চন্দ্ৰযান ৩ৰ বিক্ৰম লেণ্ডাৰে যোৱা ২৩আগষ্টত চন্দ্ৰপৃষ্ঠত সফলভাৱে অৱতৰণ কৰাৰ পিছত সকলো উৎসুক হৈ পৰিছে এই কথা জানিবলৈ যে পৃথিৱীখন চন্দ্ৰৰপৰা দেখিবলৈ কেনে হ'ব। ইয়াৰ লগে লগে কিছুমান ফটো চ'চিয়েল মেডিয়াত ভাইৰেল হৈছে চন্দ্ৰৰপৰা পৃথিৱীৰ দৃশ্য বুলি দাবী কৰি। এনে পোষ্ট আমি ফেচবুকতো পালোঁ।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

আমি প্ৰথমে ভাইৰেল ফটোকেইখন ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ।

আমি প্ৰথমে zeenews.india.com ৱেবছাইটত ভাইৰেল ফটোকেইখনৰ সৈতে একেই ফটো কেইখনমান দেখিলোঁ। ফটোকেইখন সংলগ্ন কৰি তাত কোৱা হৈছিল যে এয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা চন্দ্ৰৰপৰা পৃথিৱীৰ দৃশ্য।

অনুগ্ৰহ কৰি ইয়াত চাওক।

তদুপৰি আমি dnaindia.com ৱেবছাইটতো একেই ফটো দেখিলোঁ, তাতো লিখা আছিল যে এয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ছবি।

অনুগ্ৰহ কৰি ইয়াত চাওক।

এনে এক প্ৰতিবেদন gnttv.com ৱেবছাইটতো আমি পালোঁ।

এইবাৰ আমি ISROৰ অফিচিয়েল এক্স(পূৰ্বৰ টুইটাৰ)ত চন্দ্ৰযানৰ পৰা পঠিওৱা ফটো আৰু ভিডিঅ' বিচাৰিলোঁ। কিন্তু ভাইৰেল ফটোকেইখন তাত পোৱা নগ'ল।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ফটোকেইখন বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰপৰা লোৱা পৃথিৱীৰ দৃশ্যৰ ফটো নহয় বৰং কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটোহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ফটোকেইখন বিক্ৰম লেণ্ডাৰে চন্দ্ৰৰপৰা লোৱা পৃথিৱীৰ দৃশ্যৰ নহয়।

Written By: Factcrescendo Team

Result: False