
শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ কেইএগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ বিভিন্ন কেপচনেৰে আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তানৰ এয়াৰবেচৰ ওপৰত চলোৱা আক্ৰমণৰ দৃশ্য।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া
আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। ২০২৪ৰ ১ অক্টোবৰত এক্সত আপলোড কৰা এই ভিডিঅ’টো পালোঁ। তেতিয়াই আমি নিশ্চিত হ’লোঁ যে ভিডিঅ”টো এতিয়াৰ নহয়, পুৰণি। তাত হেশ্বটেগত ইজৰাইল লিখা দেখি সেয়া ইজৰাইলৰ দৃশ্য হ’ব পাৰে বুলি অনুমান কৰিলোঁ।
পৰৱৰ্তী অনুসন্ধানত আমি PressTVৰ এক্স হেণ্ডেলত এই একেটা ভিডিঅ’ ২০২৩ ২ অক্টোবৰত আপলোড কৰা দেখিলোঁ। তাত লিখা আছিল-Footage shows Iran’s retaliatory missiles successfully destroying their targets inside the Israeli occupied Palestine.(ইজৰাইল অধিকৃত পেলেষ্টাইনত ইৰাণৰ প্ৰত্যাক্ৰমণ মিচাইল আক্ৰমণে সফলতাৰে নিজৰ লক্ষ্যভেদ কৰে।)
আমি ইৰাণৰ এই আক্ৰমণৰ বাতৰিৰ সবিশেষ আল-জাজিৰাত পঢ়িবলৈ পালোঁ। সেই বাতৰি প্ৰকাশ হৈছিল ২০২৪ৰ ১ অক্টোবৰত
ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ ভাৰতে পাকিস্তানৰ এয়াৰবেচৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ত ইৰাণে ইজৰাইল অধিকৃত পেলেষ্টাইনত কৰা আক্ৰমণৰ দৃশ্যহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ ভাৰতে পাকিস্তানৰ এয়াৰবেচৰ ওপৰত কৰা আক্ৰমণৰ দৃশ্য বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ত ইৰাণে ইজৰাইল অধিকৃত পেলেষ্টাইনত কৰা আক্ৰমণৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ইৰাণে ইজৰাইল অধিকৃত পেলেষ্টাইনত কৰা আক্ৰমণৰ দৃশ্যহে এয়া। ভাৰতে পাকিস্তানৰ এয়াৰবেচ ধ্বংস কৰা দৃশ্য নহয়।
Fact Check By: Pranjal SharmaResult: False
