জাপানৰ এক ৰেস্তোৰাঁত চলোৱা ‘ব্লেক লাইট এক্সপেৰিমেণ্ট’ত ক’ৰনা ভাইৰাছৰ বীজাণু ধৰা পৰা নাই!

False Medical
light 1.png

light 1.png

ফেচবুক লিংকসংৰক্ষিত লিংক

চীন দেশৰ ৱুহান নামৰ ঠাইখনৰ পৰা সংক্ৰমিত হোৱা ক’ৰনা ভাইৰাছ ৰোগত ভুগি সমগ্ৰ বিশ্বতে এতিয়ালৈকে প্ৰায় তিনি লাখ ৭২ হেজাৰতকৈ অধিক মানুহৰ মৃত্যু হৈছে আৰু প্রায় ৬১.৫ লাখ মানুহ আক্রান্ত হৈছে । বিশ্বৰ আন দেশৰ লগতে ভাৰতত এতিয়ালৈকে ১ লাখ ৯১ হেজাৰতকৈ অধিক ৰোগী চিনাক্ত হৈছে আৰু ইয়াৰে ৫৫৮৭ জনৰ মৃত্যু হৈছে । অসমতো ১২০০জনতকৈ অধিক ৰোগী ইতিমধ্যে চিনাক্ত হৈছে আৰু ইয়াৰে চাৰিজনৰ মৃত্যু হৈছে । 

এনে সময়তে ক’ৰনা ভাইৰাছ সম্বন্ধীয় বিভিন্ন বাতৰি ছচিয়েল মিডিয়াৰ জৰিয়তে ভাইৰেল হৈ পৰিছে । ইয়াৰে বহুতো ভুৱা বুলি জানিব পৰা গৈছে । বিভিন্ন সময়ত বিভিন্ন সংবাদ মাধ্যমেও কিছু ভুৱা বা ভুল বাতৰি পৰিবেশন কৰি আহিছে । 

এনে এক বাতৰি ‘নিউজ ডেইলি ২৪’ নামৰ অসমৰ নিউজ পৰ্টেল এটাৰ ফেচবুক পে’জত প্ৰকাশ পাইছে । বাতৰিটো ২৬ মে’, ২০২০ তাৰিখে প্ৰকাশ পাইছে আৰু, ‘আশ্চৰ্য: খালী চকুৰে দেখা গ’ল ক’ৰণা ভাইৰাছ’ বুলি শিৰোনামা দিয়া হৈছে । নিউজ ভিডিঅ’টোত কোৱা হৈছে যে জাপানৰ এখন ৰেস্তোৰাঁত চলোৱা ‘ব্লেক লাইট এক্সপেৰিমেণ্ট’ত স্পষ্টকৈ ক’ৰনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে । ৰেস্তোৰাঁখনৰ সকলোঁ সা-সৰঞ্জামৰ উপৰিয়ো মানুহৰ দেহটো ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে বুলি কোৱা হৈছে । উক্ত ফেচবুক পোষ্টটো ৩.৭ হাজাৰবাৰ শ্বেয়াৰ কৰা হৈছে আৰু ভিডিঅ’টো ইতিমধ্যে ৩৮১ হাজাৰ বাৰ দর্শন কৰা হৈছে । 

ভিডিঅ’টোৰ কমেণ্টছ চেক্সনটোত কিছু লোকে দাবী কৰিছে যে উক্ত বাতৰিটো ভুৱা হয় আৰু সেইয়া ভাইৰাছ নহয়, ভাইৰাছ কেনেকৈ বিয়পে তাকেহে দেখুৱাইছে । যিহেতু ভিডিঅ’টো ইতিমধ্যে ভাইৰেল হৈ পৰিছে, আমি ইয়াৰ সত্যতা নিৰূপণ কৰিবলৈ ঠিৰাং কৰিলোঁ । সত্য কি? জানোঁ আহক । 

প্ৰণালী

আমি বাতৰিটোৰ লগত সম্পৰ্ক থকা কিছুমান সাধাৰণ কীৱৰ্ডছ ব্যৱহাৰ কৰি গুগল চাৰ্ছ কৰিলোঁ আৰু আন্তৰ্জাতিক সংবাদ সংস্থা ‘চিএনএন’য়ে এই সম্পৰ্কে প্ৰকাশ কৰা এক বাতৰি দেখা পালোঁ । বাতৰিটোৰ তৃতীয় পেৰেগ্ৰাফত স্পষ্টকৈ লিখা আছে যে কাঁহ বা হাঁচিৰ পৰা নিষ্কাশন হোৱা বীজাণু দর্শাবলৈ মানুহজনৰ হাতত এক ফ্ল’ৰ’চেণ্ট পদাৰ্থ, যি অকল ব্লেক লাইটৰ পোহৰত দেখা পোৱা যায়, সানি দিয়া হৈছিল । সেইয়া যে ক’ৰনা ভাইৰাছৰ বীজাণু নহয়, মাথোঁ এক পৰীক্ষাহে হয়, বাতৰিটো পঢ়িলেই স্পষ্ট হৈ পৰিছে । বাতৰিটো সম্পূৰ্ণকৈ পঢ়ক ইয়াত । 

light 2.png

এই বিষয়ে আন এক বাতৰি আমি দেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ৰ ৱেবচাইটত দেখা পালোঁ য’ত স্পষ্টকৈ উল্লেখ আছে যে ভাইৰাছ কিমান সোনকালে বিয়পিব পাৰে সেইয়া দর্শাবলৈ ব্যক্তি কেইজনৰ হাতত খালী চকুৰে নেদেখা ফ্ল’ৰ’চেণ্ট ৰঙ সানি দিয়া হৈছিল । সেইয়া যে সঁচা ভাইৰাছ নহয়, স্পষ্ট হৈ পৰিছে । সম্পূৰ্ণ বাতৰিটো পঢ়ক ইয়াত । 

light 3.png

ফলাফল

ভাইৰেল বাতৰিটো ভুৱা হয় । জাপানৰ ৰেস্তোৰাঁখনত চলোৱা ‘ব্লেক লাইট এক্সপেৰিমেণ্ট’ত ক’ৰনা ভাইৰাছৰ বীজাণু ধৰা পৰা নাই বৰঞ্চ ই এক ফ্ল’ৰ’চেণ্ট পদাৰ্থ বা ৰঙহে হয় । সমগ্ৰ প্ৰক্ৰিয়াটো ভাইৰাছ কিদৰে ভয়াৱহ ভাৱে বিয়পি পৰিব পাৰে সেইয়া সূচাবলৈ কৰা এক পৰীক্ষা হয় । 

Avatar

Title:জাপানৰ এক ৰেস্তোৰাঁত চলোৱা ‘ব্লেক লাইট এক্সপেৰিমেণ্ট’ত ক’ৰনা ভাইৰাছৰ বীজাণু ধৰা পৰা নাই!

Fact Check By: Manjori Borkotoky 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *