এমাজনৰ মিষ্ট্ৰীবক্স উপহাৰৰ ভাইৰেল লিংকটো ভুৱা। ইয়াৰ কোনো সত্যতা নাই।

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ লিংক ফৰৱাৰ্ড কৰি দাবী কৰা হৈছে যে ই-কমাৰ্ছ প্ৰতিস্থান এমেজনে মিষ্ট্ৰী বক্স নামৰ এক বিশেষ সুবিধা প্ৰদান কৰিছে। আমাৰ ওচৰলৈয়ো সেই লিংকটো আহিল।

Update: 2024-10-01 10:22 GMT

শেহতীয়াভাবে অসমৰ হোৱাটছএপত এটা বিশেষ লিংক ফৰৱাৰ্ড কৰি দাবী কৰা হৈছে যে ই-কমাৰ্ছ প্ৰতিস্থান এমেজনে মিষ্ট্ৰী বক্স নামৰ এক বিশেষ সুবিধা প্ৰদান কৰিছে। আমাৰ ওচৰলৈয়ো সেই লিংকটো আহিল।

Archived Link

কিন্তু এই দাবী সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে সেই লিংকটোক ক্লিক কৰি চালোঁ। তেতিয়া আমি কিছুমান প্ৰশ্নৰ সমুখিন হ’লোঁ।




 


 

সেই মতে আমি উত্তৰসমুহ প্ৰদান কৰি আগুৱাই গ’লোঁ। সকলো উত্তৰ প্ৰদান কৰাৰ অন্তত আমাৰ প্ৰতি অভিনন্দনসূচক এক বাৰ্তা আহিল।




 

তাত ক্লিক কৰাৰ লগে লগেই পুৰস্কাৰ লাভৰ সুবিধা থকা এক ইণ্টাৰফেছ আমি দেখিলোঁ। তাত ক্লিক কৰাৰ লগে লগে আমি নিৰ্দিষ্ট পুৰস্কাৰ লাভ কৰা বুলি সচিত্ৰ বাৰ্তা প্ৰেৰণ কৰা হ”ল।




 

ইয়াৰ পাছত আহিল সেই লিংকটো হোৱাটছএপযোগে প্ৰেৰণ কৰাৰ নিৰ্দেশ। আমি একাধিকবাৰ সেইদৰে হোৱাটছএপত প্ৰেৰণ কৰা বুটামটো ক্লিক কৰাৰ অন্তত আমি উপহাৰৰ যোগ্য হোৱা বুলি প্ৰম্পটটো আহিল।




 

আৰু ট্ৰেক মাই অৰ্ডাৰ অপছনটোত ক্লিক কৰোতে বাৰে বাৰে Please Try Again বুলি ওলায়।




 

ইয়াৰ পৰা আমি নিশ্চিত হ’লোঁ যে এই লিংকটোৰ জৰিয়তে কোনোধৰণ উপহাৰ বা মিষ্ট্ৰী বক্স লাভ কৰাৰ সুবিধা নাই। একাধিকবাৰ এইদৰে নিৰ্দেশানুসাৰে গৈ থকাৰ পাছতো একেই ফলাফল ওলোৱাত আমি সেই লিংকৰ সত্যতাৰ ক্ষেত্ৰত আমাৰ সিদ্ধান্তলৈ আহিলোঁ যে লিংকটো ফলপ্ৰসূ বা শুদ্ধ নহয়।

ইয়াৰ পাছত আমি এমাজনৰ তৰফৰ পৰা এইক্ষেত্ৰত কোনো ঘোষণা বা কোনো আনুষ্ঠানিক ব্যৱস্থা প্ৰনয়ন কৰা হৈছে নেকি, সেই কথাৰ নিশ্চিতি লোৱাৰ বাবে কোম্পানীটোৰ ৱেবছাইটটো পৰীক্ষা কৰিলোঁ। কিন্তু তাত তেনেকুৱা কোনো কথা নাপালোঁ।




 

কেৱল ইমানেই নহয় আমি এমাজনৰ ফেচবুক পেজ, ইনষ্টাগ্ৰাম আৰু এক্স হেণ্ডেলকেইটাও পৰীক্ষা কৰিলোঁ। কিন্তু ক’তো তেনেকুৱা একো ঘোষণায়ে নাপালোঁ।




 

ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে অসমৰ হোৱাটছএপত যিটো লিংক ভাইৰেল হৈছে সেইটো এমাজনৰ মিষ্ট্ৰীবক্স উপহাৰৰ প্ৰকৃত লিংক নহয়। সেই লিংকটোৰ জৰিয়তে কোনেও কোনোধৰণৰ উপহাৰ লাভ নকৰে। উল্লেখযোগ্য যে মিষ্ট্ৰীবস্ক নামৰ এক ব্যৱস্থা এমাজনত আছে যদিও সেয়া ভিন্ন। ইয়াৰ সৈতে সেই সুবিধাৰ কোনো সম্পৰ্ক নাই।

তদুপৰি আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইতিপূৰ্বেও এইধৰণ ভুৱা লিংক সম্পৰ্কত বহুকেইটা সত্যতা নিৰূপণ কৰি থৈছোঁ। আপোনালোকে সেই প্ৰতিবেদন ইয়াত, ইয়াত চাব পাৰিব।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। অসমৰ হোৱাটছএপত যিটো লিংক ভাইৰেল হৈছে সেইটো এমাজনৰ মিষ্ট্ৰীবক্স উপহাৰৰ প্ৰকৃত লিংক নহয়। সেই লিংকটোৰ জৰিয়তে কোনেও কোনোধৰণৰ উপহাৰ লাভ নকৰে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Claim :  এমাজনৰ মিষ্ট্ৰীবক্স উপহাৰৰ ভাইৰেল লিংকটো ভুৱা। ইয়াৰ কোনো সত্যতা নাই।
Claimed By :  Social Media User
Fact Check :  FALSE
Tags:    

Similar News