
ৱাকফ (সংশোধনী) ২০২৪ক লৈ দেশত ৱাকফ ব’ৰ্ড সম্পৰ্কে বিতৰ্কৰ সৃষ্টি হৈছে। ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহতো এই সম্পৰ্কে আলোচনা হোৱা দেখা গৈছে। এটা পক্ষই এই সংশোধনীৰ পক্ষ লৈছে আৰু আনটোৱে ইয়াৰ বিৰোধিতা কৰি দাবী কৰিছে যে ইয়াৰ ফলত ৱাকফ ব’ৰ্ডৰ ক্ষতি হ’ব। এই বিতৰ্কৰ মাজতে এটা ভাইৰেল ফেচবুক পোষ্টত দাবী কৰা হৈছে যে ৱাকফ ব’ৰ্ডৰ ৯.৯ লাখ বৰ্গ কিলোমিটাৰ মাটি আছে— যি পাকিস্তানতকৈও ডাঙৰ এলেকা। এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে লিখিছে এইদৰে,”পাকিস্তানৰ মাটি এলেকা 8.81 লাখ বৰ্গ কিলোমিটাৰ। আৰু ভাৰতৰ ৱাকফ বৰ্ডৰ মাটিৰ এলেকা 9.9 লাখ বৰ্গ কিলোমিটাৰ। কথাটো ভয়ানক নহয় নে ?”
আমি ফেক্ট ক্ৰেছেণ্ড অসমীয়াই এই সম্পৰ্কে অনুসন্ধান কৰাৰ সিদ্ধান্ত ললোঁ।
সত্যতা নিৰূপণ পদ্ধতি
পোষ্টটোত কৰা দাবীৰ সত্যতা নিৰ্ণয় কৰাৰ আগেয়ে ৱাকফ কি বুজি লওঁ আৰু ভাৰতত ৱাকফৰ সম্পত্তি নিয়ন্ত্ৰণ কৰা বৰ্তমানৰ আইনসমূহ পৰ্যালোচনা কৰোঁ আহক।
ইছলামিক আইনত ৱাকফ হৈছে ধৰ্মীয় এনডাউমেণ্ট (Endowment), য’ত কোনো সম্পত্তি দাতব্য বা ধৰ্মীয় উদ্দেশ্যত দান কৰা হয়, যেনে মছজিদ, বিদ্যালয়, চিকিৎসালয় বা অন্যান্য সামূহিক সেৱা নিৰ্মাণ। এই সম্পত্তি চিৰদিনৰ বাবে ৱাকফ ব’ৰ্ডৰ মালিকীস্বত্বৰ অধীনত থাকে আৰু জনতাৰ সেৱাত ব্যৱহাৰ হয়, অৰ্থাৎ ইয়াক বিক্ৰী, উত্তৰাধিকাৰী হিচাপে বা অন্য কোনো ধৰণে নিষ্কাশন কৰিব নোৱাৰি।
ভাৰতত কেন্দ্ৰীয় ৱাকফ পৰিষদ আৰু ৰাজ্যিক পৰ্যায়ৰ ৱাকফ ব’ৰ্ডসমূহে এই ৱাকফ সম্পত্তিসমূহ পৰিচালনা আৰু ৰক্ষণাবেক্ষণৰ দায়িত্ব লয়, য’ত বৃহৎ পৰিমাণৰ মাটি, অট্টালিকা, আৰু অন্যান্য সম্পত্তি অন্তৰ্ভুক্ত হ’ব পাৰে। এই ব’ৰ্ডসমূহে সম্পত্তিসমূহ উদ্দেশ্য অনুসৰি ব্যৱহাৰ কৰাটো নিশ্চিত কৰে আৰু আইনী মানদণ্ডৰ সৈতে ইয়াৰ সন্মতি নিৰীক্ষণ কৰে।
এই প্ৰসংগটো মনত ৰাখি ভাইৰেল ফেচবুক পোষ্টটোত কৰা দাবীটো পৰীক্ষা কৰোঁ আহক। আমেৰিকাত পাকিস্তানৰ বাবে কনছুলেট জেনেৰেলৰ ৱেবছাইট অনুসৰি পাকিস্তানৰ ভূমিৰ আয়তন ৮৮১,৯১৩ বৰ্গ কিলোমিটাৰ, যিটো ভাৰতৰ মুঠ ভূমিৰ প্ৰায় ২৭%। গতিকে যদিহে ৱাকফ ব’ৰ্ডৰ সঁচাকৈয়ে পাকিস্তানতকৈ অধিক মাটিৰ মালিক হয় তেন্তে ভাৰতৰ ২৭%তকৈ অধিক ভূমি ৱাকফৰ সম্পত্তি হিচাপে নিৰ্ধাৰণ কৰা হ’ব।
প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)ৰ ৱাকফ ব’ৰ্ড সম্পৰ্কে এক ব্যাখ্যা অনুসৰি ভাৰতত ৱাকফ ব’ৰ্ডৰ নিয়ন্ত্ৰণত থকা মুঠ মাটিকালি হৈছে ৯.৪ লাখ একৰ। বৰ্গ কিলোমিটাৰলৈ ৰূপান্তৰিত কৰিলে ইয়াৰ পৰিমাণ ৩৮০৪ বৰ্গ কিলোমিটাৰ হয়, যিটো ভাইৰেল পোষ্টত দাবী কৰাতকৈ যথেষ্ট কম।
ৱাকফৰ সম্পত্তিৰ সবিশেষ ৱাকফ এচেটছ মেনেজমেণ্ট চিষ্টেম অৱ ইণ্ডিয়া (WAMSI)ৰ ৱেবছাইটত পোৱা যাব। WAMSI সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত আৰু ই ৱাকফ ব’ৰ্ডৰ দ্বাৰা পৰিচালিত স্থাৱৰ আৰু স্থাৱৰ সম্পত্তিৰ বিষয়ে বিতংভাৱে প্ৰদান কৰে।
দ্য হিন্দু আৰু দ্য ইকনমিক টাইমছৰ প্ৰতিবেদন অনুসৰি ভাৰতৰ ৱাকফ ব’ৰ্ডে ৩৮০৪ বৰ্গ কিলোমিটাৰৰ সমতুল্য ৯.৪ লাখ একৰ মাটি নিয়ন্ত্ৰণ কৰে। গতিকে ভাইৰেল পোষ্টটোত দাবী কৰা ধৰণে ভাৰতত ৱাকফ ব’ৰ্ডৰ অধীনৰ এলেকা ৯.৯ লাখ বৰ্গ কিলোমিটাৰ নহয়।
বৰ্তমান ৱাকফ ব’ৰ্ড ভাৰতৰ তৃতীয় বৃহত্তম মাটিৰ মালিক। সৰ্ববৃহৎ মাটিৰ মালিক হ’ল ভাৰত চৰকাৰ, যি ১৫,৫৩১ বৰ্গ কিলোমিটাৰ মাটিৰ গৰাকী, তাৰ পিছতে কেথলিক গীৰ্জা দেশৰ দ্বিতীয় বৃহত্তম মাটিৰ গৰাকী।
ফলাফল
আমাৰ অনুসন্ধানৰ পৰা আমি ক’ব পাৰোঁ যে ভাইৰেল ভিডিঅ’টোৰ মিছা। ৱাকফ ব’ৰ্ডৰ মাটিকালি পাকিস্তানৰ মুঠ মাটিকালিতকৈ অধিক নহয়। ৱাকফ ব’ৰ্ডৰ মাটিকালিৰ পৰিমান ৯.৪ লাখ একৰ যি ৩৮০৪ বৰ্গ কিলোমিটাৰৰ সমতুল্য আৰু এয়া ভাইৰেল পোষ্টটোত দাবী কৰা পৰিমাণতকৈ যথেষ্ট কম।ভাৰত চৰকাৰ আৰু কেথলিক গীৰ্জাৰ পিছতে ৩৮০৪ বৰ্গ কিলোমিটাৰ মাটিৰ গৰাকী ৱাকফ ব’ৰ্ড দেশৰ তৃতীয় বৃহত্তম মাটিৰ মালিক।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ প্ৰাপ্ত কৰে, সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰক (+91 904 905 3770)। আমি তথ্যগত বিৱৰণ অনুসন্ধান আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ৱাকফ ব’ৰ্ডৰ মাটিকালি পাকিস্তানৰ মুঠ মাটিকালিতকৈ বেছি নেকি? পঢ়ক আমাৰ এই ফেক্ট চেক।
Fact Check By: Debanjana BaishyaResult: False
