প্ৰস্তাৱনা
শেহতীয়াকৈ অন্ত পৰিছে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আয়োজিত পূৰ্ণ মহাকুম্ভ মেলা। ১৪৪ বছৰৰ অন্তত এই পূৰ্ণ মহাকুম্ভ মেলাৰ আয়োজন কৰা হয়। সাধাৰণতে প্ৰতিবছৰেই কুম্ভমেলাৰ আয়োজন কৰা হয়। তাক কোৱা হয় অৰ্ধকুম্ভ, দুই বছৰৰ অন্তত আয়োজয় কৰা হয় কুম্ভমেলা, ১২ বছৰৰ মুৰত আয়োজিত হয় মহা কুম্ভমেলা আৰু এইদৰে ১২ বছৰৰ অন্তত আয়োজিত মহাকুম্ভ মেলা ১২বাৰ আয়োজন হোৱাৰ পাছত ১৪৪ বছৰ পাছত যি কুম্ভ আয়োজিত হয় তাকেই পূৰ্ণ মহাকুম্ভ মেলা বোলা হয়। অলপতে সেই পূৰ্ণ মহাকুম্ভমেলাৰ অন্ত পৰিছে। মহাকুম্ভ মেলাৰ সময়চোৱাত কেৱল আমাৰ দেশৰ বা আমাৰ অসমৰেই নহয় বিভিন্ন দেশৰ ভক্তসকলৰেও পূণ্যস্নান কৰে। তদুপৰি লক্ষ লক্ষ সাধু-সন্তয়ো ইয়াত অংশগ্ৰহণ কৰে। বহু ৰাজনৈতিক ব্যক্তিত্বৰ লগতে বহু তাৰকাৰ সমাগমেৰে কেইবাকোটিও ভক্তৰ সমাগম ঘটে প্ৰয়াগৰাজত। এই সময়চোৱাত সামাজিক মাধ্যমত প্ৰয়াগৰাজৰ কুম্ভমেলা সন্দৰ্ভত বিভিন্ন ফটো আৰু ভিডিঅ’ বিয়পি পৰে। প্ৰয়াগৰাজৰ কুম্ভমেলাৰ প্ৰকৃত ফটো ভিডিঅ’ৰ সমান্তৰালকৈ বিভিন্ন মিছা ফটো আৰু ভিডিঅ’ও ভাইৰেল হৈ পৰে। তেনেকুৱা বহু মিছা ফটো আৰু ভিডিঅ’ৰ সত্যতা আমি নিৰূপণ কৰিছিলোঁ। আজিৰ এই লেখাত আমি বিগত সময়চোৱাত সামাজিত মাধ্যমত ভাইৰেল হোৱা অসত্য দাবীৰ আমি কৰা সত্যতা নিৰূপণসমুহক একাদিক্ৰমে একত্ৰ কৰি এক সংকলন কৰিব বিচাৰিছোঁ।
১. মহাকুম্ভ মেলাত নিজৰ ধুনীয়া চকুজুৰিৰে বিখ্যাত হৈ পৰা মনালিছাক সাংবাদিকতাৰ চাকৰি দিয়া বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছিল।
যোৱা ২৪ জানুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পেজে এটা পোষ্ট কৰি দাবী কৰিছিল যে মহাকুম্ভ মেলাত নিজৰ ধুনীয়া চকুজুৰিৰ বাবে বিখ্যাত হৈ পৰা মালা বিক্ৰেতা যুৱতী মনালিছা ভোছলেক ছি নিউজ নামৰ সংবাদ প্ৰতিষ্ঠানে সাংবাদিক হিচাপে নিযুক্তি দিছে। লগতে কোৱা হৈছিল যে তেওঁক দেৱীৰূপে সকলো অনুষ্ঠানতে প্ৰক্ষেপ কৰিব ছি নিউজে। মনালিছাৰ ফটো এখন আপলোড কৰি লিখিছিলঃ- কুম্ভ মেলাৰ ম’নালিচাক দেৱীৰ মৰ্য্যদা দি সাংবাদিকতাৰ চাকৰি দিলে ছি নিউজে।ধৰ্মীয় আস্থাক সন্মান জনাই তেওঁক দেৱীৰূপে সকলো অনুষ্ঠানতে প্ৰক্ষেপ কৰিব ছি নিউজে।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰথমে ছি নিউজ নামৰ সংবাদ প্ৰতিষ্ঠানৰ সন্ধান কৰিলোঁ। তেতিয়া আমি হিন্দী ভাষাত বাতৰি সম্প্ৰচাৰ কৰা এটা স্বল্পখ্যাত প্ৰতিষ্ঠানৰ ইউটিউৱ চেনেল আৰু ইনষ্টাগ্ৰাম আইডিটো লাভ কৰিলোঁ। তাত এই বিষয়ে কোনো বাতৰি আছে নেকি, তাৰেই সন্ধান কৰিলোঁ। কিন্তু কুম্ভমেলাত মালা বিক্ৰী কৰা মনালিছাক সাংবাদিকৰ চাকৰি দিয়া সম্পৰ্কে কোনো তথ্য লাভ নকৰিলোঁ। এইবাৰ আমি মনালিছা সম্পৰ্কে শেহতীয়া কি খবৰ প্ৰকাশ হৈছে, তাৰ সম্ভেদ কৰিলোঁ। তেতিয়া আমি ২৪ জানুৱাৰী ২০২৪ত ৰিপাব্লিকে কৰা এটা বাতৰিত জানিব পাৰিলোঁ যে মনালিছা নামৰ সেই ভাইৰেল যুৱতীগৰাকী ইতিমধ্যে কুম্ভমেলাত উপস্থিত অসংখ্য লোকৰ পৰা এক প্ৰকাৰ হাৰাশাস্তিৰ সমুখিন হৈ ইন্দোৰস্থিত নিজ গৃহাভিমুখে ৰাওনা হৈছে।
আন এক সংবাদ প্ৰতিষ্ঠানেও ২৪ জানুৱাৰী,২০২৪ত প্ৰকাশ কৰা বাতৰিত একে কথাকে উল্লেখ কৰি লিখিছে যে কুম্ভমেলাত বহু লোকৰ পৰা ফটো উঠাৰ নামত লাভ কৰা অশান্তি তথা নিজৰ নিৰাপত্তাৰ খাটিৰত তেওঁ ইন্দোৰস্থিত নিজ গৃহলৈ ঘুৰি যাবলৈ বাধ্য হৈছে।
অমৰ উজালা নামৰ প্ৰসিদ্ধ হিন্দী সংবাদ প্ৰতিষ্ঠানেও মনালিছাই ঘৰলৈ ঘুৰি যোৱা বাতৰিটো ২৫ জানুৱাৰী ২০২৪ত প্ৰকাশ কৰিছে।
অসমৰ ফেচবুক পোষ্টটোত ২৪ জানুৱাৰীত দাবী কৰা হৈছে যে মনালিছাক কোনো ছি নিউজে সাংবাদিকৰ চাকৰি প্ৰদান কৰিছে। কিন্তু ২৩ জানুৱাৰীতেই নিজৰ এক্স হেণ্ডেলত ভিডিঅ’ জৰিয়তে মনালিছাই ঘোষণা কৰিছে যে নিজৰ লগতে পৰিয়ালৰ সুৰক্ষা আৰু নিৰাপত্তাৰ স্বাৰ্থত তেওঁ মহাকুম্ভ মেলা ত্যাগ কৰিবলৈ বাধ্য হৈছে। অৰ্থাত তেওঁক কোনো সংবাদ প্ৰতিষ্ঠানে সাংবাদিক হিচাপে নিযুক্তি দিয়াৰ কোনো তথ্য নাই। কোনো সংবাদ প্ৰতিষ্ঠানতেই সেই তথ্য নাই আৰু মনালিছাৰ ফালৰ পৰাও সেই তথ্য প্ৰদান কৰা হোৱা নাই। প্ৰায় প্ৰতিটো সংবাদ প্ৰতিষ্ঠানেই ২৪ জানুৱাৰীৰ পৰা মনালিছাই নিজৰ ঘৰলৈ ঘুৰি যোৱাৰ বাতৰিহে প্ৰকাশ কৰিছে। ইয়াৰ পৰায়ে স্পষ্ট যে ফেচবুক পোষ্টটোৰ দাবীটো মিছা।
২. ২০২৩ চনৰ ফেব্ৰুৱাৰীৰ বাৰানসীৰ দৃশ্য ২০২৫ৰ মহাকুম্ভ মেলাৰ শংখ নিনাদ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছিল।
যোৱা ২০ জানুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছিল যে সেয়া চলিত মহাকুম্ভ মেলাত ২ মিনিট ৪৯ চেকেণ্ড সময় ধৰি শংখ বজোৱা দৃশ্য। পোষ্টটোত লিখিছিল- মহাকুম্ভ মেলাত একে উশাহতে ২মিনিট ৪৯ ছেকেণ্ড শংখ বজাই সকলোকে আচৰিত কৰিলে।সীতা ৰাম।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি লক্ষ্য কৰিলোঁ যে সেই ভিডিঅ’টোত এটা ল’গো আছে। VK News বুলি লিখা ল’গোটোৰ আঁত ধৰি আমি প্ৰথমে গুগলত প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ভিকে নিউজৰ ইউটিউৱ চেনেলটো পালোঁ। তাত আমি সেই ভিডিঅ’টো পালোঁ, যিটো ২০২৫ৰ মহাকুম্ভ মেলাত ২ মিনিট ৪৯ চেকেণ্ড শংখ বজোৱা বুলি দাবী কৰি অসমৰ ফেচবুক ব্যৱহাৰকাৰীয়ে আপলোড কৰিছিল। ভিকে নিউজৰ ইউটিউৱ চেনেলটোত সেই ভিডিঅ’টো ২০২৩ চনৰ ১২ ফেব্ৰুৱাৰীত আপলোড কৰা হৈছিল। ইয়াৰ পৰা আমি প্ৰাৰম্ভিকভাৱে জানিব পাৰিলোঁ যে ভিডিঅ’টো অন্ততঃ ২০২৫ৰ জানুৱাৰীৰ বা মহাকুম্ভ মেলাৰ সময়ৰ নহয়।
ভিডিঅ’টোৰ শীৰ্ষক আছিলঃ- गंगा घाट पर भक्त ने बजाया ऐसा शंख.. राष्ट्रपति मुर्मू भी देखती रह गईं (গংগা ঘাটত ভক্তই এনেকুৱাকৈ শংখ বজালে যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে আচৰিত হৈ চাই থাকিল)
ইয়াৰে আঁত ধৰি আমি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ অফিচিয়েল ইউটিইৱ চেনেলটোতো সেই ভিডিঅ’টোৰ সন্ধান কৰিলোঁ আৰু ২০২৩ চনৰ ১৩ ফেব্ৰুৱাৰীত সেই চেনেলটোত আপলোড কৰি থোৱা ৫১ মিনিট ২৫ চেকেণ্ডৰ এটা ভিডিঅ’ পালোঁ। President Droupadi Murmu attends Ganga Aarti at Varanasi শীৰ্ষক সেই পূৰ্ণাংগ ভিডিঅ’টোত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে বাৰানসীৰ গংগা ঘাটৰ আৰতিত উপস্থিত থকা সম্পূৰ্ণ অনুষ্ঠানটো দেখুওৱা হৈছে। সেই ভিডিঅ’টোৰ ১৭ মিনিট ৪৫ চেনেকেণ্ডৰ পৰা আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যাংশটো দেখা পালোঁ। ইয়াৰ পৰা আমি নিশ্চিত হ’লোঁ যে যিটো দৃশ্য ২০২৫ৰ জানুৱাৰীৰ কুম্ভমেলাৰ নহয়, বৰং ২০২৩চনৰ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি মুৰ্মূৱে বাৰানসীৰ গংগা ঘাটৰ আৰতি দৰ্শন অনুষ্ঠানত উপস্থিত থকা সময়ৰহে।
আমাৰ অনুসন্ধানত ১৩ ফেব্ৰুৱাৰী ২০২৩ত গংগা সেৱা নিধিয়ে নিজৰ ফেচবুক পেজত ৰাষ্ট্ৰপতি মুৰ্মূৰ দশস্বমেধ ঘাটৰ সেই গংগা আৰতি দৰ্শন সন্দৰ্ভত দিয়া সবিস্তাৰ ফেচবুক পোষ্টটোও লাভ কৰিলোঁ।
তদুপৰি সেই সম্পৰ্কে হিন্দুস্তান টাইমছ, দ্য টাইমছ অৱ ইণ্ডিয়া, এএনআই আদি সংবাদ প্ৰতিষ্ঠানে পৰিবেশন কৰা বাতৰিও আমি লাভ কৰিলোঁ।
এই সমস্ত তথ্য প্ৰমাণৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ ২০২৫ৰ জানুৱাৰীৰ মহাকুম্ভ মেলাৰ শংখ নিনাদ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৩ চনৰ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে বাৰানসীৰ দশস্বমেধ ঘাটৰ গংগা আৰতিত উপস্থিত থকা সময়ৰ ভিডিঅ’হে। গতিকে এই দাবীটো মিছা বুলি আমি অভিহিত কৰিছো।
৩. ফটোখনত জৱাহৰলাল নেহৰুক মাতৃৰ শেষকৃত্য কৰা দেখা গৈছে। সেয়া কুম্ভমেলাৰ গংগা স্নান নহয়।
যোৱা ৫ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এটা ফেচবুক পোষ্টত আপলোড কৰা ফটোখনত দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আৰু বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো ব্যৱহাৰ কৰা হৈছিল। ফটোখনৰ ওপৰত লিখিছিলঃ প্ৰধানমন্ত্ৰী নেহৰুৱে কুম্ভমেলাত গংগা স্নান কৰিছিল..কাৰণ তেওঁ ভণ্ড নাছিল…। মোডীয়ে আজি এইবোৰ কি কৰিলে…!!! এইদৰে দাবী কৰা হৈছিল যে পোষ্টটোত ব্যৱহৃত ফটোখনত জৱাহৰলাল নেহৰুৱে কুম্ভমেলাত গংগা স্নান কৰা দেখা গৈছে।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি জৱাহৰলাল নেহৰুৰ সেই বিশেষ ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। ইয়াৰ ফলত ২০২৩ চনৰ ২৮ মে’ৰ এটা টুইট পালোঁ। সেই টুইটটোত উল্লিখিত ফটোখন আপলোড কৰা হৈছিল আৰু তাত থকা কেপছনটোৰ ভাবানুবাদ আছিলঃ- “আপুনি পোষ্ট কৰা ফটোখন নেহৰুৱে মাকৰ মৃত্যুৰ পাছত কৰা ‘অন্তিম ক্ৰিয়া কৰ্ম’ৰ সময়ৰ! এয়া ধৰ্ম বা অন্ধবিশ্বাসৰ ৰাজহুৱা প্ৰদৰ্শন নহয়। শালীনতাৰ কিছু আভাস ৰক্ষা কৰক!”
সেই ফটোখনত লিখা আছিল “ENDURING TRAGEDY: Jawaharlal Nehru immersing his mother’s ashes in Allahabad. ( চিৰস্থায়ী শোকঃ জৱাহৰলাল নেহৰুৱে এলাহাবাদত মাকৰ অস্থি বিসৰ্জন কৰাৰ সময়ত”।)
এই সূত্ৰৰ আঁত ধৰি আমি প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰি চালোঁ। তাৰ ফলত আমি ২০০৬ চনৰ ৬ মাৰ্চত ইণ্ডিয়া টুডেত প্ৰকাশিত এটা লেখা পালোঁ। লেখাটোৰ শিৰোনামত লিখা আছিল, “Book review: ‘The Nehrus: Personal Histories’ by Mushirul Hasan & Priya Kapoor”।
সেই লেখাটোত জৱাহৰলাল নেহৰুৰ আন ফটোবোৰৰ মাজতে সেই ফটোখনো আছিল।
অনুগ্ৰহ সেই লেখাটো কৰি ইয়াত পঢ়ক।
উল্লেখযোগ্য যে ১৯৩৮ চনৰ ১০ জানুৱাৰীত জৱাহৰলাল নেহৰুৰ মাতৃ স্বৰূপ ৰাণী নেহৰুৰ মৃত্যু হৈছিল।
ইয়াৰ পাছত আমাৰ সন্ধানত আগবাঢ়ি গৈ আমি একেখন ফটোকে এটা ৱেবছাইটত আপলোড কৰা দেখিলোঁ, য’ত লিখা আছিল, “নেহৰুৱে এলাহাবাদত মাকৰ অস্থি বিসৰ্জন দিয়াৰ পাছত”। ফটোখনৰ বৰ্ণনাত লিখা কথাখিনিৰ ভাবানুবাদঃ “নেহৰুৰ বিদায়: ৰাজহুৱা সেৱাৰ মাজতে এক ব্যক্তিগত শোক। এই মাৰ্মান্তিক ছবিখনত ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে তেওঁক সাংস্কাৰৰ শিপাৰ সৈতে বান্ধি ৰখা এক গভীৰ ব্যক্তিগত পৰম্পৰা ৰক্ষা কৰা দেখা গৈছে।”
তদুপৰি আমি সন্ধান কৰি আমি গম পালোঁ যে ১৯৩৮ চনত কুম্ভমেলা হৰিদ্বাৰত অনুষ্ঠিত হৈছিল, এলাহাবাদ (বৰ্তমান প্ৰয়াগৰাজ)ত নহয়। ১৯৩৮ চনৰ হৰিদ্বাৰ মহা কুম্ভত দুটা দুৰ্যোগো সংঘটিত হৈছিল। গংগাৰ কাষৰ বস্তিত অগ্নিকাণ্ড সংঘটিত হোৱাৰ লগতে মেলা চৌহদত কলেৰাৰ প্ৰাদুৰ্ভাৱ ঘটিছিল। দুয়োটা দুৰ্যোগৰ ফলতেই বিপুলভাৱে প্ৰাণ আৰু সম্পত্তিৰ হানি হৈছিল। মেলা চৌহদৰ পৰা মানুহে পলায়ন কৰিছিল।
ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে জৱাহৰলাল নেহৰুৰ ভাইৰেল ফটোখন কুম্ভমেলাৰ গংগা স্নানৰ নহয়। ফটোখনত নেহৰুৱে ১৯৩৮ চনত এলাহাবাদত মাকৰ শেষকৃত্য সম্পন্ন কৰা দেখা গৈছে।
৪. প্ৰয়াগৰাজৰ কুম্ভমেলা অভিমুখী ৰেলত শিলগুটি নিক্ষেপ কৰা লোকক আৰক্ষীয়ে এইদৰে পিটিছে নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
তদুপৰি প্ৰয়াগৰাজত চলি থকা মহাকুম্ভ মেলা সম্পৰ্কে ছ’চিয়েল মিডিয়াত এইদৰে বিভিন্ন ধৰণৰ পোষ্ট ভাইৰেল হোৱা দেখা গৈছিল। তেনেকুৱা আন এটা ভিডিঅ’ আমাৰ দৃষ্টিগোচৰ হৈছিল য’ত দেখা গৈছিল আৰক্ষীৰ লোকে কোনো এক অঞ্চলত এজন লোকক খেদি খেদি মৰিয়াইছে আৰু দুগৰাকীমান মহিলা লোকজনক বচাবলৈ আগবাঢ়ি আহিছে। ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে কুম্ভমেলা অভিমুখী ৰেলত শিলগুটি নিক্ষেপ কৰাৰ অভিযোগত অভিযুক্তক আৰক্ষীয়ে এইদৰে পিটিছে। ফেচবুকত ভিডিঅ’টো শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “পবিত্ৰ #মহাকুম্ভ মেলালৈ #তীৰ্থযাত্ৰী সকলে যোৱা #ৰেলত শিল দলিওৱা #শান্তিদূতক এইদৰে শুশ্রূষা কৰা হৈছে …!
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ভিডিঅ’টোৰ কিছুমান স্ক্ৰীণশ্বট লৈ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া Suri News নামৰ এটা ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টোৰ এক বৰ্ধিত সংস্কৰণ পালোঁ। ভিডিঅ’টোৰ কেপশ্বন অনুসৰি অভিযুক্ত যুৱকে আৰক্ষীৰ কলাৰত ধৰাৰ পাছত যুৱকজনক আৰক্ষীয়ে মাৰপিট কৰে।
কিন্তু ভিডিঅ’টোত ঘটনাৰ সবিশেষ উল্লেখ কৰা হোৱা নাছিল। তথাপি ইউটিউব চেনেলটোৰ নাম আৰু ভিডিঅ’ৰ কেপশ্বনৰ আঁত ধৰি আমি বাংলা ভাষাত প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া TV9 Bangla ইউটিউব চেনেলত ২০২৫ চনৰ ২৮ জানুৱাৰীত আপলোড হোৱা এক ভিডিঅ’ প্ৰতিবেদন আমি পালোঁ। প্ৰতিবেদনত আন দৃশ্যাংশৰ উপৰিও ভাইৰেল দৃশ্যাংশও আমি দেখিবলৈ পালোঁ। প্ৰতিবেদন অনুসৰি পশ্চিমবংগৰ বীৰভূমৰ চিউৰিত পূৰণি ভূমি বিবাদক কেন্দ্ৰ কৰি কিছু সংখ্যক ব্যক্তিয়ে মাৰণাস্ত্ৰ লৈ গাঁৱত প্ৰৱেশ কৰে আৰু গাঁওবাসীক ভীতিগ্ৰস্ত কৰে। আৰক্ষী বাহিনীয়ে ঘটনাৰ খবৰ পাই গাঁৱত উপস্থিত হয় আৰু আমীৰ আনছাৰি নামৰ লোক এজনে আৰক্ষী বিষয়াৰ কলাৰত ধৰি তৰ্কত লিপ্ত হয়। পাছত পুৰুষ-মহিলাকে ধৰি প্ৰায় ২০ জনক আৰক্ষীয়ে আটক কৰে।
একেধৰণৰ প্ৰতিবেদন আমি Zee 24 Ghanta ফেচবুক পেজতো পালোঁ।
টাইমছ অৱ ইণ্ডিয়াত ২০২৫ চনৰ ২৮ জানুৱাৰীত প্ৰকাশিত এক প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ সৈতে মিল থকা ফটো সংলগ্ন কৰা হৈছিল। প্ৰতিবেদন অনুসৰি বীৰভূম আৰক্ষীয়ে ২৮ জানুৱাৰীত আৰক্ষীক আক্ৰমণ কৰাৰ অভিযোগত ১৩ গৰাকী মহিলা আৰু সাতজন পুৰুষক গ্ৰেপ্তাৰ কৰে। এক পুৰণি ভূমি বিবাদক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা পৰিস্থিতিৰ পাছত এই ঘটনা সংঘটিত হয়।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক। Archived Link.
গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ভিডিঅ’টো পশ্চিমবঙ্গৰহে আৰু প্ৰয়াগৰাজৰ কুম্ভমেলাৰ লগত ইয়াৰ কোনো সম্পৰ্ক নাই।
৫. প্ৰয়াগৰাজৰ ওপৰেৰে আন্তঃৰাষ্ট্ৰীয় বিমান উৰি যোৱাৰ সময়ৰ পাইলটৰ ঘোষণাৰ ভিডিঅ’টো প্ৰকৃত ঘোষণা নহয়। সেয়া কণ্টেণ্ট ক্ৰিয়েটৰে সৃষ্টি কৰা ভিডিঅ’হে।
তদুপৰি যোৱা ১০ ফেব্ৰুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছিল যে প্ৰয়াগৰাজৰ মহা কুম্ভমেলাৰ ওপৰেৰে উৰি যোৱা বিমান এখনৰ পাইলটে মহাকুম্ভৰ বৰ্ণনাৰে বিমান ঘোষণা কৰিছে। ভিডিঅ’টোত মহা কুম্ভমেলাৰ দৃশ্যৰে সৈতে এটা বিশেষ ঘোষণা শুনা গৈছে। ভিডিঅ’টোৰ ওপৰত লিখা হৈছিল যে সেয়া ২০২৫ৰ মহাকুম্ভ আৰু যেতিয়া আন্তঃৰাষ্ট্ৰীয় বিমান প্ৰয়াগৰাজলৈ আহে,তেতিয়া সেইধৰণ ঘোষণা শুনা যায়।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোক কেন্দ্ৰ কৰি প্ৰাসংগিক কী-ৱৰ্ডেৰে সন্ধান কৰি চালোঁ আৰু তেতিয়া আমি ২০২৫ চনৰ ২৫ জানুৱাৰীত অন্ভেছ পেটেলৰ ইনষ্টাগ্ৰাম হেণ্ডেল @anveshgraphy ত আপলোড কৰা একেই অডিঅ’ৰে সৈতে আন এটা ভিডিঅ’ পালোঁ। সেই ভিডিঅ’টোতো মহাকুম্ভৰ দৃশ্যাৱলী আছিল। অসমত ভাইৰেল হোৱা ভিডিঅ’টোৰ অডিঅ’ আৰু এই ইনষ্টাগ্ৰাম আইডিটোত আমি লাভ কৰা ভিডিঅ’টোৰ অডিঅ’খিনি একেই। ইনষ্টাগ্ৰামত লাভ কৰা সেই পোষ্টটোৰ বৰ্ণনাত উল্লেখ কৰা আছে যে ২০২৫ চনৰ প্ৰয়াগৰাজ মহাকুম্ভৰ সেই বিহংগম দৃশ্যসমূহ তেওঁৰ ভ্ৰমণৰ সময়ত লোৱা হৈছিল আৰু অডিঅ’টোৰ ভইচ অভাৰখিনি মৌলিক আৰু সম্পূৰ্ণ কপিৰাইটযুক্ত।
তেওঁৰ ইনষ্টাগ্ৰাম প্ৰফাইলটো পৰীক্ষা কৰি আমি গম পালোঁ যে সেই ভিডিঅ’টো নিৰ্মাণ কৰা অন্ভেছ পেটেল হায়দৰাবাদৰ এজন ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰ, ফটোগ্ৰাফাৰ আৰু ভিডিঅ’গ্ৰাফাৰ।
আমি তেওঁৰ প্ৰফাইলটো চাই এই ধৰণৰ আন এটা ভিডিঅ’ও দেখিবলৈ পালোঁ। হায়দৰাবাদৰ আকাশী দৃশ্যৰ সৈতে ইয়াৰ ওপৰেৰে উৰণৰ বিষয়ে ঘোষণা কৰা এজন পাইলটৰ একেধৰণৰ অডিঅ’ শুনা গ’ল সেই ভিডিঅ’টোতো।
ভাইৰেল হোৱা সেই ভিডিঅ’ৰ বিষয়ে অধিক তথ্য লাভৰ বাবে ফেক্ট ক্ৰেছেণ্ডোৰ তৰফৰ পৰা অন্ভেছ পেটেলৰ সৈতে যোগাযোগ কৰাত তেওঁ নিশ্চিত কৰে যে তেওঁ ভাইৰেল হোৱা সেই ভিডিঅ’সমুহ কেমেৰাত নিজেই বন্দী কৰিছিল আৰু চিত্ৰনাট্য ৰচনা কৰিছিল। তেওঁ আমেৰিকাৰ এজন বন্ধুৰ সহায়ত সেই অডিঅ’বোৰ প্ৰস্তুত কৰিছিল আৰু তাত কিছুমান ইকো ইফেক্টৰ সৈতে এটা মৌলিক মানৱ কণ্ঠ সৃষ্টি কৰিছিল আৰু ভিডিঅ’বোৰত ব্যৱহাৰ কৰিছিল।
এই প্ৰমাণসমূহৰ ভিত্তিত আমি বুজিব পাৰোঁ যে ২০২৫ চনৰ প্ৰয়াগৰাজ মহাকুম্ভৰ বাবে আন্তঃৰাষ্ট্ৰীয় বিমান অৱতৰণৰ সময়ৰ ঘোষণাৰ ভাইৰেল ভিডিঅ’টো ডিজিটেল কন্টেন্ট ক্ৰিয়েটৰৰ সৃষ্টিহে। এয়া কোনো প্ৰকৃত বিমান ঘোষণা নহয়।
৬. ২০২২ চনত অষ্ট্ৰেলিয়াত তোলা চন্দ্ৰ আৰু আন গ্ৰহ সমূহৰ ফটো যোৱা ২৯ জানুৱাৰীত প্ৰয়াগৰাজত তোলা বুলি ভাইৰেল কৰা হৈছিল।
এনেকৈয়ে ছ’চিয়েল মিডিয়াত চন্দ্ৰ আৰু আন তৰা কেইটামানৰ এখন বিশেষ ফটো ভাইৰেল হোৱা দেখা গৈছিল। দাবী কৰা হৈছিল যে সেয়া চন্দ্ৰ, শনি, মংগল, শুক্ৰ আৰু বৃহস্পতি গ্ৰহৰ এক বিৰল দৃশ্য য’ত আটাইবোৰ একে শাৰীতে থকা দেখা গৈছে। ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে ১৪৪ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে যোৱা ২৯ জানুৱাৰীত কুম্ভমেলাৰ সময়ত প্ৰয়াগৰাজত ব্ৰহ্ম মুহূৰ্ত্তত এই ফটোখন তোলা হৈছিল। ফেচবুকত ফটোখন শ্বেয়াৰ কৰি ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে, “প্ৰয়াগৰাজত ব্ৰহ্ম মুহুৰ্তত তোলা ঐশ্বৰিক বিৰল ফটো
চাবলগীয়া এক দৰ্শনীয় দৃশ্য।
সূৰ্য্য উদয়ৰ প্ৰায় এঘণ্টা আগতে,
শনি, মংগল, শুক্ৰ, বৃহস্পতি আৰু চন্দ্ৰ
এই দেৱতাসকলক প্ৰণাম
এই বিৰল গ্ৰহ জ্যোতিৰ্বিজ্ঞান পৰিঘটনাৰ সৈতে মহা কুম্ভ মেলাৰ সম্পৰ্ক আছে।১৪৪ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে ২৯ জানুৱাৰীত পূষ্য নক্ষত্ৰত একে ৰেখাত বৃহস্পতি, শনি, সূৰ্য্য আৰু চন্দ্ৰক একেলগে শাৰী পাতি থকা দেখা গ’ল। এয়া ভাৰতীয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিষৰ এক ঐশ্বৰিক, অনন্য, ভৱিষ্যৎ আৰু অতুলনীয় জ্যোতিৰ্বিজ্ঞানৰ ঘটনা।
ওম নাৰায়ণ নম:”
Facebook Link | Archived Link.
সত্যতা নিৰূপণ পদ্ধতি
আমি প্ৰথমে ভাইৰেল ফটোখনৰ ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া pinterest নামৰ ৱেবছাইটত ভাইৰেল ফটোখন সৈতে মিল থকা কিন্তু সামান্য বেলেগ ৰঙৰ ফটো এখন পালোঁ। ফটোখনৰ ওপৰত লিখা আছিল যে এই ফটোখন অষ্ট্ৰেলিয়াত ২০২২ চনৰ ২৮ এপ্ৰিলত Ren Theelen নামৰ ব্যক্তিজনে তুলিছিল। ফটোখনৰ সৌজন্য Cosmic Intelligence Agency বুলি উল্লেখ কৰা হৈছিল।
আমি ভাইৰেল ফটোখনৰ সৈতে Pinterestত পোৱা ফটোখনৰ তুলনা কৰি দেখিলোঁ যে ফটোদুখনৰ ৰঙৰ পাৰ্থক্যৰ বাহিৰে আন সকলো উপাদান একেই। তলত দুয়োখন ফটোৰ মাজত তুলনা চাব পাৰিব।
এইবাৰ আমি ৰিভাৰ্চ ইমেজ ছাৰ্চ কৰি পোৱা ফটোখনত উল্লেখ থকা তথ্যক সমল হিচাপে লৈ প্ৰাসংগিক কী-ৱ’ৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি Ren Theelen নামৰ ব্যক্তিজনৰ ফেচবুক প্ৰ’ফাইলটো পালোঁ আৰু ভাইৰেল ফটোখনৰ এক স্পষ্ট সংস্কৰণ ২০২২ চনৰ ২৮ এপ্ৰিলত আপলোড কৰা দেখিলোঁ। ফটোখনৰ কেপশ্বনত লিখা আছিল এইদৰে, “Alining of planets Saturn, Mars, Venus, Jupiter and crescent moon just before sunrise 28 April 2022 (২০২২ চনৰ ২৮ এপ্ৰিলত সূৰ্যোদয়ৰ আগমুহূৰ্তত শনি, মংগল, শুক্ৰ, বৃহস্পতি গ্ৰহ আৰু অৰ্ধচন্দ্ৰৰ প্ৰান্তিককৰণ)
এই ফটোখনৰ কমেণ্ট অংশত এগৰাকী ব্যৱহাৰকাৰীয়ে সোধা প্ৰশ্নৰ উত্তৰত ৰেন থিলেন (Ren Theelen) প্ৰ’ফাইলৰ পৰা লিখা হৈছিল যে ফটোখন ৰাতিপুৱা ৫ বজাত তোলা হৈছিল।
একেখন ফটো আপলোড কৰি এই ফেচবুক প্ৰ’ফাইলৰ আন এটা পোষ্টত ফটোখন ড্ৰেকছব্ৰুক ৱেয়াৰ ৱাৰুনা (Drakesbrook Weir Waroona, West Australia)ত তোলা বুলি উল্লেখ কৰা হৈছিল।
ৰেন থিলেন (Ren Theelen) নামৰ ইনষ্টাগ্ৰাম প্ৰ’ফাইলত একেখন ফটো ২০২২ চনৰ ২৮ এপ্ৰিলত আপলোড কৰা হৈছিল।
গতিকে ইয়াৰদ্বাৰা স্পষ্ট হৈ পৰিল যে ভাইৰেল ফটোখন ২০২২ চনৰেই আৰু অষ্ট্ৰেলিয়াতহে তোলা। চলিত কুম্ভমেলাৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই।
৭. ২০২৩ চনত গীতৰ প্ৰচাৰৰ বাবে বাৰানসীত উপস্থিত হোৱা ছানী লিয়নীৰ ভিডিঅ’ শেহতীয়া মহাকুম্ভৰ গংগা স্নানৰ বুলি মিছাকৈ ভাইৰেল কৰা হৈছিল।
আনফালে অসমৰ একাংশ হোৱাটছএপ ব্যৱহাৰকাৰীৰ মাজত এটা বিশেষ ভিডিঅ’ বহুলভাৱে প্ৰচাৰিত হৈছিল। বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগতভাৱেও সেই ভিডিঅ’টো প্ৰেৰণ কৰি দাবী কৰা হৈছিল যে অভিনেত্ৰী ছানী লিয়নীয়ে মহাকুম্ভ মেলাত গংগানদীত স্নান কৰিছে। “কুম্ভমেলাত গংগা স্নান কৰিলে ছানী লিয়নে, মহাকুম্ভত পূণ্য অৰ্জন কৰিবলৈ এয়া ছানী লিওনী” আদি কেপছনেৰে ছানী লিয়নীৰ সেই ভিডিঅ’টো প্ৰচাৰ কৰা হৈছে। এইদৰেই সেয়া ছানী লিয়নীয়ে মহাকুম্ভত গংগা স্নান কৰা বুলি দাবী কৰি ভিডিঅ’টো প্ৰেৰণ কৰি থকা হৈছে।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল হোৱা সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি দৈনিক জাগৰণৰ ৱেবছাইটত ভাইৰেল ভিডিঅ’টোৰ সৈতে জড়িত এটা বাতৰি পালোঁ। ২০২৩ চনৰ ১৭ নৱেম্বৰত প্ৰকাশিত বাতৰিটোত কোৱা হৈছে যে “ছানি লিয়নীয়ে গীতৰ এটা এলবামৰ প্ৰচাৰৰ বাবে বাৰাণসীত উপস্থিত হৈছিল। এই সময়ছোৱাত বাবা বিশ্বনাথ মন্দিৰ দৰ্শন কৰাৰ লগতে তেওঁ গংগা আৰতিতো অংশগ্ৰহণ কৰিছিল।”
সমান্তৰালভাৱে ই-টিভি ভাৰতেও সেই বাতৰি পৰিবেশন কৰিছিল, য”ত উল্লেখ কৰা হৈছিল যে ছানী লিয়নীয়ে গীতৰ প্ৰচাৰৰ বাবে সেই স্থানত উপস্থিত হৈছিল আৰু গংগা আৰতিতো অংশগ্ৰহণ কৰিছিল।
ইয়াৰ পাছতেই আমি জি নিউজৰ অফিচিয়েল ইউটিউব চেনেলটোত ভিডিঅ’ বাৰ্তা পালোঁ। ২০২৩ চনৰ ১৭ নৱেম্বৰত আপলোড কৰা ভিডিঅ’টোৰ সৈতে দিয়া সবিশেষ অনুসৰি সেয়া বাৰাণসীত ছানী লিয়নী উপস্থিত হৈ সনাতনী ৰূপত পূজা কৰাৰ সময়ৰ দৃশ্য। আমি জানিব পাৰিলোঁ যে ওপৰোক্ত বাতৰিত উল্লেখ কৰা ধৰণে ছানী লিয়নীয়ে এইদৰে পূজা আৰতিত অংশ গ্ৰহণ কৰিছিল বাৰাণসীত।
তদুপৰি ২০২৩ চনৰ নৱেম্বৰত ছানী লিয়নীয়ে এইদৰে বাৰাণসীত উপস্থিত হৈ গংগা আৰতিত অংশ লোৱা সম্পৰ্কত অন্য ভিডিঅ’বাৰ্তাও আমি লাভ কৰিলোঁ।
সদৌ শেষত আমি ছানি লিয়নীৰ অফিচিয়েল এক্স হেণ্ডেলত অসমত ভাইৰেল হোৱা সেই ভিডিঅ’টো পালোঁ। ২০২৩ চনৰ ডিচেম্বৰত এই ভিডিঅ’টো শ্বেয়াৰ কৰিছিল তেওঁ।
ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ অসমৰ হোৱাটছএপত ছানী লিয়নীৰ মহাকুম্ভৰ গংগা স্নানৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৩ চনৰে ভিডিঅ’। ছানী লিয়নীয়ে সেই সময়ত গীতৰ এলবামৰ প্ৰচাৰৰ বাবে বাৰাণসীত উপস্থিত হৈ গংগা আৰতিত অংশ লোৱাৰ সময়ৰ ভিডিঅ’ সেইটো।
৮. এজন সাংবাদিকে ভিআইপি উপায়ুক্তক চৰ মৰা ভিডিঅ’টোক মিছা। এই ভিডিঅ’টো একাংশ অভিনেতাৰদ্বাৰা তৈয়াৰ কৰা চিত্ৰনাট্যযুক্ত ভিডিঅ’।
অতি শেহতীয়াভাবে অসমৰ একাংশ হোৱাছএপ ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ প্ৰচাৰ কৰি থকা দেখা গৈছে। ব্য়ক্তিগত নম্বৰ তথা হোৱাটছএপ গ্ৰুপতো সেই ভিডিঅ’টো প্ৰেৰণ কৰি দাবী কৰা হৈছে যে প্ৰয়াগৰাজৰ মহাকুম্ভত গাড়ীত উঠি অহা এগৰাকী ভিআইপি, উপায়ুক্তক এগৰাকী সাংবাদিকে চৰ মাৰি শাৰীৰিকভাৱে অপদস্থ কৰিছিল।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভাইৰেল হৈ পৰা ভিডিঅ’টোৰ পৰা কিছুমান কী-ফ্ৰেম লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি হৰ্ষ ৰাজপুতৰ অফিচিয়েল ইউটিউব চেনেলত ভাইৰেল ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণটো পালোঁ। ২০২৫ চনৰ ১২ ফেব্ৰুৱাৰীত এই ভিডিঅ’টো আপলোড কৰা হৈছিল। ভাইৰেল হোৱা ভিডিঅ’ অংশটো এই মূল ভিডিঅ’টোৰ ৪ মিনিট ২০ ছেকেণ্ডৰ পৰা চাব পাৰিব।
ভিডিঅ’টোৰ বৰ্ণনাত উল্লেখ আছে যে এই ভিডিঅ’টো চিত্ৰনাট্যযুক্ত। যিটো মনোৰঞ্জনৰ উদ্দেশ্যে তৈয়াৰ কৰা হৈছে।
ইয়াৰ বাহিৰেও ভিডিঅ’টোৰ আৰম্ভণিতে এটা ডিচক্লেইমাৰ দেখা যায়। ডিচক্লেইমাৰত উল্লেখ আছে যে এইটো মনোৰঞ্জনৰ উদ্দেশ্যে নিৰ্মিত এটা চিত্ৰনাট্যযুক্ত ভিডিঅ’।
এই ভিডিঅ’টোত হৰ্ষ ৰাজপুতে ২০২৫ চনৰ মহাকুম্ভত বাতৰিৰ শিৰোনাম দখল কৰা সাধু আৰু অন্য লোকসকলৰ অভিনয় দেখুৱাই এনেকুৱা মনোৰঞ্জনমূলক ভিডিঅ’ নিৰ্মাণ কৰিছে। ডিজিটেল ক্ৰিয়েটৰ হৰ্ষ ৰাজপুতে ঢাকড় নিউজৰ অধীনত এনে ভিডিঅ’ নিৰ্মাণ কৰে। এনেধৰণৰ আৰু অধিক চিত্ৰনাট্যযুক্ত ভিডিঅ’ হৰ্ষৰ ইউটিউব চেনেলটোত চাব পাৰিব।
হৰ্ষই এই ভিডিঅ’টো ফেচবুকতো পোষ্ট কৰি চিত্ৰনাট্যযুক্ত ভিডিঅ’ বুলি অভিহিত কৰিছে।
আচলতে এই ভিডিঅ’টোৰ দৃশ্যগ্ৰহণ মহাকুম্ভত কৰা হোৱা নাছিল
এই অৰিজিনেল ভিডিঅ’টো চোৱাৰ পাছত আমি এইটোও গম পালোঁ যে এই ভিডিঅ’টোৰ লোকেচন বা দৃশ্যগ্ৰহণৰ স্থান মহাকুম্ভ নহয়। আমি মূল ভিডিঅ’টোত দেখিছিলোঁ যে কিছুমান ঠাইত ‘ৰাম ভৱন’ লিখা আছে আৰু গুগল মেপত তাকে বিচাৰি আমি দেখিলোঁ যে সেয়া দিল্লী এনচিআৰৰ গাজিয়াবাদৰ ঘন্টাঘৰ ৰামলীলা ময়দানৰ সমীপৰ স্থান।
আমি ভাইৰেল হোৱা ভিডিঅ’ আৰু গুগলত পোৱা স্থান তুলনা কৰিলোঁ। যাৰ পৰা স্পষ্ট হৈ পৰে যে এই ভিডিঅ’টো মহাকুম্ভত দৃশ্যগ্ৰহণ কৰা হোৱা নাই।
তথ্য পৰীক্ষা কৰাৰ পাছত আমি দেখিলোঁ যে এজন সাংবাদিকে ভিআইপি উপায়ুক্তক চৰ মৰা ভিডিঅ’টোক লৈ যি দাবী উত্থাপন হৈছে সেয়া মিছা। এই ভিডিঅ’টো একাংশ অভিনেতাৰদ্বাৰা তৈয়াৰ কৰা চিত্ৰনাট্যযুক্ত ভিডিঅ’।
আমাৰ অন্য ভাষাৰ কিছু সত্যতা নিৰূপণ
কেৱল অসমীয়াতেই নহয় ফেক্ট ক্ৰেছেণ্ডোৰ অন্যান্য ভাষাতো প্ৰয়াগৰাজৰ মহা কুম্ভমেলা সম্পৰ্কত বিয়পি পৰা মিছা খবৰৰ সত্যতা নিৰূপণ কৰা হৈছিল। হিন্দী ভাষাত কৰা তেনেকুৱা কিছুমান সত্যতা নিৰূপণ আপোনালোকে ইয়াত, ইযাত, ইয়াত, ইয়াত ইয়াত, ইয়াত, ইয়াত, ইয়াত চাব পাৰিব। আনহাতে ইংৰাজী ভাষাত কৰা অন্য কিছুমান সত্যতা নিৰূপণ আপোনালোকে ইয়াত ইয়াত ইয়াত ইয়াত ইয়াত ইয়াত ইয়াত চাব পাৰিব।
কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট ভূৱা খবৰ
আনকি এআই অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰেও কিছুমান ফটো আৰু ভিডিঅ’ প্ৰস্তুত কৰি বিভিন্নজনে সামাজিক মাধ্যমত সেয়া প্ৰয়াগৰাজৰ মহাকুম্ভৰ ফটো বা ভিডিঅ’ বুলি ভুৱা দাবীৰে ভাইৰেল কৰিছিল। তেনেকুৱা কিছুমান সত্যতা নিৰূপণ আপোনালোকে ইয়াত ইয়াত চাব পাৰিব।
উপসংহাৰ
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ লগতে অন্যান্য কেইবাটাও ভাষাত প্ৰয়াগৰাজৰ পূৰ্ণ মহাকুম্ভমেলা সম্পৰ্কে ভাইৰেল হোৱা ভুৱা খবৰ, মিছা ফটো, ভিডিঅ’ আদিৰ সত্যতা নিৰূপণ কৰা হৈছিল। তাৰেই এই সময়লৈকে কৰা সত্যতা নিৰূপণসমুহক একত্ৰ কৰি এই লেখা সম্পন্ন কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা সম্পৰ্কত সামাজিক মাধ্যমত ভাইৰেল হোৱা মিছা খবৰৰ সত্যতা নিৰূপণসমুহৰ এক সংকলিত লেখা।
Written By: Pranjal SharmaResult: Insight
