পুৰণি অপ্ৰাসংগিক ভিডিঅ’ “মন্থা ঘূৰ্ণীবতাহ”ৰ বুলি ভাইৰেল।

২০২৫ চনৰ অক্টোবৰৰ শেষৰ ফালে বংগৰ দক্ষিণ-পূব উপসাগৰৰ ওপৰত ‘মন্থা’ ঘূৰ্ণীবতাহ আৰম্ভ হৈছিল। ই নিম্ন চাপ (low pressure system) হিচাপে আৰম্ভ হৈছিল যদিও উষ্ণ সাগৰৰ উষ্ণতা আৰু অনুকূল বতাহৰ আৰ্হিৰ বাবে ই দ্ৰুতগতিত শক্তি লাভ কৰিছিল। তীব্ৰতৰ হোৱাৰ লগে লগে আইএমডিয়ে পূৰ্বাভাস দিছিল যে ‘মন্থা’ এটা ভয়াৱহ ঘূৰ্ণীবতাহৰ ধুমুহাত পৰিণত হ’ব, যিটো ২৮ অক্টোবৰৰ আশে-পাশে […]

Continue Reading

আতচবাজী প্ৰদৰ্শনৰ এই দৃশ্য আৰৱত দেৱালী উদযাপনৰ নহয়।

শেহতীয়াকৈ আতচবাজী প্ৰদৰ্শনৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে সেয়া ছৌদি আৰৱত দেৱালী উদযাপন কৰাৰ দৃশ্য।  Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ। সত্যতা নিৰূপণ পদ্ধতি  আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীনশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি এটা ইউটিউব চেনেলত এই ভিডিঅ’টো ২০২৩ চনৰ […]

Continue Reading

এইজন ৰাম মন্দিৰ নিৰ্মাণৰ মূল কাৰিকৰ নহয়। এওঁ কোন জানো আহক।  

শেহতীয়াকৈ যোৱা ২৬ অক্টোবৰ ২০২৫ত অসমৰ ফেচবুক পেজ এটাত এখন ফটো আপলোড কৰি তাত লিখা হৈছে – ৰাম মন্দিৰ নিৰ্মাণৰ আৰঁৰ মূল কাৰিকৰজন। যাৰ নাম হৈছে ইমামুদ্দিন আন্সাৰী। ফটোখনত আমি দুজন ব্যক্তি দেখা পাওঁ। ক’লা চোলা আৰু টুপি পৰিধান কৰি থকা এজন লোকে হাতত মাইক্ৰ’ফোন এটা লৈ আন এজন লোকৰ সৈতে কথা পাতি আছে। পোষ্টটোৰ […]

Continue Reading

জুবিন গাৰ্গৰ দেহাৱসানৰ পাছত চেপ্তেম্বৰ মাহত ভাইৰেল হৈ পৰা অসত্য খবৰসমূহ কি কি আছিল। চাওঁ আহক।  

প্ৰস্তাৱনা যোৱা ১৯ চেপ্তেম্বৰ ২০২৫ত অসমৰ সবাতোকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ অবাঞ্চিত প্ৰয়াণৰ পাছত সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ ভিডিঅ’, ফটো ভাইৰেল হৈ পৰা দেখা গৈছিল। চিংগাপুৰৰ সাগৰত জুবিন গাৰ্গে প্ৰাণ হেৰুৱাওৱাৰ সময়ৰ কিছুমান ভিডিঅ’ প্ৰকাশ হোৱাৰ সমান্তৰালকৈ এনেকুৱা কিছুমান ভিডিঅ’ তথা ফটো বিয়পি পৰিল,যিবোৰৰ সেই ঘটনাৰ সৈতে কোনো সম্পৰ্কয়ে নাই। তেনেকুৱা প্ৰায় প্ৰতিটো ফটো আৰু […]

Continue Reading

লাভ জেহাদ আৰু বহুবিবাহ বিৰোধী আইনঃ এক চমূ আলোচনা। 

প্ৰস্তাৱনা প্ৰধানকৈ ভাৰতীয় জনতা পাৰ্টি (বিজেপি)ৰ দ্বাৰা শাসিত ভাৰতৰ কেইবাখনো ৰাজ্যই বহুবিবাহ আৰু বিবাহৰ বাবে ধৰ্মান্তৰকৰণ( যিটো প্ৰথাক সমৰ্থকসকলে প্ৰায়ে “লাভ জেহাদ” বুলি বৰ্ণনা কৰে) ৰোধ কৰাৰ লক্ষ্যৰে আইন প্ৰণয়ন বা প্ৰস্তাৱ কৰিছে। এই আইনসমূহ বিতৰ্কিত হৈ পৰিছে। ইয়াৰ ফলত ব্যক্তিগত স্বাধীনতা উলংঘা কৰাৰ সম্ভাৱনাক লৈও তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে আৰু এক নিৰ্দিষ্ট ধৰ্মীয় সম্প্ৰদায়ক […]

Continue Reading

অৰুণাচলৰ নামছাইত আলফা (স্বাধীন)ৰ বিৰুদ্ধে ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযান।

যোৱা ২২ অক্টোবৰ, ২০২৫ত অৰুণাচল প্ৰদেশৰ নামছাই জিলাত সেনা আৰু অসম ৰাইফলছৰ যৌথ অভিযানত আলফা(স্বাধীন)ৰ স্বয়ম্ভু চাৰ্জেণ্ট মেজৰ ইৱন অসমৰ মৃত্যু হয়। এই সম্পৰ্কে আমাৰ এক বিশেষ লেখা- কি আছিল ঘটনাটো:  আলফা(স্বাধীন)ৰ দল এটা নামছাই পাৰ হোৱা বুলি চোৰাংচোৱাৰ পৰা তথ্য লাভ কৰাৰ পাছতেই যোৱা ২১ অক্টোবৰৰ মাজনিশা ভাৰতীয় সেনা আৰু অসম ৰাইফলছৰ যৌথ উদ্যোগত […]

Continue Reading

পুৰণি অপ্ৰাসংগিক ভিডিঅ’ “জুবিন ক্ষেত্ৰ”ত অনুষ্ঠিত অনুষ্ঠানৰ বুলি ভাইৰেল।

যোৱা ১৯ অক্টোবৰত জুবিন গাৰ্গৰ মৃত্যুৰ এমাহ উপলক্ষে সোণাপুৰৰ “জুবিন ক্ষেত্ৰত” শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈছে য’ত দেখা গৈছে যে এদল লোকে বোকাত লুতুৰি-পুতুৰি হৈ নাম পৰিবেশন কৰিছে। দাবী‌ কৰা হৈছে যে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই “জুবিন ক্ষেত্ৰ”ত এই নাম পৰিবেশন কৰা হৈছিল। Facebook Link | […]

Continue Reading

এইজন শ্যামকানু মহন্ত নহয়। গণপ্ৰহাৰৰ বলি হোৱা লোকজন তুফানগঞ্জৰ বিজেপি সদস্য নিখিল গাবুয়া।

শেহতীয়াকৈ যোৱা ১৭ অক্টোবৰ ২০২৫ত অসমৰ ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউৱত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে হালধীয়া বৰণৰ চোলা পিন্ধা মানুহ এজনক আন কেইজনমান মানুহে প্ৰহাৰ কৰিছে। উপৰ্যুপৰি প্ৰহাৰ কৰি তেওঁক মাটিত বগৰাই দিছে। ভিডিঅ’টোৰে দাবী কৰা হৈছে যে সেই হালধীয়া পোচাক পিন্ধা লোকজন জুবিন গাৰ্গৰ মৃত্যুৰ হৈতে সাঙোৰ খোৱা, অভিযুক্ত শ্যামকানু […]

Continue Reading

এইসকল জুবিন অনুৰাগী নহয়। এয়া উত্তৰ প্ৰদেশৰ বৰেইলীত হোৱা এক ধৰ্মীয় প্ৰতিবাদী সংঘাতৰ দৃশ্য।   

যোৱা ১৫ অক্টোবৰ ২০২৫ত অসমৰ বাক্সা জিলাৰ নিকাচিত থকা জিলা কাৰাগাৰলৈ লৈ যোৱা হয় জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে নাম সাঙোৰ খোৱা ৫ অভিযুক্ত ক্ৰমে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দিপন গাৰ্গ, নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যক। তেওঁলোকক আৰক্ষীয়ে নিৰাপত্তা বেষ্টনীৰ মাজেৰে নি কাৰাগাৰ চৌহদৰ ভিতৰত প্ৰবেশ পৰোৱাৰ সময়তেই তাত উপস্থিত থকা শ শ লোকে এক উত্তাল […]

Continue Reading

এইগৰাকী জুবিন গাৰ্গ নহয়। এওঁৰ নাম চানী নানাচাহেব ৱাঘচৌৰে ওৰফে গোল্ডেন বয় অৱ ইণ্ডিয়া।    

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰাম, ইউটিউৱ আৰু ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখা ব্যক্তিগৰাকী সদ্য ধৰাত্যাগী শিল্পী জুবিন গাৰ্গ। ভিডিঅ’টোত দেখা গৈছে যে এখন হোটেলৰ এটা কোঠাৰ সমুখত দুজন বাউঞ্চাৰ আছে আৰু তেওঁলোকে দুৱাৰ খুলি দিয়াৰ পাছত ক্ৰমান্বয়ে ভিতৰলৈ সোমাই যোৱা কেমেৰাত বন্দী হৈছে বিচনাত শুই থকা এগৰাকী ব্যক্তি। তেওঁ দেহৰ […]

Continue Reading