FACT CHECK: দুখন ফটোৰ এই ক’লাজখন ‘আইএএছ’ পৰীক্ষাত তৃতীয় স্থানপ্ৰাপক মিছ ৰেৱতীৰ নহয়

False Social

দুখন ফটোৰে প্ৰস্তুত কৰা এখন ক’লাজৰ সৈতে এটা ফেচবুক পোষ্ট শেহতীয়াভাৱে অসমৰ ফেচবুকত ভাইৰেল হৈ পৰিছে, য’ত উল্লেখ কৰা হৈছে সেইয়া আইএএছৰ পৰীক্ষাত তৃতীয় স্থান প্ৰাপকৰ ফটো বুলি।

উক্ত ভাইৰেল পোষ্টটো ৰ  বাজি  মিনিটত নামৰ ফেচবুক প্ৰফাইল এটাৰ পৰা আপলোড কৰা হৈছে আৰু উক্ত পোষ্টটো বৰ্তমানলৈকে বাৰ শ্বেয়াৰ কৰা হৈছে । এনে ধৰণৰ আন কিছু পোষ্টও আপলোড তথা শ্বেয়াৰ কৰা দেখা গৈছে । 

অভিনন্দন

মিচ ৰেৱতি,,,,,,

এই ঘৰখন দেখি কাৰোবাৰ মনত বিশ্বাস হয়নে যে এইখন ঘৰৰ পৰা কোনোবা #আই,এ,এচ,(IAS) ওলাব,,,হয় #মিচ,#ৰেৱতি নামৰ #কৰ্ণাটকৰ #ছোৱালী জনীয়ে এইখন #ঘৰত থাকি #আই,এ,এচ (IAS) ৩ নং ৰেংক পায়,,,#মিচ #ৰেৱতি সকলো #ছোৱালী সকলৰ বাবে হওঁক ৰোল মডেল,,,,#মাক #দেউতাকে #ৰেৱতিক 

অভিনন্দন

#জনাইছে,,, #চ্যালুট ও 

অভিনন্দন

মিচ ৰেৱতি,,,”

Original Link: Facebook | Archived Link 

Original Link: Facebook 

Original Link: Facebook 

ফটোত সচাকৈয়ে সেয়া এগৰাকী আইএএছ বিষয়া হয়নে? আহক ইয়াৰ সত্যাসত্য জানি লওঁ।

সত্যতা নিৰূপন পদ্ধতি

আমি গুগলত ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালো আৰু গম পালো যে একেই বক্তব্যৰে এইটো ভিন্ন মাধ্যমত প্লেটফৰ্মত প্ৰকাশ কৰা হৈছে।

কিন্তু আমি লগতে AP2TGনামৰ  এক বহুভাষিক প্লেটফৰ্মৰ তেলেগু পেজ এটাৰ বাতৰি এটাও লাভ কৰিলো য’ত কোৱা হৈছে যে এই ফটো আচলতে অন্ধ্ৰ প্ৰদেশৰ এগৰাকী উপ-পৰিদৰ্শক ভেংকটা ৰেৱতী,তেওঁ মাতা-পিতা আৰু তেওঁলোকৰ ঘৰৰহে। লেখাটোৰ ওপৰত উপ-পৰিদৰ্শকগৰাকী আৰু তেওঁ পিতৃ-মাতৃৰ ফটো লগোৱা হৈছে আৰু শেষলৈ ঘৰটোৰ ফটো দিয়া হৈছে।

Original Link: AP2TG

২০১৭চনত যেতিয়া তেওঁ চাকৰিটো পাইছিল,তেতিয়া সেই বাতৰিটো প্ৰকাশ কৰা হৈছিল। 

ইয়াৰ পিছত আমি কিছু প্ৰাসংগিক শব্দ লৈ গুগল ছাৰ্চ কৰি চালো। আমি ২০১৬চনৰ এছআই চিভিল জ’ন ২ৰ পোষ্টসমুহৰ চিলেকছন লিষ্টখন পালো,য’ত ৪০নম্বৰ স্থানত আমি একেটা নাম দেখা পালো।

Original Link: Pratibha Eenadu 

ইয়াৰ পিছত আমি গুগলত ‘আইএছৰ তৃতীয় স্থান প্ৰাপক কৰ্নাটকৰ আইএএছ মিছ ৰেৱতী’ ৰ সন্ধান কৰিলো কিন্তু বিভিন্ন প্লেটফৰ্মত একেই বক্তব্যৰে শ্বেয়াৰ কৰা একেখন ফটোকে লাভ কৰিলো।

ফলাফল

সত্যতা নিৰূপনে নিৰ্ধাৰণ কৰিলে যে ক’লাজৰে সৈতে দিয়া পোষ্টটো মিছা। শ্বেয়াৰ কৰি থকা ফটোখন তৃতীয় স্থান প্ৰাপক আই এএছ বিষয়াগৰাকীৰ নহয়।

Avatar

Title:দুখন ফটোৰ এই ক’লাজখন ‘আইএএছ’ পৰীক্ষাত তৃতীয় স্থানপ্ৰাপক মিছ ৰেৱতীৰ নহয়

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *