এই শিল বৰষুণৰ ভাইৰেল ভিডিঅ’টো নাগালেণ্ডৰ নহয়!

False International
stone fb.png

ফেচবুক লিংকসংৰক্ষিত লিংক

সম্প্ৰতি ফেচবুকত প্ৰচণ্ড শিল বৰষুণৰ এক ভিডিঅ’ ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত আমি প্ৰকাণ্ড প্ৰকাণ্ড শিল এখন মুকলি পথাৰত পৰা দেখিছোঁ আৰু দেখি এনেকুৱা লাগিছে যেন কোনোবাই সেই ঠাইত ওপৰৰ পৰা বোমাহে পেলাইছে । এই ভিডিঅ’টো সমগ্ৰ পৃথিৱীতে বিভিন্নজনে আপলোড কৰি ফেচবুকত শ্বেয়াৰ কৰিছে আৰু এই ভিডিঅ’টো বিভিন্ন ঠাইৰ হয় বুলি দাবী কৰিছে । 

অসমটো ‘অতপালি ৰোধ’ নামৰ এক ফেচবুক পে’জৰ পৰা উক্ত ভিডিঅ’টো ২৭ এপ্ৰিল, ২০২০ তাৰিখে, ‘নাগালেণ্ডৰ ভয়াবহ শিল বৰষুণ!’ বুলি শিৰোনামা দি আপলোড কৰা হৈছে আৰু উক্ত ভিডিঅ’টো বৰ্তমানলৈকে ৪৬৫ বাৰ শ্বেয়াৰ কৰা হৈছে আৰু ৭১ হাজাৰবাৰ দৰ্শন কৰা হৈছে । অসমৰ আন কিছু ফেচবুক পে’জ আৰু প্ৰফাইলৰ পৰাও উক্ত ভিডিঅ’টো নাগালেণ্ডৰ হয় বুলি দাবী কৰি আপলোড আৰু শ্বেয়াৰ কৰা হৈছে । 

সঁচাকৈ এইটো নাগালেণ্ডৰ ভিডিঅ’ হয় নেকি? সত্য কি? জানোঁ আহক । 

প্ৰণালী

প্ৰথমে আমি বিশেষ ছফ্টৱেৰৰ সহায়ত ভিডিঅ’টো কীফ্ৰেমছত বিভক্ত কৰিলোঁ আৰু গুগল ৰিভাৰ্ছ ইমেজ চাৰ্ছ কৰিলোঁ । আমি দেখিলোঁ যে উক্ত ভিডিঅ’টো বিভিন্ন সময়ত বিভিন্ন ছচিয়েল মিডিয়া প্ৰফাইলৰ পৰা বিভিন্ন ঠাইৰ হয় বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে । আমি লক্ষ্য কৰিলোঁ যে সকলোবোৰ ভিডিঅ’ ইণ্টাৰনেটত ২২ এপ্ৰিলৰ পাছত ভাইৰেল হব ধৰিছিল । ইয়াৰ পাছত আমি বিভিন্ন কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগলত চাৰ্ছ কৰিলোঁ আৰু ২২ এপ্ৰিলৰ আগত এই ভিডিঅ’টো কোনোবাই আপলোড কৰিছে নেকি, সেইয়া নিশ্চিত কৰিবলৈ আমি চেষ্টা কৰিলোঁ । অৱশেষত আমি উক্ত ভিডিঅ’টো এটা ইউটিউব চেনেলত ১৯ এপ্ৰিলত আপলোড হোৱা দেখিলোঁ । ভিডিঅ’টোত আমি ‘@diwakarbartaula’ বুলি এটা টিকটকৰ জলচিহ্ন দেখিলোঁ । 

stone tiktok 1.png

আমি এই টিকটক ইউজাৰজনৰ নাম দিৱাকৰ বাৰটাওলা বুলি জানিব পাৰিলোঁ আৰু তেওঁ উক্ত ভিডিঅ’টো ১৮ এপ্ৰিল তাৰিখে আপলোড কৰিছিল । 

WhatsApp Image 2020-05-06 at 18.21.20.jpeg

ইয়াৰ পাছত আমাৰ ফেক্ট ক্ৰেছচেণ্ড ইংৰাজী টিমৰ ফালৰ পৰা উক্ত টিকটক ইউজাৰজনৰ সৈতে যোগাযোগ কৰা হ’ল । তেওঁ দাবী কৰিলে যে উক্ত ভিডিঅ’টো আচলতে তেওঁ নেপালৰ গৰাউলি নামৰ গাওঁখনত ৰেকৰ্ড কৰিছিল । ভাইৰেল ভিডিঅ’টোত দেখা পোৱা সেই একেই ঠাইৰ পৰা আন এক ভিডিঅ’ ৰেকৰ্ড কৰি তেওঁ আমালৈ পঠালে ফলত আমি নিশ্চিত হলো যে ভিডিঅ’টো আচলতে সেই ঠাইতে উক্ত লোকজনে ৰেকৰ্ড কৰিছিল । 

stone fc.png

সেই ঠাইখনত যোৱা ১৮ এপ্ৰিল, ২০২০ তাৰিখে প্ৰচণ্ড শিল বৰষুণ হোৱা বুলি এক নিউজ ৰিপৰ্ট বিচাৰি পালোঁ আৰু আমি নিশ্চিত হলোঁ যে উক্ত ভাইৰেল ভিডিঅ’টো সেই ঠাইত ৰেকৰ্ড কৰা হৈছিল । 

stone fm.png

ফলাফল

শিল বৰষুণৰ ভাইৰেল ভিডিঅ’টো নাগালেণ্ডৰ নহয় বৰঞ্চ নেপালৰ হয় । ফেক্ট ক্ৰেছচেণ্ডৱে এই ভিডিঅ’টোৰ প্ৰকৃত গৰাকী জনক বিচাৰি উলিয়াবলৈ সক্ষম হ’ল । 

Avatar

Title:এই শিল বৰষুণৰ ভাইৰেল ভিডিঅ’টো নাগালেণ্ডৰ নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *