প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান এতিয়া ঘটা নাই। খবৰটো মিছা। 

Social

১০ নৱেম্বৰ ২০২৫, সোমবাৰে সন্ধিয়াৰে পৰা অসমৰ সামাজিক মাধ্যমত প্ৰচাৰ হ’বলৈ ধৰিলে যে আমাৰ দেশৰ প্ৰসিদ্ধ অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাসৱান ঘটিছে। কেইবাজনো ব্যৱহাৰকাৰীয়ে ধৰ্মেন্দ্ৰৰ প্ৰয়াণ ঘটা বুলি পোষ্ট দিয়া আমাৰ দৃষ্টিগোচৰ হ’ল। দাবী কৰা হ’ল যে অভিনেতাগৰাকী আৰু ইহ সংসাৰত নাই। তেনেকুৱা কেইবাটাও দাবী তলত সংলগ্ন কৰা হৈছে।

Facebook Link Archived Link

Facebook Link Archived Link

Facebook Link Archived Link

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

 প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসানৰ খবৰটো সন্দৰ্ভত আমি খবৰৰ সন্ধান কৰোতে একাধিক এনেকুৱা বাতৰি লাভ কৰিলোঁ, যিয়ে এই সংবাদ নস্যাৎ কৰিছে। বাতৰি অনুসৰি অভিনেতাগৰাকীৰ দেহাৱসান ঘটা নাই। বৰ্তমান হাস্পতালতে আছে যদিও স্বাস্থ্য সুস্থিৰ। তেনেকুৱা এটা বাতৰিৰ স্ক্ৰীণশ্বট তলত দিয়া হৈছে।

একে খবৰেই প্ৰকাশ কৰা বাতৰি ইয়াত ইয়াত আৰু ইয়াত চাব পাৰিব।

এই বাতৰিসমূহত ধৰ্মেন্দ্ৰৰ সহধৰ্মিনী আৰু কন্যা ক্ৰমে হেমা মালিনী আৰু ঈষা দেওলৰ উদ্ধৃতি দিয়া হৈছে। সেই মৰ্মে আমি ঈষা দেওলৰ ইনষ্টাগ্ৰাম পোষ্ট আৰু হেমা মালিনীৰ টুইট লাভ কৰিলোঁ। পৰিয়ালৰ সদস্য হিচাপে দুয়ো এই খবৰ নস্যাৎ কৰিছে আৰু সংবাদ মাধ্যমৰ বিৰুদ্ধে মিছা বাতৰি প্ৰচাৰ কৰাৰ অভিযোগ আনি বিষোদগাৰ প্ৰকাশ কৰিছে। ঈষা দেওলৰ পোষ্টটোৰ স্ক্ৰীণশ্বট তলত দিয়া হ’ল।

আনহাতে হেমা মালিনীয়ে টুইট কৰিছে এইবুলি- What is happening is unforgivable! How can responsible channels spread false news about a person who is responding to treatment and is recovering? This is being extremely disrespectful and  irresponsible. Please give due respect to the family and its need for privacy. (যি হৈছে, সেয়া অক্ষমনীয়। দায়িত্বশীল চেনেলবোৰে কিদৰে এনেকুৱা এজন মানুহ সম্পৰ্কত মিছা বাতৰি প্ৰকাশ কৰিব পাৰে,যিয়ে চিকিৎসাৰ প্ৰতি সঁহাৰি জনাইছে আৰু ক্ৰমাত স্বাস্থ্য উন্নত হৈছে। এয়া সম্পূৰ্ণৰূপে অসন্মানজনক আৰু দায়িত্বজ্ঞানহীন। অনুগ্ৰহ কৰি পৰিয়ালটো আৰু পৰিয়ালটোৰ ব্যক্তিগত গোপনীয়তাক সন্মান জনাওক)

ইয়াৰ পৰাই আমি নিশ্চিত হওঁ যে প্ৰখ্যাত অভিনেতাগৰাকীৰ এতিয়াও দেহাৱসান ঘটা নাই। বৰ্তমানো চিকিৎসাধীন হৈ আছে আৰু স্বাস্থ্যৰ উন্নতি ঘটিছে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  যে দাবীটো মিছা।  প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ এতিয়াও দেহাৱসান ঘটা নাই। বৰ্তমানো চিকিৎসাধীন হৈ আছে আৰু স্বাস্থ্যৰ উন্নতি ঘটিছে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰখ্যাত অভিনেতা ধৰ্মেন্দ্ৰৰ দেহাৱসান এতিয়া ঘটা নাই। খবৰটো মিছা। 

Fact Check By: Pranjal Sharma  

Result: False