এই ভাইৰেল ভিডিঅ’টোৰ ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ লগত কোনো সম্পৰ্ক নাই! 

ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ ফলত ছ’চিয়েল মিডিয়াত যুদ্ধ সম্পৰ্কীয় বিভিন্ন বা-বাতৰি ফটো, ভিডিঅ’ আৰু ছ’চিয়েল মিডিয়া পোষ্ট ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো সঁচা যদিওঁ এইয়া নুই কৰিব নোৱাৰি যে ইয়াৰে আন বহুতো মিছা বা ভুৱা হয় ।  এনে ধৰণৰ এক ভিডিঅ’ এতিয়া ফেচবুকৰ যোগেদি অসমত ভাইৰেল হৈ পৰিছে য’ত দাবী কৰা […]

Continue Reading

১০৯ বছৰীয়া থাই মানুহৰ ভিডিঅ’ ২০০ বছৰীয়া হিমালয়ৰ সন্ন্যাসী হিচাপে মিছাকৈ ভাইৰেল!

এজন দুৰ্বল বৃদ্ধৰ এটা ভিডিঅ’ এক অস্বাভাৱিক দাবীৰ সৈতে ভাইৰেল হৈ আছে। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে এজন গেৰুৱা পোছাক পিন্ধা ব্যক্তিয়ে তেওঁক হিমালয়ৰ এজন ২০০ বছৰীয়া সন্ন্যাসী বুলি দাবী কৰাৰ ভিডিঅ’ শ্বেয়াৰ কৰিছে। Archived Link | Archived Video Link অনুসন্ধানৰ পাছত আমি জানিব পাৰিলোঁ যে এই ভিডিঅ’টোৰ সৈতে ভাইৰেল হোৱা দাবীবোৰ মিছা। এজন অতি বৃদ্ধ ব্যক্তিয়ে […]

Continue Reading

প্ৰাক্তন এডাল্ট তাৰকা মিয়া খলিফাৰ মৃত্যু হৈছে বুলি উৰা বাতৰি প্ৰচাৰ হৈছে!  

ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা পোষ্টত দাবী কৰা হৈছে যে প্ৰাক্তন এডাল্ট তাৰকা মিয়া খলিফাৰ মৃত্যু হৈছে। এনে ধৰণৰ পোষ্ট অসমৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মতো ভাইৰেল হৈ পৰিছে ।  এই বাৰ্তাটো হোৱাটছএপত বহুল ভাৱে প্ৰচাৰ হৈছে আৰু ফেক্ট ক্ৰেচেণ্ডোৱে ইয়াৰ হোৱাটছএপ ফেক্ট লাইন নম্বৰ ৯০৪৯০৫৩৭৭০ প্ৰমাণীকৰণৰ বাবে এই পোষ্টাৰখন লাভ কৰিছে। Archived Link ফেক্ট ক্ৰেচেণ্ডোৱে দাবীটো […]

Continue Reading

বলীউড অভিনেত্ৰী সোণালী বেন্দ্ৰেৰ ছবি ভুলকৈ এগৰাকী ফেশ্বন ডিজাইনাৰ হিচাপে ভাইৰেল হৈছে!

অসমৰ বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত দীঘলীয়া অনুপ্ৰেৰণামূলক শিৰোনামৰ সৈতে ওপৰত অলপ লিখনি থকা দুখন ছবিৰ এটা ক’লাজ ভাইৰেল হৈ আছে। ক’লাজটোত একেগৰাকী মহিলাৰ দুখন ছবি আছে, এখনত চিকিৎসালয়ৰ বিচনাৰ দৰে দেখাত এখন বিচনাত মহিলা গৰাকীক শুই থকা দেখা গৈছে আৰু আনটোত মহিলাগৰাকীক চুটি চুলিৰে সৈতে দেখা গৈছে। শিৰোনামটোত দাবী কৰা হৈছে যে ছবিখনত থকা ব্যক্তিজন […]

Continue Reading

FACT CHECK: ভাইৰেল ফটোখনত থকা ব্যক্তিজন জন ফৰ্ড নহয় আৰু তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰা নাই!

শেহতীয়াকৈ, ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰা হৈছিল য’ত দাবী কৰা হৈছিল যে ফটোত দেখা পোৱা ব্যক্তিজন বিশ্বৰ অন্যতম ধনী ব্যক্তি জন ফৰ্ড হয় । দাবী কৰা হৈছে যে তেওঁ ইছলাম ধৰ্ম গ্ৰহণ কৰিছে আৰু আৱেগিক হৈ তেওঁ এইদৰে কান্দি পেলাইছে । পোষ্টটোত থকা ফটোখনত এজন বৃদ্ধ ব্যক্তিয়ে কান্দি থকা দেখা গৈছে।  উক্ত ফটোখন এই […]

Continue Reading

FACT CHECK: এইটো পুৰণি ভিডিঅ’ আৰু নাগালেণ্ডৰ গুলীচালনা ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই!

যোৱা ৪ ডিচেম্বৰত, নাগালেণ্ডৰ এখন জিলা মনত ১৪ জন সাধাৰণ লোকক গুলীয়াই হত্যা কৰা হৈছিল। সুৰক্ষা বাহিনীয়ে শ্ৰমিকৰ এটা দলৰ ওপৰত গুলী চালনা কৰিছিল যিয়ে তেওঁলোকক বিদ্ৰোহী বুলি ভুলকৈ ধাৰণা কৈছিল। চৰকাৰে এই বিষয়ত এক উচ্চ-পৰ্যায়ৰ তদন্তৰ প্ৰতিশ্ৰুতি দিছে। এই ঘটনাই নাগালেণ্ডত উত্তেজনাৰ সৃষ্টি কৰিছে, যাৰ ফলত চৰকাৰে ৰাজ্যখনত শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে । […]

Continue Reading

FACT CHECK: আমেৰিকান শিল্পীৰ শিল্পকৰ্ম ‘হাৰিকেন শ্বাহিনৰ’ ভিডিঅ’ বুলি ভাইৰেল হৈছে!

অসমৰ হোৱাটছএপত টৰ্ণেডৰ দৰে দেখা যোৱা এটা ভিডিঅ’ ভাইৰেল হৈ আছে। ২২ ছেকেণ্ড দীঘল ভিডিঅ’টোৰ সৈতে “ওমানৰ পাৰত ঘূৰ্ণীবতাহ শ্বাহিন।। ডুবাইৰ বুৰ্জ খলিফাৰ পৰা তোলা ফটো। আশ্চৰ্যজনক ভিডিঅ’গ্ৰাফী…। সৃষ্টিকৰ্ত্তাজনৰ মহত্ত্বালৈ চাওক” বুলি এটা বাৰ্তা সন্নিবিষ্ট আছে । ফেক্ট ক্ৰেচেণ্ডোৱে ইয়াৰ ২৪x৭ ফেক্টলাইন নম্বৰ ৯০৪ ৯০৫ ৩৭৭০-ত উক্ত ভাইৰেল দাবীটো প্ৰমাণিত কৰাৰ অনুৰোধৰ সৈতে এক বাৰ্তা […]

Continue Reading

FACT CHECK: এই ভিডিঅ’টোত লণ্ডনৰ ৰাস্তাৰ মাজত মুছলমানসকলে প্ৰাৰ্থনা কৰি থকা নাই

লণ্ডনত দৃশ্যটো দৃশ্যগ্ৰহণ কৰা বুলি দাবী কৰি এখন চহৰৰ ৰাস্তাত প্ৰাৰ্থনা কৰা লোকৰ এটা ভিডিঅ’ ভাইৰেল হৈ আছে। ভিডিঅ’টোৰ সৈতে থকা বাৰ্তাটোত “ব্ৰিটিছ চহৰ লণ্ডনৰ অৱস্থা চাওক। 200 বছৰত, ব্ৰিটিছে ভাৰত দেশ ধ্বংস কৰিছিল, এতিয়া এই মুছলমানসকলে ব্ৰিটিছসকলক ধ্বংস কৰিব! যদি আমি ধৰ্ম আৰু জাতিৰ বাবে ধৰ্মান্ধ নহয় তেন্তে আমাৰ অৱস্থা পৃথিৱীৰ আন সকলো লোকতকৈ […]

Continue Reading

FACT CHECK: জনৈক চলচ্চিত্ৰ দৃশ্যগ্ৰহণৰ সময়ৰ এখন ফটো ভাৰত-চীনৰ সৈন্যৰ মাজত হোৱা হতাহতিৰ ফটো বুলি ভাইৰেল!

শেহতীয়াকৈ, অৰুণাচল প্ৰদেশৰ টাৱাঙত ভাৰত আৰু চীনা সৈন্যৰ মাজত এক সংঘৰ্ষ হৈছিল। বাতৰি প্ৰতিবেদনত কোৱা হৈছে যে প্ৰায় ২০০ চীনা সৈন্যই প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এলএচি) অতিক্ৰম কৰি ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল। চীনা সৈন্যসকলক ভাৰতীয় সেনাই চমুকৈ আটক কৰিছিল।  চীনা সৈন্য আৰু ভাৰতীয় সৈনিকৰ মাজৰ সংঘৰ্ষ বিষয়ে ইণ্টাৰনেটত এখন ছবি ভাইৰেল হৈ আছে। ছবিখন কেপশ্বনৰ সৈতে […]

Continue Reading

FACT CHECK: চীনা ‘পিএলএ’ৰ পুৰণি প্ৰশিক্ষণৰ ছবি শেহতীয়াকৈ ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰাৰ সময়ৰ বুলি ভাইৰেল হৈছে

ঘোঁৰাত উঠি থকা পিপলছ লিবাৰেচন আৰ্মীৰ কেইজনমান জোৱানৰ ছবি ছ’চিয়েল মিডিয়া প্লেটফৰ্মত ভাইৰেল হৈ পৰিছে আৰু এই দাবী কৰা হৈছে যে এইয়া ইণ্ডো-চীন সীমান্তৰ শেহতীয়া ঘটনাৰ হয়। শিৰোনামটোত দাবী কৰা হৈছে যে যেতিয়া পিএলএ জোৱানসকলে শেহতীয়াকৈ উত্তৰাখণ্ডৰ সীমান্তত ভাৰতীয় ভূখণ্ডত প্ৰৱেশ কৰিছিল তেতিয়া ছবিখন তোলা হৈছিল।  ফেচবুকত অসমত ভাইৰেল হৈ পৰা এনে এটা পোষ্টত কোৱা […]

Continue Reading