অলপতে আমাৰ হোৱাটচ‌এপ নম্বৰলৈ এটা পোষ্ট ফ'ৰৱাৰ্ড কৰা হৈছিল। তাত উল্লেখ কৰা হৈছিল যে পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা বুৰ্জ খলিফাত পাকিস্তানৰ পতাকা লগোৱা নহ'ল। উল্লেখযোগ্য যে ১৪ আগষ্টত পাকিস্তানে স্বাধীনতা দিৱস পালন কৰে। প্ৰতিবছৰে ভাৰত আৰু পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা দুয়োখন দেশৰে পতাকাৰ আলোক প্ৰদৰ্শনীৰে বুৰ্জ খলিফা উজলাই তোলা হয়।

Archived Link

একেধৰণৰ পোষ্ট ফেচবুকতো পোৱা গ'ল। Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

গুগলত কীৱৰ্ড চাৰ্চ কৰি ডেইলী পাকিস্তানৰ ৱেবছাইটত প্ৰকাশিত এটা প্ৰতিবেদন আমি পালোঁ। প্ৰতিবেদন অনুসৰি পাকিস্তানৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত বহু পাকিস্তানী বুৰ্জ খলিফাত নিজৰ জাতীয় পতাকাৰ আলোক প্ৰদৰ্শনী চাবলৈ বুৰ্জ খলিফালৈ গৈছিল। কিন্তু কিবা কাৰণত অনুষ্ঠানটোত পলম হৈছিল যিয়ে ৰাইজক হতাশ কৰি তুলিছিল। বহুতে ভিডিঅ' শ্বেয়াৰ কৰি দাবী কৰে যে ডুবাইয়ে বুৰ্জ খলিফাত পাকিস্তানৰ পতাকাৰ আলোক প্ৰদৰ্শনী কৰিবলৈ অস্বীকাৰ কৰে।

১৪ আগষ্টত বুৰ্জ খলিফাৰ অফিচিয়েল ইনষ্টাগ্ৰাম একাউণ্টত পাকিস্তানৰ পতাকাৰ আলোক প্ৰদৰ্শনীৰ ভিডিঅ’ পোষ্ট কৰা হৈছিল। পোষ্টটোত কোৱা হৈছিল যে বুৰ্জ খলিফাই স্বাধীনতা দিৱসত পাকিস্তানৰ পতাকাৰ আলোক প্ৰদৰ্শনী কৰিছে। পাকিস্তানক অভিনন্দন জনাই লিখা আছিল, “আপোনালোকে আপোনালোকৰ মহান দেশৰ চহকী ঐতিহ্য আৰু কৃতিত্বক উদযাপন কৰাৰ সময়ত আমি পাকিস্তানৰ জনসাধাৰণক গৌৰৱ, ঐক্য আৰু সমৃদ্ধিৰে ভৰা দিন কামনা কৰিছো।”

এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে ওপৰৰ ভিডিঅ’টোৰ বিষয়ে স্পষ্টীকৰণ বিচাৰিছে যে এইটো শেহতীয়া ভিডিঅ’ নে পুৰণি ভিডিঅ’। ইয়াৰ উত্তৰত বুৰ্জ খলিফাই কয় যে এই ভিডিঅ'টো চলিত বৰ্ষৰ ১৪ আগষ্টৰ। সন্ধিয়া ৭.৫০ বজাত বুৰ্জ খলিফাত পাকিস্তানৰ পতাকাৰ আলোক প্ৰদৰ্শনী কৰা হয়।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো বিভ্ৰান্তিকৰ। যদিও এয়া সঁচা যে ১৪ আগষ্টৰ মাজনিশা বুৰ্জ খলিফাত পাকিস্তানৰ পতাকাৰ আলোক প্ৰদৰ্শনী কৰা হোৱা নাছিল, কিন্তু সেইদিনা সন্ধিয়া ৭:৫০ বজাত পাকিস্তানৰ পতাকাৰ আলোক প্ৰদৰ্শনী অনুষ্ঠিত কৰা হৈছিল।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পাকিস্তানৰ স্বাধীনতা দিৱসৰ দিনা বুৰ্জ খলিফাত পাকিস্তানৰ পতাকাৰ আলোক প্ৰদৰ্শনী সঁচাকৈয়ে অনুষ্ঠিত কৰা হোৱা নাছিল নেকি?

Written By: Debanjana Baishya

Result: Misleading