এই ল’ৰাটোৰ অদ্ভূত আচৰণ পাবজি গেমৰ আসক্তিৰ বাবে নহয়! 

False Political

শেহতীয়াকৈ এখন ষ্ট্ৰেচ্ছাৰত পৰি থকা অৱস্থাত হাতেৰে বিভিন্ন ইংগিত দি থকা এজন ল’ৰাৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টো এই দাবীৰ সৈতে ভাইৰেল হৈ পৰিছে যে এই ল’ৰাজন মোবাইল গেম, পাবজিৰ প্ৰতি আসক্ত । দাবীটোত কোৱা হৈছে যে এই গেমৰ প্ৰতি তেওঁৰ আসক্তিৰ বাবে তেওঁৰ এই অৱস্থা হৈছে । 

এনে এটা পোষ্ট ১০ এপ্ৰিল, ২০২২ তাৰিখে দুপৰীয়া ২:১০ বজাত পংকজ পাঠক নামৰ এটা ফেচবুক প্ৰফাইলৰ পৰা আপলোড কৰা হৈছে: 

Facebook Post | Archived Link

উক্ত ফেচবুক পোষ্টটো ৭৭০০তকৈও অধিক বাৰ শ্বেয়াৰ কৰা হৈছে ।

অনুসন্ধানৰ পাছত ফেক্ট ক্ৰেচেণ্ডো অসমীয়াই দাবীটো মিছা বুলি ঠাৱৰ কৰিছে । ইয়াত তথ্য পৰীক্ষাৰ বিৱৰণ দিয়া হৈছে…

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে, আমি লক্ষ্য কৰিছিলোঁ যে ভিডিঅ’টোত ল’ৰাজনে এনেদৰে ইংগিত দি আছে যেন তেওঁ বন্দুকেৰে লোড আৰু শ্বুটিং কৰি আছে আৰু তাৰ পিছত তেওঁ এটা বোমা নিক্ষেপ কৰাৰ দৰে আচৰণ কৰিছে । এনেদৰে পাবজি খেলা নহয়। ম’বাইল ফোনত খেলা খেলুৱৈসকলে কেৱল ফোনটো পথালি ভাৱে ধৰি ৰাখে আৰু খেলিবলৈ আইকন বা বুটাম টিপে। ভাৰ্চুৱেল ৰিয়েলিটি বা ভিআৰ গেমত হে আইকন বা বুটাম টিপা কথা নাহে । 

আমি লক্ষ্য কৰিছিলো যে শ্ৰৱণযোগ্য কথোপকথন তামিল ভাষাত হৈ আছে। সেয়েহে, আমি গুগলত এটা কীৱৰ্ড অনুসন্ধান চলাবলৈ সিদ্ধান্ত লৈছিলো, তামিলনাডুত এনে ঘটনা সঁচাকৈয়ে সংঘটিত হৈছিল নেকি জানিবলৈ। আমি ৭ এপ্ৰিল, ২০২২ তাৰিখে এবিপি নিউজৰ তামিল ৱেবছাইটত প্ৰকাশিত এক বাতৰি বিচাৰি পালোঁ য’ত বাতৰিটোৰ প্ৰতিবেদনৰ শিৰোনাম “পাবজি অনলাইন আসক্তি: ফোন অবিহনে খেলাৰ দৰে ভঙ্গী” দিয়া হৈছে । ভাইৰেল ভিডিঅ’ৰ স্ক্ৰীণশ্বট থকা বাতৰি প্ৰতিবেদনত কোৱা হৈছে যে অনলাইন গেমৰ প্ৰতি আসক্ত এজন ১৭ বছৰীয়া ছাত্ৰক নেলাই বা তিৰুনেলভেলি জিলাৰ নানগুনেৰীত চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । ABP Link 

আমি আন এটা কীৱৰ্ড অনুসন্ধান চলাইছিলো আৰু ৮ এপ্ৰিল, ২০২২ তাৰিখে ‘টাইমছ অফ ইণ্ডিয়া’ত প্ৰকাশিত এক বাতৰি দেখা পালোঁ । 

Screenshot, TOI News report

Times of India Link

প্ৰতিবেদনৰ শিৰোনাম আছিল “ল’ৰাজনৰ ভিডিঅ’ পাবজি আসক্তিৰ নহয়”, চিকিৎসকসকলে কয়। প্ৰতিবেদনখনত তিৰুনেলভেলি এমচিএইচৰ ডিন ডাঃ এম ৰবিচন্দ্ৰনৰ উদ্ধৃতি দি কোৱা হৈছে যে “এইটো এটা ৰোগ নহয়। যদিও ল’ৰাজনে মোবাইল ফোন যথেষ্ট ব্যৱহাৰ কৰা দেখা গৈছে, কিন্তু ই আসক্তি নাছিল।” তেওঁ কৈছিল যে ল’ৰাজনে তেওঁৰ পিতৃ-মাতৃৰ মনোযোগ আকৰ্ষণ কৰিবলৈ এনেদৰে কৰি আছিল কিয়নো তেওঁলোকে তেওঁক মোবাইল ফোন ব্যৱহাৰ বন্ধ কৰিবলৈ কৈছিল আৰু লগতে কৈছিল যে পৰিয়ালটোৱে পিছদিনা ৰাতিপুৱা তেওঁক ঘৰলৈ লৈ গৈছিল। “কোনোবাই অজ্ঞাতে ভিডিঅ’টো শ্বুট কৰিছিল আৰু সংবাদ মাধ্যমত ইয়াক ভুলকৈ উপস্থাপন কৰিছিল। একে সময়তে, আমি আকৌ এবাৰ ল’ৰাৰ মাক-দেউতাকক ফোন কৰিছো ল’ৰাজনৰ সু-স্বাস্থ্য নিশ্চিত কৰিবলৈ,” তেওঁ লগতে কয়।

ফলাফল

ভাইৰেল ভিডিঅ’ উদেশ্য কৰি কৰা দাবীটো যে ল’ৰাজনে মোবাইল গেম পাবজিৰ আসক্তিৰ বাবে তেওঁ মানসিক ভাৰসাম্য হেৰুৱাইছিল বা অদ্ভূত আচৰণ কৰিছিল মিছা হয় । চিকিৎসকসকলে কৈছে যে তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ নিষেধ কৰাৰ পিছত তেওঁ সম্ভৱতঃ  তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিবলৈ এনে কৰিছিল আৰু এইটো আসক্তিৰ ঘটনা নহয়।

Avatar

Title:এই ল’ৰাটোৰ অদ্ভূত আচৰণ পাবজি গেমৰ আসক্তিৰ বাবে নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *