
শেহতীয়াভাৱে মণিপুৰত কুকি আৰু মেইটেইৰ মাজত চলি থকা সংঘাতৰ সাক্ষী হৈছে সমগ্ৰ দেশ তথা বিশ্ব। এই সংঘাতত এতিয়ালৈকে ১৫০ জনতকৈয়ো অধিক লোকৰ মৃত্যু হৈছে। এই প্ৰেক্ষাপটত এটা বৃহৎ অগ্নিকাণ্ডত জ্বলি থকা গীৰ্জাৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আৰু এই ঘটনা মণিপুৰত সংঘটিত হোৱা বুলি দাবী কৰা হৈছে৷ দাবীটোত এইটোও কোৱা হৈছে যে প্ৰতিবাদৰ অংশ হিচাপে ‘বিজেপি সমৰ্থক উগ্ৰপন্থীয়ে’ এই ৩০০ বছৰীয়া ছেইণ্ট জোচেফ গীৰ্জাঘৰটো জ্বলাই দিছিল।
ভাইৰেল টুইটটোৰ কেপচনত লিখা হৈছে “হিংসা আৰু অগ্নিসংযোগেও ৰোধ কৰিব নোৱাৰা বিজেপি সমৰ্থক উগ্ৰপন্থীয়ে ধ্বংস কৰিলে ৩০০ বছৰতকৈও অধিক পুৰণি ছেইণ্ট জোচেফ চাৰ্ছ। এই জুইত ৭৩ দিনৰ পৰা জ্বলি আছে মণিপুৰ আৰু প্ৰধানমন্ত্ৰীয়ে বিদেশত ঘূৰি ফুৰিছে। ইমান নিৰ্লজ্জ প্ৰধানমন্ত্ৰী মই কেতিয়াও দেখা নাই . #মণিপুৰ হিংসা”
কিন্তু সঁচাকৈয়ে এইদৰে জ্বলাই দিয়া গীৰ্জাটো মণিপুৰৰ হয়নে? এয়া সত্যনে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
আমাৰ অনুসন্ধান আৰম্ভ হৈছিল ভাইৰেল ভিডিঅ’টোৰ কী- ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চেৰে। তেতিয়া আমি ২০২৩ চনৰ ৭ জুলাইত France 3 নামৰ ফৰাচী সংবাদ মাধ্যমে প্ৰকাশ কৰা এটা প্ৰতিবেদন পালোঁ। এই প্ৰতিবেদনত ব্যৱহৃত ফটোখন ভাইৰেল ভিডিঅ’টোৰ ভিজুৱেলৰ সৈতে মিলি গৈছিল। প্ৰতিবেদন অনুসৰি, “মাৰ্নৰ ঐতিহাসিক কাঠৰ ফ্ৰেমযুক্ত গীৰ্জা, L’église Notre-Dame-de Drosnay ত জুই লাগি কিছু সময়ৰ পিছতে ভাঙি পৰে। অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই”।

আমাৰ অধিক অনুসন্ধানত আমি ৮ জুলাইৰ পৰা হিন্দুস্তান টাইমছৰ এটা প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টো আছিল আৰু ইয়াত উল্লেখ কৰা হৈছে যে ইয়াত উত্তৰ-পূব ফ্ৰান্সৰ ১৬ শতিকাৰ এটা গীৰ্জাত জুই জ্বলি থকা দেখা গৈছে।

এই কাণ্ডৰ সন্দৰ্ভত ফ্ৰান্সৰ সংবাদ প্ৰতিষ্ঠান BFM TVৰ আন এক প্ৰতিবেদনো আমি দেখা পালোঁ। ইয়াত উল্লেখ কৰা হৈছে যে ৪১ জন অগ্নিনিৰ্বাপক বাহিনীৰ কৰ্মীয়ে জুই নিৰ্বাপন কৰাত সহায় কৰিবলৈ সেই স্থানত উপস্থিত হৈছিল, আৰু এটা চৰকাৰী বিবৃতিত জনোৱা হৈছিল যে গীৰ্জাটোৰ মুধচৰ ৯০% অংশ ভাঙি গৈছিল। মেয়ৰ ইমানুৱেল লে ৰয়ে জনোৱা মতে, ১৯৮২ চনৰ পৰাই এই গীৰ্জাঘৰটো ঐতিহাসিক কীৰ্তিচিহ্ন হিচাপে তালিকাভুক্ত কৰা হৈছে আৰু ই অন্ততঃ ১৫ বা ১৬ শতিকাৰ পূৰ্বৰ।

ইয়াৰ উপৰিও আমি এই ঘটনাৰ বিষয়ে মাৰ্নৰ দ্য ৰিজিঅ’নেল ডিপাৰ্টমেণ্ট অৱ কালচাৰেল এফেয়াৰ্ছ (ডি আৰ এ চি) গ্ৰেণ্ড এষ্টৰ এটা প্ৰেছ বিজ্ঞপ্তিও পালোঁ। ৭ জুলাইত প্ৰকাশ পোৱা বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছিল যে মাৰ্নেৰ ড্ৰছনেৰ কাঠৰ গীৰ্জাঘৰটো ৭ জুলাইত জুইত ধ্বংস হৈছিল। আমি গুগল মেপত ফ্ৰান্সত গীৰ্জাঘটোৰ সঠিক স্থানো বিচাৰি পালোঁ যিটো ভাইৰেল ভিডিঅ’টোৰ সৈতে মিল খাইছিল।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ তথ্য পৰীক্ষা অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে ভাইৰেল ভিডিঅ’টোৰ সৈতে কৰা দাবীটো মিছা । ভাইৰেল ভিডিঅ’টোত ফ্ৰান্সৰ মাৰ্নেত গীৰ্জাৰ অগ্নিকাণ্ড দেখা গৈছে আৰু মণিপুৰত সংঘটিত হিংসাত্মক পৰিস্থিতিৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:মণিপুৰত বিজেপি সমৰ্থকে ৩০০ বছৰ পুৰণি গীৰ্জা জ্বলাই দিছে নেকি? সত্যটো কি?
Written By: Pranjal SharmaResult: False
