ম্যানমাৰৰ শেহতীয়া ভূমিকম্পৰ সময়ত চীনৰ ৰুইলি চহৰৰ হস্পিতালৰ দৃশ্য ম্যানমাৰৰ বুলি ভাইৰেল।

ম্যানমাৰত শেহতীয়াকৈ হোৱা ৭.৭ প্ৰাবল্যৰ ভূমিকম্পৰ পাছত ছ’চিয়েল মিডিয়াত বহু ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হ’ল য’ত কোনো এক হস্পিতালৰ এটা ৱাৰ্ডৰ ভূমিকম্পৰ সময়ৰ  চিচিটিভি ফুটেজ দেখা গৈছে। ভিডিঅ’টোত দেখা গৈছে যে তীব্ৰ ভূমিকম্পৰ সময়ত এগৰাকী নাৰ্ছে নৱজাতক এটিক কোচত লৈ মজিয়াত আঁঠু কাঢ়ি বহি পৰিছে আৰু আন […]

Continue Reading

সুনীতা উইলিয়ামছৰ ভাৰত ভ্ৰমণৰ সময়ৰ পুৰণি ভিডিঅ’ আমেৰিকাৰ সংবাদমেলৰ বুলি ভাইৰেল।

শেহতীয়াকৈ সুনীতা উইলিয়ামছৰ এক সংবাদ মেলৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত সুনীতা উইলিয়ামছে ভাগৱত গীতা আৰু উপনিষদৰ বিষয়ে কোৱা দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া সুনীতা উইলিয়ামছৰ আমেৰিকাৰ এক সংবাদ মেলৰ দৃশ্য। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “বিজ্ঞানৰ দুই এটা সূত্ৰ মুখস্থ কৰি নিজকে বৈজ্ঞানিক বুলি ভাবি লৈ ধৰ্মক উপলুঙা […]

Continue Reading

সুনীতা উইলিয়ামছে মাধ্যাকৰ্ষণ শূণ্য ঠাইত উপস্থিত হৈ আনন্দ প্ৰকাশ কৰা এই ভিডিঅ’টো পুৰণি।

আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰত ন মাহ কটাই যোৱা ১৮ মাৰ্চত মহাকাশচাৰী সুনীতা উইলিয়ামছ, বুটছ উইলমোৰ, নিক হেইগ আৰু আলেকজেণ্ডাৰ গৰ্বোনভ পৃথিৱীলৈ ঘূৰি আহে। এই পৰিপ্ৰেক্ষিতত সুনীতা উইলিয়ামছ আৰু বুটছ উইলমোৰৰ এটা ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত য’ত এক মাধ্যাকৰ্ষণ শূণ্য ঠাইত উপস্থিত হৈ আন তিনিগৰাকী মহাকাশচাৰীক দেখি সুনীতা উইলিয়ামছে আনন্দত নচা দেখা গৈছে। তেওঁৰ পিছে […]

Continue Reading

ইউনাইটেড আৰৱ এমিৰেটছৰ মহাকাশচাৰী চুলতান-আল-নিয়াদীয়ে বৰ্তমান মহাকাশত ৰোজা পালন কৰিছে নেকি?

যোৱা ১ মাৰ্চৰ পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ বাবে পবিত্ৰ মাহ ৰমজান মাহ আৰম্ভ হৈছে। এই পৰিপ্ৰেক্ষিতত এটা ছ’চিয়েল মিডিয়া পোষ্ট আমাৰ দৃষ্টিগোচৰ হ’ল য’ত দাবী কৰা হৈছে যে এগৰাকী মুছলমান ধৰ্মাৱলম্বী বিজ্ঞানীয়ে বৰ্তমান মহাকাশত “ৰোজা” পালন কৰি আছে। ইউনাইটেড আৰৱ এমিৰেটছৰ চুলতান-আল-নিয়াদী নামৰ এই মহাকাশচাৰীগৰাকীয়ে বিশ্বৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহাকাশত ৰোজা পালন কৰা বুলি দাবী […]

Continue Reading

ড’নাল্ড ট্ৰাম্পে ভলোডিমিৰ জেলেনস্কিক “Stupid President” বুলি কৈছিল নেকি?

যোৱা ২৮ ফেব্ৰুৱাৰীত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ মাজত এক দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। ৱাশ্বিংটন ডি চিৰ হোৱাইট হাউচৰ অভেল অফিচত (oval office) লাইভ টেলিভিছনত হোৱা এই বৈঠকত ড’নাল্ড ট্ৰাম্প আৰু আমেৰিকাৰ উপ ৰাষ্ট্ৰপতি জে ডি ভান্সে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক তীব্ৰ বাক্যবাণেৰে থকা-সৰকা কৰা দেখা গৈছিল। এই পৰিপ্ৰেক্ষিতত ছ’চিয়েল মিডিয়াত […]

Continue Reading

মঞ্চাভিনয় কৰি থকা এই ব্যক্তিজন ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কি নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।

শেহতীয়াকৈ এগৰাকী পুৰুষ আৰু চাৰিগৰাকী মহিলাৰ এক মঞ্চাভিনয়ৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। দাবী কৰা হৈছে যে সেয়া ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিৰ এক পুৰণি কমেডী ভিডিঅ’।  ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “কমেডিয়ান যেতিয়া ৰাষ্ট্ৰপতি হয়! (ভাৰততো এনে বহু সংখ্যক জেলেনস্কী Version আছে)” Facebook Link | Archived Link  আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই […]

Continue Reading

আকাশত যুদ্ধ বিমানেৰে গঠন কৰা ত্ৰিশূল আকৃতিৰ এই ফটোখনৰ মহাকুম্ভ মেলাৰ‌ সৈতে কোনো সম্পৰ্ক নাই।

যুদ্ধ বিমানেৰে আকাশত ত্ৰিশূলৰ আকৃতি গঠন কৰা এখন ফটো শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাৰ‌ অন্তিম দিনা ভাৰতীয় বায়ু সেনাই প্ৰদৰ্শন কৰা ‘এয়াৰ শ্বো’ৰ দৃশ্য সেয়া।  ফটোখন ফেচবুকত শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “যোৱা শিৱৰাত্ৰীৰ দিনা প্ৰয়াগৰাজ মহাকুম্ভত তিনিখন ছুখয় বিমানে আকাশমাৰ্গত ত্ৰিশূলৰ সৃষ্টি কৰে ।‌ ইতিমধ্যে মহাকুম্ভমেলাৰ […]

Continue Reading

হিন্দী গীতত নৃত্য কৰি থকা এই মহিলাগৰাকী দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা নহয়।

ৰেখা গুপ্তাই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছৰেপৰা বিভিন্ন ধৰণৰ পোষ্ট ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। এই পৰিপ্ৰেক্ষিতত এগৰাকী মহিলাই এটি হিন্দী গীতত নৃত্য কৰি থকা এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে য’ত দাবী কৰা হৈছে যে মহিলাগৰাকী দিল্লীৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “দিল্লীৰ নতুন মুখ্যমন্ত্ৰী জনীৰ […]

Continue Reading

ৰাম মন্দিৰত ঢোলবাদনৰ এই ভিডিঅ’টোৰ শিৱাজী জয়ন্তীৰ সৈতে কোনো সম্পৰ্ক নাই।

শেহতীয়াকৈ অযোধ্যাৰ ৰাম মন্দিৰত ঢোলবাদনৰ এক ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। দাবী কৰা হৈছে যে সেয়া শিৱাজী জয়ন্তী উপলক্ষে যোৱা ১৯ জানুৱাৰীত ৰাম মন্দিৰত আয়োজন কৰা অনুষ্ঠানৰ দৃশ্য।  ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “আজি অযোধ্যাৰ ৰাম মন্দিৰৰ পৰা এই শিৱৰ গৰ্জন শুনি, বাবৰৰ ল’ৰা-ছোৱালীবোৰে আকৌ কান্দিব…… #জয়_ভৱানী_জয়_শিৱাজী  #ChhatrapatiShivajiMaharajJayanti #highlightseveryone #followforfollowback Facebook Link | […]

Continue Reading

ভিডিঅ’টোত তৰোৱাল-চালনা প্ৰদৰ্শন কৰা মহিলাগৰাকী দিল্লীৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা নহয়।

যোৱা ২০ ফেব্ৰুৱাৰীত ৰেখা গুপ্তাই দিল্লীৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। এই পৰিপ্ৰেক্ষিতত এগৰাকী মহিলাই তৰোৱাল চালনা প্ৰদৰ্শন কৰা এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত আৰু দাবী কৰা হৈছে যে মহিলাগৰাকী দিল্লীৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেখা গুপ্তা। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “নাৰী শক্তিৰ এক  নিদৰ্শন ❤️🙏 দিল্লীৰ বিজেপিৰ নৱ-নিৰ্বাচিত মুখ্যমন্ত্ৰী মাননীয়া […]

Continue Reading