
ভাৰতত কোভিড ১৯ৰ সংক্ৰমণ ভয়াবহ ভাৱে বৃদ্ধিৰ কথাটোৱে ছ’চিয়েল মিডিয়াত শেহতীয়াভাৱে তোলপাৰ লগাই আছে। কৰ’ণা ভাইৰাছৰ পুনৰুত্থানৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ৰাজ্যই কঠোৰ স্থিতি গ্ৰহন কৰি, সামাজিক দূৰত্ব অৱলম্বন কৰাৰ পৰা মাস্ক ব্যৱহাৰ কৰালৈকে সাৱধানতামূলক পদক্ষেপ আদি গ্ৰহন কৰা কথাবোৰ ব্যাপক আলোচনা হৈছে।
এনে সময়তে একাংশ সাধুৰ সম্বলিতে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ তথা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ এখন ফটো অসমৰ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এই দাবীৰে যে এই ফটোখন ২০২১চনৰ কুম্ভমেলাৰ হয় । ফটোখনৰ সৈতে থকা কেপছনত লিখা হৈছে যে, “নিজামুদ্দিন মাৰ্কাজত জামাতীসকলে বাৰু এবছৰ পূৰ্বে নাজানি ভূল কৰিছিল।কিন্তু এইসকলে বিগত এটা বছৰে ক’ৰ’না সংক্ৰমণ সৰ্ম্পকত জানি-বুজি(কুম্ভমেলা) ভূল কৰাৰ কাৰণ কি!!!”
উক্ত ফটোখন মৃণালী দেৱী নামৰ এক ফেচবুক প্ৰফাইলৰ পৰা আপলোড কৰা হৈছে আৰু উক্ত পোষ্টটো বৰ্তমানলৈকে ৬.৩ হেজাৰ বাৰ শ্বেয়াৰ কৰা হৈছে । এই ধৰণৰ আন কিছু পোষ্টও ভাইৰেল হৈছে । তেনেকুৱা কিছুমান পোষ্ট এয়া:

Original Link- Facebook | Archived Link
Original Link- Facebook | Archived Link
Original Link- Facebook | Archived Link
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই এই ভাইৰেল ফটোখনৰ সম্পৰ্কত এক অনুসন্ধান কৰাৰ সিদ্ধান্ত ললো আৰু জানিব পাৰিলো যে উক্ত ফটোখন আচলতে বৰ্তমানৰ নহয় আৰু পুৰণি হয় ।
সত্যতা নিৰূপন পদ্ধতি:
আমি প্ৰথমে উক্ত ভাইৰেল ফটোখন গুগলত ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ আৰু দেখিলোঁ যে নিউজ ১৪ৰ ৱেবছাইটত উক্ত ফটোখন ২০১৯ৰ কুম্ভ মেলাৰ ফটো ৰচনা হিচাবে প্ৰকাশ কৰা হৈছিল ।
(Photo 19/115) Archived Link
ইয়াৰ উপৰিও আমি কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্চ কৰোঁতে হিন্দুস্তান টাইমছৰ এক নিউজ ৰিপৰ্টত একেই অনুষ্ঠানৰ আন এক দিশৰ পৰা তোলা আন এখন ফটো দেখা পালোঁ ।
বাতৰিটো পঢ়িলেই স্পষ্ট হৈ পৰে যে উক্ত ভাইৰেল ফটোখন ২০১৯ চনৰ কুম্ভ মেলাৰ সময়ৰ হয় ।
ইয়াৰ উপৰিও আমি এই অনুষ্ঠানৰ আন কিছু ফটো দূৰদৰ্শন চেনেলৰ টুইটাৰ হেন্দেলৰ পৰা আপলোড কৰা দেখিলোঁ ।
ফলাফল
উক্ত ভাইৰেল ফটোখন বৰ্তমানৰ নহয় তথা কোভিড ১৯ৰ সংক্ৰমণৰ সময়ৰ ও নহয় । উক্ত ভাইৰেল ফটোখন আচলতে ২০১৯ চনৰ কুম্ভ মেলাৰ সময়ৰ হয় । উক্ত ফটোখন শেহতীয়াকৈ হৈ যোৱা কুম্ভ মেলাৰ বুলি প্ৰচাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে ।

Title:এই ভাইৰেল ফটোখন শেহতীয়াকৈ অনুষ্ঠিত হৈ যোৱা কুম্ভ মেলাৰ সময়ৰ নহয়!
Fact Check By: Manjori BorkotokyResult: False
