ক’ৰনা এক ভাইৰাছ হয়, বেক্টেৰিয়া নহয়!

Coronavirus False Medical
WhatsApp Image 2020-06-13 at 19.02.20.jpeg

WhatsApp Image 2020-06-13 at 19.02.20.jpeg

সংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় চাৰি লাখতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৭২.৭ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ২ লাখ ৯৮ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ৮ হাজাৰতকৈ অধিক লোকৰ মৃত্যু হৈছে । অসমতো তিনিহেজাৰতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে আঠজনৰ মৃত্যু হৈছে । 

এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন ফটো/ভিডিঅ’/পোষ্ট ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । ক’ৰনা ভাইৰাছ ৰোগৰ চিকিৎসা সমন্ধে বিভিন্ন পোষ্ট ভাইৰেল হোৱা দেখা গৈছে । শেহতীয়াকৈ অসমত হোৱাটচ এপ্পৰ যোগেদি এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈছে । 

উক্ত ভিডিঅ’টোত দাবী কৰা হৈছে যে ক’ৰনা এক ধৰণৰ বেক্টেৰিয়াহে হয়, ভাইৰাছ নহয় । এই ভিডিঅ’টো ব্যাপক ভাৱে শ্বেয়াৰ হৈছে আৰু বিভিন্নজনৰ মাজত এই বিষয়ে চৰ্চা হৈছে । 

সত্য কি? জানোঁ আহক ।

প্ৰণালী

প্ৰথমে আমি এই বিষয়ে কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু বিশ্ব স্বাস্থ্য সংস্থাৰ ৱেবচাইটত এই বিষয়ে দিয়া এক স্পষ্টীকৰণ আমাৰ চকুত পৰিল । তাত স্পষ্টকৈ উল্লেখ আছে যে ক’ৰনা এক ভাইৰাছ হয়, বেক্টেৰিয়া নহয় । 

virus.png

আমি ইয়াৰ উপৰিও এই বিষয়ে ‘পিআইবি ফেক্ট চেক’ৰ টুইটাৰ হেণ্ডেলৰ পৰা কৰা এক টুইট দেখা পালোঁ । উক্ত টুইটটোত স্পষ্ট কৰা হৈছে যে ক’ৰনা এক ভাইৰাছ হয়, বেক্টেৰিয়া নহয় । 

virus 1.png

ফলাফল

ক’ৰনা এক ভাইৰাছ হয়, বেক্টেৰিয়া নহয় । ভাইৰেল ভিডিঅ’টোৱে সাধাৰণ মানুহক বিপথে পৰিচালিত কৰিছে ।

Avatar

Title:ক’ৰনা এক ভাইৰাছ হয়, বেক্টেৰিয়া নহয়!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *