মস্কোৰ পুৰণি ভিডিঅ’ ইজৰাইলৰ ওপৰত হোৱা শেহতীয়া আক্ৰমণ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ বুলি দাবী কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো একেই দাবীৰে প্ৰেৰণ কৰা হৈছিল।

Update: 2024-10-09 11:46 GMT

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে যিটো ইজৰাইলৰ ওপৰত ইৰাণৰ আক্ৰমণ বুলি দাবী কৰা হৈছে। আমাৰ ফেক্টলাইন নম্বৰ 9049053770লৈয়ো সেই ভিডিঅ’টো একেই দাবীৰে প্ৰেৰণ কৰা হৈছিল।




Full View


কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে সেই ভিডিঅ’টোৰ কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। ইয়াৰ ফলত ২০২৩ চনত ডেইলী মোচনত প্ৰকাশিত এটা ভিডিঅ’ ৰিপ’ৰ্ট পালোঁ।ভিডিঅ’টোত কেইবাটাও ক্লিপ আছে আৰু ভাইৰেল ভিডিঅ’টো তাৰে আৰম্ভণিতে আছে। প্ৰতিবেদন অনুসৰি ২০২৩ চনৰ ৩০ জুলাইত ৰাছিয়াৰ মস্কোত এই কাণ্ড সংঘটিত হৈছিল।





Archived Link.

ইয়াৰ পাছত আমি ইউটিউব চেনেল এনবিচি নিউজত এটা ভিডিঅ’ পালোঁ। ভিডিঅ’টোত ভাইৰেল হোৱা ফুটেজটো আছিল আৰু তাক ৰাছিয়াৰ মস্কোত ইউক্ৰেনৰ ড্ৰ’ন আক্ৰমণ বুলি বৰ্ণনা কৰা হৈছে। ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছে, "সপ্তাহৰ শেষৰ ফালে মস্কোত ড্ৰ'নে অট্টালিকাসমূহৰ ক্ষতিসাধন কৰে। ৰাছিয়াৰ সেনাই কয় যে তেওঁলোকে তিনিটা ড্ৰ'ন পেলাইছিল আৰু কৰ্তৃপক্ষই ওচৰৰ বিমানবন্দৰত বিমান সেৱা কিছু সময়ৰ বাবে বন্ধ কৰি দিছিল। এনবিচি নিউজৰ মেট ব্ৰেডলিৰ হাতত শেহতীয়া তথ্য আছে"।

Full View

Archived Link

ইয়াৰ উপৰিও কিছুমান প্ৰাসংগিক কী-ৱৰ্ড ব্যৱহাৰ কৰি সন্ধান কৰোতে আমি ২০২৩ চনৰ ৩০ জুলাইত বিবিচি নিউজত প্ৰকাশিত এটা বাতৰিৰ পাইছিলোঁ। ভাইৰেল ভিডিঅ’টো সেই প্ৰতিবেদনৰ সৈতে সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি, "ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে জনাইছে যে দেওবাৰে তিনিখন ইউক্ৰেইনৰ ড্ৰ'ন নমাই দিয়া হৈছে। তাৰে দুখনে কাৰ্যালয়ত খুন্দা মাৰিছিল। দেওবাৰে মস্কোৰ এটা অট্টালিকাৰ সমীপত সংঘটিত হোৱা বিস্ফোৰণৰ ফুটেজ ওচৰৰ প্ৰত্যক্ষদৰ্শীয়ে বন্দী কৰিছিল।"



Archived Link

 অৱশ্যে ৰাজধানী মস্কোত ড্ৰ’ন আক্ৰমণৰ পাছত ৰাছিয়াত পুনৰ যুদ্ধ হ’ব বুলি সকীয়াই দিছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ জেলেনস্কিয়ে। জেলেনস্কিয়ে কয় যে ৰাছিয়াৰ ভূখণ্ডত আক্ৰমণ দুয়োখন দেশৰ মাজত হোৱা যুদ্ধৰ এক “অনিবাৰ্য, স্বাভাৱিক আৰু একেবাৰে ন্যায্য প্ৰক্ৰিয়া”। ৰয়টাৰৰ এটা ভিডিঅ’ ৰিপ’ৰ্ট তলত চাব পাৰিব।

Full View

ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু সেয়া মস্কোৰ ভিডিঅ’। ইজৰাইলৰ ওপৰত শেহতীয়াকৈ ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা।ভিডিঅ’টো পুৰণি আৰু সেয়া মস্কোৰ ভিডিঅ’। ইজৰাইলৰ ওপৰত শেহতীয়াকৈ ইৰাণৰ ক্ষেপণাস্ত্ৰ আক্ৰমণৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Claim :  মস্কোৰ পুৰণি ভিডিঅ’ ইজৰাইলৰ ওপৰত হোৱা শেহতীয়া আক্ৰমণ বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে।
Claimed By :  Social Media User
Fact Check :  FALSE
Tags:    

Similar News