অযোধ্যাত নিৰ্মীয়মান ৰাম মন্দিৰ উদ্বোধনৰ দিন ওচৰ চাপিছে। ২০২৪ চনৰ ২২ জানুৱাৰীত ৰামচন্দ্ৰৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। এনে সময়তে কিছুমান বিশেষ ফটো চ'চিয়েল মেডিয়াত ভাইৰেল হৈছে এই দাবীৰে যে এয়া অযোধ্যাৰ ৰেলৱে ষ্টেচনৰ দৃশ্য।

ফেচবুকতো ব্যৱহাৰকাৰীয়ে এই ফটোসমূহ বহুলভাৱে শ্বেয়াৰ কৰা দেখা গৈছে।

Facebook Link | Archived Link

এনেধৰণৰ পোষ্ট ইয়াত, ইয়াত, ইয়াত, ইয়াত আৰু ইয়াতো চাব পাৰিব।

Archived Post

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

তদন্তৰ আৰম্ভণিতে যদি আমি অযোধ্যা ষ্টেচনৰ নামত ভাইৰেল হৈ থকা ছবিবোৰ ভালদৰে চাওঁ তেন্তে স্পষ্ট হৈ পৰে যে ইয়াক কোনোবা চফটৱেৰেৰে নিৰ্মাণ কৰা হৈছে। ছবিখনত কথিত ষ্টেচনত উপস্থিত থকা একাংশ লোকৰ হাত দেখা যোৱা নাই আৰু একাংশৰ মূৰো দেখা যোৱা নাই। ইয়াৰ উপৰিও ছবিখনত দেখা মেট্ৰ’ লাইনটোও অদ্ভূত হৈ পৰিছে।

ওপৰৰ ফটোখনত দেখা গৈছে যে দেৱালত থকা প্ৰতিমূৰ্তিৰ অংকনত এখন ভৰি নাই। তদুপৰি এস্কেলেটৰটোও এঠাইত লগ লাগি যোৱা দেখা গৈছে।

এই ভাইৰেল ফটোখনৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলে আমি ২৭ অক্টোবৰত দ্য মধ্যপ্ৰদেশ ইনডেক্সে পোষ্ট কৰা একেধৰণৰ ফটো পাইছিলোঁ।

পোষ্টটোৰ তলত এইটোও উল্লেখ কৰা হৈছিল যে এইখন প্ৰকৃত ছবি নহয় এআই ছবিহে। ইয়াৰ লগতে আমি কমেণ্ট বক্সত মোহিত নামৰ এজন ব্যৱহাৰকাৰীৰ পৰা উত্তৰ পাইছিলোঁ। এই ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে AI ইমেজ তেওঁৰ দ্বাৰা সৃষ্টি কৰা হৈছে। আমি যেতিয়া মোহিতৰ প্ৰফাইল চেক কৰিলোঁ তেতিয়া গম পালোঁ যে তেওঁ এই ছবিবোৰ ২২ অক্টোবৰত পোষ্ট কৰিছিল।

https://twitter.com/MohitGr4/status/1715917080510505004

ইয়াৰ পিছত আমি আন ভাইৰেল ফটোৰ ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ য’ত আমি ভাইৰেল ফটোবোৰ দ্য মধ্যপ্ৰদেশ ইণ্ডেক্সৰ টুইটাৰ একাউণ্টত পাইছিলোঁ। যাৰ পৰা দেখা যায় যে ভাইৰেল ফটোবোৰ এআইৰ দ্বাৰা তৈয়াৰ কৰা হৈছে।

ব্যৱহাৰকাৰীয়ে লিখিছে, “@Amarrrrz” নামৰ এজন ব্যক্তিয়ে অযোধ্যা ৰে’লৱে ষ্টেচনৰ কিছুমান আচৰিত AI ছবি তৈয়াৰ কৰিছে আৰু ইও ব্যৱহাৰিক যদিও এতিয়া ষ্টেচন বিল্ডিং ইতিমধ্যে সম্পূৰ্ণ হোৱাৰ বাবে একো কৰিব পৰা নাযায়”।

২৬ অক্টোবৰত নিজৰ টুইটাৰ একাউণ্টতো এই ভাইৰেল ছবিসমূহ প্ৰকাশ কৰিছিল আমাৰ্জে। য’ত তেওঁ কেপচন লিখিছে যে অযোধ্যা ৰে’ল ষ্টেচন সন্দৰ্ভত এনে আশা আছে।

তদন্তত আৰু আমি গুগলত অযোধ্যাৰ মেট্ৰ’ ষ্টেচনৰ বিষয়ে বিচাৰিলোঁ। অৱশ্যে ইয়াৰ কোনো প্ৰকৃত ছবি আমি ইয়াত পোৱা নাছিলো। শেহতীয়া খবৰ অনুসৰি উত্তৰ প্ৰদেশৰ পৰ্যটন খণ্ডক উৎসাহিত কৰিবলৈ উত্তৰ প্ৰদেশ মেট্ৰ’ ৰে’ল নিগমে অযোধ্যা, বাৰাণসী আৰু মথুৰাত মেট্ৰ’ সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। লগতে কোচিৰ লাইনত বাৰাণসীত মেট্ৰ’ সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে চৰকাৰে।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল দাবীটো মিছা। অযোধ্যা ষ্টেচনৰ দৃশ্য বুলি ভাইৰেল হোৱা এই ফটোসমূহ প্ৰকৃত নহয় বৰং কৃত্ৰিম বুদ্ধিমত্তাৰেহে সৃষ্টি কৰা হৈছে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ছবি অযোধ্যা ষ্টেচনৰ প্ৰকৃত ছবি বুলি ভাইৰেল হৈছে।

Written By: Debanjana Baishya

Result: False