শেহতীয়াকৈ চ'চিয়েল মেডিয়াত এটা ভিডিঅ' ভাইৰেল হৈছে য'ত বহুসংখ্যক যাত্ৰীৰে ভাপচালিত এখন ৰেলগাড়ী চলি থকা দেখা গৈছে। ভিডিঅ'টোৰ কেপশ্বনত লিখা আছে এইদৰে - "পৃথিৱীৰ প্ৰথমখন ৰেলগাড়ী"।

Facebook Link | Archived Link

আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।

সত্যতা নিৰূপণ পদ্ধতি

প্ৰথমে আমি ভাইৰেল ভিডিঅ'টো কীফ্ৰেমত বিভক্ত কৰি ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰিলোঁ। তেতিয়া আমি কিছু তথ্য পালোঁ।

আমি ইউটিউবত এটা ভিডিঅ' দেখিলোঁ য'ত কেপশ্বন আছিল এইদৰে - " Train History In Cinema 1 Our Hospitality Buster Keaton 1923″।

Pan Pap422 নামৰ চেনেলটোৱে ১২ বছৰ পূৰ্বে আপলোড কৰা এই ভিডিঅ'টোৰ ৩ মিনিট ৪২ ছেকেণ্ডৰপৰা থকা অংশৰ ভাইৰেল ভিডিঅ'টোৰ লগত সাদৃশ্য আছিল।

এইবাৰ আমি কীৱ'ৰ্ড চাৰ্চ কৰি আৱাৰ হচপিটেলিটি চিনেমাখন সম্পূৰ্ণৰূপে আপলোড হোৱা দেখিলোঁ trelosfilosofos নামৰ ইউটিউব চেনেলত।

এই চিনেমাখনৰ ১৭ মিনিট ৪৭ ছেকেণ্ডত আমি ভাইৰেল ভিডিঅ'টোৰ অংশ দেখিলোঁ।

এইবাৰ আমি আৱাৰ হচপিটেলিটি চিনেমাখনৰ বিষয়ে জানিবলৈ কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ।

আমি জানিব পৰিলোঁ যে এই নিৰ্বাক চিনেমাখনে মুক্তি লাভ কৰিছিল ১৯২৩ চনত আৰু পৰিচালনা কৰিছিল জন জি ব্লাইষ্ট'ন আৰু বাষ্টাৰ কীট'নে।

অনুগ্ৰহ কৰি ইয়াত আৰু ইয়াত পঢ়ক।

এইবাৰ আমি পৃথিবীৰ প্ৰথমখন ৰেলগাড়ীৰ বিষয়ে জানিবলৈ কীৱ'ৰ্ড চাৰ্চ কৰিলোঁ।

ব্ৰিটানিকাত উল্লেখ কৰা হৈছে যে ইংলেণ্ডৰ ষ্টকটন এণ্ড ডাৰ্লিংটন ৰেলৱে, ভাপ ট্ৰেকচনৰ সৈতে মালবাহী আৰু যাত্ৰী সেৱা চলোৱা বিশ্বৰ প্ৰথমটো ৰেলৱে। ১৮২১ চনত কিলিংৱৰ্থ কলিয়াৰীত কাম কৰিবলৈ কেইবাটাও ভাপ ইঞ্জিন নিৰ্মাণ কৰা জৰ্জ ষ্টিফেনছনে এডৱাৰ্ড পিজে কয়লাৰ খনন কৰিবলৈ ষ্টকটনৰ উপকূলৰপৰা ডাৰ্লিংটনলৈ ৮ মাইল (১২.৯ কিলোমিটাৰ) দৈৰ্ঘ্যৰ লাইন নিৰ্মাণ কৰাৰ উদ্দেশ্যৰ কথা শুনিলে। ঘোঁৰাৰ ট্ৰেকচন ব্যৱহাৰ কৰাৰ কথা আছিল পিজে। ষ্টিফেনছনে পিজক কয় যে ভাপ ইঞ্জিনে ঘোঁৰাই লোহাৰ ৰেলত টানিব পৰা বোজাতকৈ ৫০ গুণ টানিব পাৰে। আপ্লুত হৈ পিজে ষ্টিফেনছনক নিজৰ লাইনটো নিৰ্মাণ কৰিবলৈ দিবলৈ সন্মত হ’ল।

১৮২৫ চনৰ ২৭ ছেপ্টেম্বৰত প্ৰথম ইঞ্জিনটো ডাৰ্লিংটনৰ পৰা ষ্টকটনলৈ চলিছিল, তাৰ আগতে ঘোঁৰাত উঠি এজন মানুহে পেৰিকুলাম প্ৰাইভেটাম ইউটিলিটাছ পাব্লিকা (“ব্যক্তিগত বিপদ হ'ল ৰাজহুৱা মংগল”) লিখা পতাকা এখন লৈ গৈছিল। ঘোঁৰাচালকজন বাটৰ পৰা আঁতৰি যোৱাৰ সময়ত ষ্টিফেনছনে থ্ৰ’টলটো খুলি ৪৫০ জন লোক কঢ়িয়াই অনা ৱেগনৰ ৰেলখন ঘণ্টাত ১৫ মাইল (২৪ কিলোমিটাৰ) বেগত টানি লৈ গ’ল।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

উল্লেখযোগ্য যে বিশ্বৰ প্ৰথমটো ভাপ ইঞ্জিনৰ নিৰ্মাতা হ'ল ৰিছাৰ্ড ট্ৰেভিঠিক।

অনুগ্ৰহ কৰি ইয়াত পঢ়ক।

ফলাফল

আমাৰ অনুসন্ধানৰ পৰা আমি ক'ব পাৰোঁ যে ভাইৰেল ভিডিঅ'টোত কৰা দাবী মিছা। এয়া পৃথিৱীৰ প্ৰথমখন ৰেলগাড়ীৰ দৃশ্য নহয় বৰং আৱাৰ হচপিটেলিটি নামৰ ১৯২৩ চনৰ এখন নিৰ্বাক চিনেমাৰহে দৃশ্য।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ'টোত পৃথিৱীৰ প্ৰথমখন ৰেলগাড়ীৰ দৃশ্য দেখুওৱা হৈছেনে?

Written By: Debanjana Baishya

Result: False