৱাতকৈ নেনো খন […]

Continue Reading