আৰক্ষীয়ে আইন ভংগ কৰিলে কি হয়? আৰক্ষী দায়ৱদ্ধতা আয়োগৰ কাষ কিদৰে চাপিব পাৰি? আৰক্ষীৰ দায়ৱদ্ধতা আৰু দায়ৱদ্ধতা আয়োগ সম্পৰ্কত জানো আহক।

প্ৰসংগঃ গুৱাহাটীৰ ফাচী বজাৰত এজন বিতৰণ কৰ্মীৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন ১৫ নৱেম্বৰ ২০২৪ শুকুৰবাৰে সন্ধিয়া প্ৰায় চাৰে ছয় মান বজাত অসমৰ ৰাজধানী চহৰ গুৱাহাটীৰ ব্যস্ততৰ এক অঞ্চল ফাঁচী বজাৰত পানবজাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাৰ্গৱ বৰবৰাই ঘৰে ঘৰে সামগ্ৰী বিতৰণকাৰী এক সংস্থাৰ এগৰাকী বিতৰণ কৰ্মীক প্ৰৱেশ নিষিদ্ধ পথেৰে প্ৰৱেশ কৰাৰ বাবে প্ৰহাৰ কৰে। সেই ভিডিঅ’টো […]

Continue Reading

উত্তৰ প্ৰদেশৰ বাৰানসীত একেলগে ৩৫গৰাকী অবিবাহিতা যুৱতী গৰ্ভৱতী হৈ পৰা খবৰটো সত্য নহয়। এয়া চৰকাৰী এটা বিভাগৰ ভুলৰ বাবে হোৱা এক কাণ্ড।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এখন বিশেষ ফটো বিয়পি পৰিছে। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগতভাৱে বিভিন্ন ব্যৱহাৰকাৰীলৈ সেই ফটোখন প্ৰেৰণ কৰি দাবী কৰা হৈছে যে উত্তৰ প্ৰদেশৰ এখন গাঁৱৰ ৩৫গৰাকী অবিবাহিতা যুৱতী একেলগেই গৰ্ভৱতী হৈছে আৰু তাকে লৈ পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।  আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই একেখন ফটো প্ৰেৰণ কৰি এগৰাকী ব্যৱহাৰকাৰীয়ে একেই দাবী […]

Continue Reading

এখন চেলুনত গ্ৰাহক পক্ষাঘাতগ্ৰস্ত হোৱা এই ভিডিঅ’টো দৰাচলতে চিত্ৰনাট্যযুক্ত।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এখন চেলুনৰ এটা ভিডিঅ’। ভিডিঅ’টোত দেখা গৈছে যে এজন গ্ৰাহকে নাপিতৰ পৰা মালিচ লৈছে, আৰু মূৰৰ মালিচৰ কিছু সময়ৰ পাছত গ্ৰাহকজন পক্ষাঘাতগ্ৰস্ত হৈ পৰে।  ভিডিঅ’টো শ্বেয়াৰ কৰি এটা ফেচবুক পেজত লিখা হৈছে এইদৰে, “আপুনি চেলুনত মালিচ লয় নেকি ? যদি লয়, তেন্তে সাৱধান হওঁক আপুনি !” Facebook Link | Archived […]

Continue Reading

প্ৰকৃতি ধ্বংস নকৰাকৈয়ো কংক্ৰিটৰ বৃহৎ নিৰ্মাণ সম্ভৱনে? কি কয় বিশেষজ্ঞই, কি শিকোঁ আমি ভিন্ন দৃষ্টান্তৰ পৰা। 

প্ৰসংগঃ উৰণ সেতু বা অন্য কংক্ৰিট নিৰ্মাণ ,প্ৰকৃতি সংৰক্ষণ আৰু বিকল্প চিন্তা  সাম্প্ৰতিক সময়ত অসমৰ ৰাজধানী চহৰ গুৱাহাটীত চলি থকা কিছুমান নিৰ্মাণকাৰ্যক কেন্দ্ৰ কৰি ব্যাপক আলোচনা আৰু সমালোচনা অব্যাহত আছে। বিশেষকৈ নিউ গুৱাহাটীৰ পৰা দীঘলীপুখুৰী পাৰলৈ নিৰ্মাণ কৰি থকা উৰণ সেতুখনৰ বাবে দীঘলীপুখুৰী পাৰৰ শতিকা পুৰণি কেইবাজোপাও গছ কাটি পেলোৱা হ’ব বুলি চৰকাৰীভাৱে এক সিদ্ধান্ত […]

Continue Reading

মণিপুৰত ২০২৩ চনতে সংঘটিত হিংসাত্মক ঘটনাৰ ফটো শেহতীয়া জিৰিবাম হিংসাৰ বুলি বিভ্ৰান্তিকৰ দাবীৰে ব্যৱহাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজে চুবুৰীয়া ৰাজ্য মণিপুৰত অতি শেহতীয়াকৈ সংঘটিত হোৱা এক হিংসাত্মক ঘটনা সন্দৰ্ভত এক ভিডিঅ’ বাৰ্তা প্ৰস্তুত কৰিছে। সেই ভিডিঅ’টোত মণিপুৰৰ জিৰিবামত এগৰাকী মহিলাক হত্যা কৰা তথা ১০টাকৈ ঘৰত অগ্নিসংযোগ কৰা খবৰটো প্ৰচাৰ কৰা হৈছে। ভিডিঅ’টোত তিনিখন ফটো ব্যৱহাৰ কৰা হৈছে। সেই ফটো তিনিখন ব্যৱহাৰ কৰিয়েই ভিডিঅ’টো প্ৰস্তুত কৰি তোলা হৈছে। ফটো […]

Continue Reading

ভাৰত-ভূটান সীমান্তৰ প্ৰথমটো ইমিগ্ৰেচন চেকপোষ্ট মুকলি তামুলপুৰৰ দৰঙাত। সবিশেষ জানো আহক।

অসমৰ দৰঙাত প্ৰথমটো ইমিগ্ৰেছন চেকপোষ্ট মুকলিঃ ভাৰত আৰু চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ সম্পৰ্ক সুদৃঢ় কৰাৰ প্ৰয়াসেৰে ৭ নৱেম্বৰ ২০২৪, বৃহস্পতিবাৰে ভাৰত-ভূটান সীমান্তৰ অসমৰ তামুলপুৰ জিলাৰ লেণ্ড প’ৰ্ট দৰঙাত এটা ইমিগ্ৰেচন চেকপোষ্ট (আই চি পি) উদ্বোধন কৰা হয়। ইয়াৰ পূৰ্বে ভাৰত আৰু ভূটানৰ মাজত যাত্ৰা কৰা অন্য দেশৰ নাগৰিকক কেৱল পাৰো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বা জয়গাঁও-ফুয়েনচেলিং স্থল সীমান্তৰে […]

Continue Reading

বাংলাদেশৰ ইছলামিক ধৰ্মগুৰু আৰু শিক্ষাবিদৰ সন্মিলনৰ ফটো আল-কাইডাৰ নতুন সংগঠনৰ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে। 

শেহতীয়াভাবে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এখন ফটো আপলোড কৰি দাবী কৰিছে যে সেয়া বাংলাদেশত আল-কাইডাই নতুন সংগঠন খোলা দৃশ্য। পোষ্টটোত লিখিছে- #বাংলাদেশত আৰম্ভ হৈছে #আল_কায়দা ৰ সংগঠন ..এয়া ভাৰতৰ অংগ  ৰাজ্য পশ্চিমবঙ্গ আৰু অসমৰ বাবে #অশনি_সংকেত Facebook Link । Archived Link কিন্তু এই দাবী সত্য হয়নে?  আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত […]

Continue Reading

সম্পাদিত ভিডিঅ’ চৌদি আৰৱৰ কন্ঠশিল্পীয়ে কৃষ্ণ ভজন গোৱা বুলি  ভাইৰেল।

শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত কোনো এক সংগীতানুষ্ঠানৰ দৃশ্যাংশ দেখুওৱা হৈছিল। অনুষ্ঠানত উপস্থিত দৰ্শকৰ সৰহ সংখ্যকেই আৰবৰ পোছাক পৰিধান কৰিছিল আৰু কন্ঠশিল্পীগৰাকীয়েও  একেই পোছাক পৰিধান কৰিছিল। ভিডিঅ’টোত “হৰে কৃষ্ণা হৰে ৰামা” শীৰ্ষক গীতটি গোৱা শুনা গৈছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”চৌদি আৰৱত সনাতন ধৰ্মৰ জয় জয় কাৰ”। Facebook Link […]

Continue Reading

ডলী চাইৱালাক মাইক্ৰ’ছফ্ট ১২ৰ ব্ৰেণ্ড এম্বেচেডৰ ঘোষণা কৰা কথাটো অসত্য। এই দাবী বিভ্ৰান্তিকৰ। 

শেহতীয়াভাবে অসমৰ একাধিক ফেচবুক পেজ আৰু ব্যৱহাৰকাৰীয়ে এটা বিশেষ দাবী উত্থাপন কৰি পোষ্ট কৰিছে যে নিজৰ অগতানুগতিক ধৰণ কৰণেৰে  সামাজিক মাধ্যমযোগে বিখ্যাত হৈ পৰা নাগপুৰৰ চাহ দেকানী সুনীল পাটিল ওৰফে ডলী চাইৱালা বিশ্ববিখ্যাত কোম্পানী মাইক্ৰ’ছফ্টৰ ব্ৰেণ্ড এম্বেচেডৰ হিচাপে নিযুক্ত হৈছে। গুগল এআইত ডলী চাইৱালাক লৈ বিশেষ ওভাৰভিউ অহা বুলি সেই দাবীসম্বলিত পোষ্টত লিখা হৈছে। তেনেকুৱা […]

Continue Reading

আপোনাৰ আধাৰ কাৰ্ডখনে আপোনাৰ বয়সৰ প্ৰমাণপত্ৰ হিচাপে কাম কৰেনে?

শেহতীয়াভাবে অসমৰ অসমত বিভিন্ন লোকৰ মাজত এটা বাৰ্তা বিয়পি কৰিছে যে এতিয়াৰে পৰা আধাৰ কাৰ্ডখন আৰু কোনো কামত নাহে। ইতিমধ্যেই কাৰ্ডখনৰ প্ৰামাণিক কুশলতা শেষ হৈছে। ই কোনো প্ৰমাণপত্ৰ হিচাপে বিবেচিত নহয় বুলি ব্যাপকভাৱে চৰ্চা আৰম্ভ হৈছে।  এই চৰ্চাৰ আঁৰত আছে দেশৰ উচ্চতম ন্যায়ালয়ৰ এটা শেহতীয়া ৰায়দান। ন্যায়াধিক সঞ্জয় কেৰল আৰু উজ্জ্বল ভূঞাৰ বিচাৰপীঠে ৰায় প্ৰদান […]

Continue Reading