মোদী-শ্বাহৰ ফটোত চিঞাহী পেলাই প্ৰতিবাদ কৰা দৃশ্যটো পুৰণি আৰু অন্য প্ৰসংগৰ। 

Partly-False Social

শেহতীয়াকৈ অসমৰ এটা ডিজিটেল সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত এটা ভিডিঅ’ৰ জৰিয়তে শেহতীয়াকৈ দেশত ইউজিচিৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদৰ  বাতৰি সম্প্ৰচাৰ কৰা হৈছে। আপলোড কৰা ভিডিঅ’টোত প্ৰতিবাদৰ কেইবাটাও দৃশ্য দেখুওৱা হৈছে। তাৰে এটা দৃশ্যত আমি দেখোঁ যে কেইগৰাকীমান ব্যক্তিয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ফটো সম্বলিত এখন বেনাৰত দুয়োগৰাকী নেতাৰ ফটোতেই ক’লা চিঞাহী পেলাই প্ৰতিবাদ কৰিছে। সেই বাতৰিটোৰে পেজটোৱে দাবী কৰিছে যে সেয়া শেহতীয়া ইউজিচি বিৰোধী প্ৰতিবাদৰ দৃশ্য।   

Facebook Link Archived Link

একেটা পেজৰে আন এটা বাতৰিতো একেই দাবীৰে সেই দৃশ্যটো ব্যৱহাৰ কৰা হৈছে।

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া আমি প্ৰথমে ছট্টিশগড়ৰ পশ্চিম ৰায়পুৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক বিকাশ উপাধ্যায়ৰ এটা ইনষ্টাগ্ৰাম পোষ্টত এক প্ৰতিবাদী কাৰ্যসূচীৰ কেইখনমান আলোকচিত্ৰ দেখিলোঁ। পোষ্টটো দিয়া হৈছিল ২০২৫ৰ ১৭ ডিচেম্বৰত। অৰ্থাত শেহতীয়া ইউজিচি প্ৰতিবাদৰ প্ৰায় এমাহ পূৰ্বেই।  তাৰেই কেইখনমান ফটো আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোৰ খণ্ডচিত্ৰ হিচাপে দেখিলোঁ। ইনষ্টাগ্ৰাম পোষ্টটোত হিন্দী ভাষাত লিখা হৈছে- नेशनल हेराल्ड प्रकरण में अदालत के निर्णय ने एक बार फिर साबित किया है कि सत्ता के दुरुपयोग के ज़रिए विपक्ष को दबाने की कोशिश की जा रही है। लोकतांत्रिक संस्थाओं को राजनीतिक हथियार बनाना देश के लिए घातक है। आज प्रदेश कांग्रेस के आह्वान पर रायपुर में भाजपा कार्यालय का घेराव कर हमने इसी अलोकतांत्रिक और प्रतिशोध की राजनीति के खिलाफ अपना विरोध दर्ज कराया। भाजपा को यह स्पष्ट समझ लेना चाहिए कि डर और दबाव की राजनीति से हम पीछे हटने वाले नहीं हैं। संविधान की गरिमा और लोकतंत्र की आत्मा की रक्षा के लिए हम हर मोर्चे पर संघर्ष करते रहेंगे। (ক্ষমতাৰ অপব্যৱহাৰৰ জৰিয়তে বিৰোধীক দমন কৰাৰ চেষ্টা চলোৱা হৈছে বুলি পুনৰবাৰ প্ৰমাণিত হৈছে নেশ্যনেল হেৰাল্ড গোচৰত আদালতৰ সিদ্ধান্তত। গণতান্ত্ৰিক প্ৰতিষ্ঠানক ৰাজনৈতিক অস্ত্ৰলৈ ৰূপান্তৰিত কৰাটো দেশৰ বাবে বিপদজনক। আজি ৰাজ্যিক কংগ্ৰেছৰ আহ্বানত আমি এই অগণতান্ত্ৰিক আৰু প্ৰতিশোধমূলক ৰাজনীতিৰ বিৰুদ্ধে ৰায়পুৰত বিজেপিৰ কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিলোঁ। বিজেপিয়ে স্পষ্টকৈ বুজিব লাগে যে আমি ভয় আৰু চাপত ৰাজনীতিৰ পৰা পিছুৱাই নাযাওঁ। সংবিধানৰ স্বাভিমান আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে আমি প্ৰতিটো ক্ষেত্ৰতে যুঁজ দি যাম।)

ইয়াৰ পাছত আমি একেই ১৭ ডিচেম্বৰ ২০২৫তে আন এটা ইনষ্টাগ্ৰাম পোষ্ট পালোঁ। সেই পোষ্টটোতেই আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যটো দেখিলোঁ। তাত লিখা হৈছে- पीएम मोदी और गृह मंत्री अमित शाह पर फेकी गई काली स्याही । नेशनल हेराल्ड केस में कांग्रेस को बड़ी राहत, रायपुर में सड़कों पर उतरे कार्यकर्ता।  दिल्ली की राउज एवेन्यू कोर्ट द्वारा नेशनल हेराल्ड मामले में कांग्रेस नेत्री सोनिया गांधी व LOP राहुल गांधी पर प्राइवेट एफआईआर के आधार पर सुनवाई से इनकार किए जाने के बाद कांग्रेस खेमे में उत्साह का माहौल है। इस फैसले को कांग्रेस ने बड़ी कानूनी जीत बताते हुए भाजपा पर तीखा हमला बोला है। इसी कड़ी में बुधवार को छत्तीसगढ़ की राजधानी रायपुर में कांग्रेस कार्यकर्ता सड़कों पर उतर आए। कार्यकर्ताओं ने भाजपा जिला कार्यालय एकात्म परिसर का घेराव करने की कोशिश की इस दौरान पूर्व मुख्यमंत्री भुपेश बघेल पीसीसी चीफ दीपक बैज पूर्व मंत्री शिव डहरिया मौजूद रहे। प्रदर्शन के दौरान कांग्रेस कार्यकर्ता केंद्र की भाजपा सरकार के खिलाफ जमकर नारेबाजी करते नजर आए। कांग्रेस नेताओं ने आरोप लगाया कि केंद्र सरकार प्रवर्तन निदेशालय (ईडी) और सीबीआई जैसी जांच एजेंसियों का दुरुपयोग कर विपक्षी नेताओं को डराने और दबाने का काम कर रही है। कांग्रेस कार्यकर्ताओं का कहना था कि राहुल गांधी से पूरी केंद्र सरकार घबराई हुई है, इसी वजह से उन्हें झूठे मामलों में फंसाने की साजिश रची गई। नेताओं ने दावा किया कि राउज एवेन्यू कोर्ट के फैसले से केंद्र सरकार का “झूठ और राजनीतिक दुर्भावना” उजागर हो गई है। कांग्रेस नेताओं ने इसे लोकतंत्र और न्यायपालिका की जीत बताते हुए कहा कि अदालत के इस फैसले ने साफ कर दिया है कि नेशनल हेराल्ड मामले में की गई कार्रवाई पूरी तरह राजनीतिक द्वेष से प्रेरित थी।….  (প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ ওপৰত নিক্ষেপ ক’লা চিঞাহী। নেশ্যনেল হেৰাল্ডৰ গোচৰত কংগ্ৰেছে লাভ কৰিছে বৃহৎ সকাহ, ৰায়পুৰত ৰাজপথলৈ ওলাই আহিল শ্ৰমিক। ব্যক্তিগত এফআইআৰৰ আধাৰত নেশ্যনেল হেৰাল্ডৰ গোচৰত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু এল অ’ পি ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰটো শুনানি ল’বলৈ দিল্লীৰ ৰাউজ এভিনিউ আদালতে অস্বীকাৰ কৰাৰ পাছতে কংগ্ৰেছ শিবিৰৰ ভিতৰত উত্তেজনাৰ পৰিৱেশ সৃষ্টি হৈছে। কংগ্ৰেছ দলে এই সিদ্ধান্তক এক বৃহৎ আইনী বিজয় বুলি প্ৰশংসা কৰি বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়। এনে পৰিপ্ৰেক্ষিতত বুধবাৰে ছট্টিশগড়ৰ ৰাজধানী ৰায়পুৰত ৰাজপথলৈ ওলাই আহিল কংগ্ৰেছ কৰ্মী। প্রাক্তন মুখ্যমন্ত্রী ভূপেশ বাঘেল, পিচিচিৰ প্রধান দীপক বাইজ, প্রাক্তন মন্ত্রী শিৱ দহৰীয়া উপস্থিত থাকি বিজেপিৰ জিলা কার্যালয় একতা পৰিষৰ ঘেৰাও কৰাৰ চেষ্টা চলায়৷ প্ৰতিবাদৰ সময়ত কংগ্ৰেছ কৰ্মীসকলে কেন্দ্ৰীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়া দেখা গৈছিল। কংগ্ৰেছ নেতাসকলে অভিযোগ কৰে যে কেন্দ্ৰীয় চৰকাৰে বলবৎকাৰী সঞ্চালকালয় (ইডি) আৰু চিবিআইৰ দৰে তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ কৰি বিৰোধী নেতাক ভয় খুৱাই দমন কৰি আছে। কংগ্ৰেছ কৰ্মীসকলে কয় যে সমগ্ৰ কেন্দ্ৰীয় চৰকাৰে ৰাহুল গান্ধীক ভয় কৰে, যাৰ বাবে তেওঁক মিছা গোচৰত জড়িত কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰা হৈছিল। নেতাসকলে দাবী কৰে যে ৰাউজ এভিনিউ আদালতৰ এই সিদ্ধান্তই কেন্দ্ৰীয় চৰকাৰৰ “মিছা আৰু ৰাজনৈতিক কু-অভিপ্ৰায়” উদঙাই দিছে। কংগ্ৰেছৰ নেতাসকলে ইয়াক গণতন্ত্ৰ আৰু ন্যায়পালিকাৰ বাবে জয় বুলি অভিহিত কৰি কয় যে আদালতৰ সিদ্ধান্তৰ পৰা স্পষ্ট হৈ পৰিছে যে নেশ্যনেল হেৰাল্ড গোচৰত গ্ৰহণ কৰা পদক্ষেপসমূহ সম্পূৰ্ণৰূপে ৰাজনৈতিক কু-অভিপ্ৰায়ৰ দ্বাৰা প্ৰেৰিত।)

এই সম্পৰ্কে অধিক তথ্য আহৰণৰ চেষ্টা কৰোতে আমি ২২ ডিচেম্বৰ ২০২৫ত ফেচবুকত এই ভিডিঅ’টো আপলোড কৰা দেখিলোঁ।   

সমান্তৰালভাৱে আমি দৈনিক ভাস্কৰৰ এমাহ পূৰ্বৰ এটা বাতৰিও পালোঁ, তাতো ৰায়পুৰৰ সেই প্ৰতিবাদৰ কথা লিখা হৈছেয। লগতে আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোও সেই বাতৰিৰ লগতে পালোঁ। 

এনডিটিভি ইণ্ডিয়াতো সেই একেটা বাতৰি আমি লাভ কৰিলোঁ।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিল যে  প্ৰায় এমাহ পূৰ্বেই ছট্টিশগড়ৰ ৰায়পুৰত কংগ্ৰেছ নেতা-কৰ্মীয়ে নেশ্যনেল হেৰাল্ডৰ গোচৰৰ সম্পৰ্কত প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ ফটোত ক’লা চিঞাহী নিক্ষেপ কৰা ঘটনাকে শেহতীয়া ইউজিচিৰ বিৰুদ্ধে উচ্চ বৰ্ণৰ প্ৰতিবাদৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো আংশিকভাৱে মিছা। এমাহ পূৰ্বেই ছট্টিশগড়ৰ ৰায়পুৰত কংগ্ৰেছ নেতা-কৰ্মীয়ে নেশ্যনেল হেৰাল্ডৰ গোচৰৰ সম্পৰ্কত প্ৰধানমন্ত্ৰী মোদী আৰু অমিত শ্বাহৰ ফটোত ক’লা চিঞাহী নিক্ষেপ কৰা ঘটনাকে শেহতীয়া ইউজিচিৰ বিৰুদ্ধে উচ্চ বৰ্ণৰ প্ৰতিবাদৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:মোদী-শ্বাহৰ ফটোত চিঞাহী পেলাই প্ৰতিবাদ কৰা দৃশ্যটো পুৰণি আৰু অন্য প্ৰসংগৰ।

Fact Check By: Pranjal Sharma 

Result:Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *