কেবিনত ধোঁৱাৰ সৃষ্টি হোৱা এই ভিডিঅ’টোৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ লগত সম্পৰ্ক নাই। 

False Social

শেহতীয়াভাৱে অসমৰ ইনষ্টাগ্ৰামত এগৰাকী ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি কেপছনত লিখিছে -আহমেদাবাদত বিমান দুৰ্ঘটনাৰ Live দৃশ্য। ভিডিঅ’টোৰে সেয়া শেহতীয়া আহমেদাবাদ দুৰ্ঘটনাৰ বিমানখনৰ ভিতৰভাগৰ দৃশ্য বুলি দাবী কৰা হৈছে।  

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcgmou98v7dewT0MJQxmUop_HFtA_veDacwEBPlww6KAEgsUc254UWrLCKWQuRiZVkwo0kjT4MCF35JzrWB_Qk5-XQ-EUaL0q4k30wILMotIj9oDHkfD7xTgNgVL5cxKpeY1Ps7Ug?key=JtoFlVxEfZFV7p9b47MHIw

Instagram Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তাৰ ফলত আমি এটা X একাউণ্টত ভাইৰেল ভিডিঅ’টো পালোঁ। তাত ভিডিঅ’টো ৩ এপ্ৰিল,২০২৩ তাৰিখে আপলোড কৰা হৈছিল।ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভিডিঅ’টোৰ শেহতীয়া আহমেদাবাদ বিমান দুৰ্ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf-ZCweL06oEJ453ODOhWP0V_1avsk4Y52AjJZuDWDjpV1f4yJDkLTpxIxYWa-GDz5t5x6uHFf_MJ2PHet2hxoK2E8ljgYZNAfRBiGAdePnhAh4kNv4zPgp-XYKEHlzMod9sIZUHQ?key=JtoFlVxEfZFV7p9b47MHIw

ভিডিঅ’টোৰ সৈতে কেপছনত লিখা আছিল- উৰণৰ ১০ মিনিটৰ পাছত বিমানখনৰ কেবিন ধোঁৱাৰে ভৰি পৰাৰ ফলত যাত্ৰীসকলে উশাহ-নিশাহ লোৱাত অসুবিধা পায় আৰু সহায় বিচাৰি চিঞৰি উঠে। আকাশত আতংকৰ এই মুহূৰ্তবোৰ ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিং টপিক হৈ পৰিল।

কী-ৱৰ্ড ছাৰ্চ কৰাত আমি ২০২০ চনৰ জানুৱাৰী মাহৰ এটা নিউজ ৰিপৰ্ট পালোঁ, য’ত ৰোমানিয়াৰ ৰিয়ান এয়াৰৰ এখন বিমানত হোৱা এই কাণ্ডৰ সবিশেষ আছিল আৰু ভাইৰেল ভিডিঅ’টোৰ দৰেই ক্লিপ এম্বেড কৰা হৈছিল। ২০২০ চনৰ ২৩ জানুৱাৰীত প্ৰকাশিত প্ৰতিবেদন অনুসৰি, “ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টৰ পৰা লণ্ডনলৈ যোৱা এখন বিমান হঠাতে ধোঁৱাৰে ভৰি পৰাত জনসাধাৰণৰ মাজত আতংকৰ সৃষ্টি হয়, তাৰ পাছত বিমানখনে জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdEtgVAFrvh5j8neEsr7GwJgD0dg7PIBCBUbM4ETxt-Y9Umvx6A8z7o1V4CJPZ-tBPPut85YJYN_YDy-84mYt_T6rNIPE9TRAJdUMLMIl1VjrzFfAhw4f8QlelPQhJ2SWxlYEEFkg?key=JtoFlVxEfZFV7p9b47MHIw

নিউজফ্লেয়াৰত প্ৰকাশিত বাতৰি অনুসৰি ৰোমানিয়াৰ ৰাজধানী বুখাৰেষ্টৰ ষ্টেনষ্টেড বিমানবন্দৰৰ পৰা ৰিয়ান এয়াৰৰ এখন বিমান লণ্ডনলৈ গৈ আছিল আৰু এই বিমানখনত ১৬৯ জন যাত্ৰী আছিল। কিন্তু উৰণৰ কিছু সময়ৰ পাছতে বিমানখন ধোঁৱাৰে ভৰি পৰাত জৰুৰীকালীনভাৱে অৱতৰণ কৰা হয়।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXefwH_NbMqy9r6FBD8SgKuGXxgQIAcAJfw89ynmUpfXbaZ_vqGPZQAqTbbP8EtR_s3x0aQhp1o68ff8AKewZNJS8vT-wLKTaEeik8lLz84DnmehxyosfOJMb_sqOszgBBI5OXNP?key=JtoFlVxEfZFV7p9b47MHIw

আহমেদাবাদৰ বিমান দুৰ্ঘটনা

শেহতীয়াকৈ লণ্ডনলৈ যোৱা এয়াৰ ইণ্ডিয়াৰ এখন বিমান আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্ত হয়। এয়াৰ ইণ্ডিয়াই জনোৱা মতে, বিমানখনত থকা ২৪২ জন যাত্ৰীৰ ভিতৰত ২৪১ জন যাত্ৰীৰ মৃত্যু হৈছে, আনহাতে এজন ব্ৰিটিছ নাগৰিক জীৱিত হৈ চিকিৎসাধীন হৈ আছে।

 

তথ্য পৰীক্ষা কৰাৰ পাছত আমি জানিব পাৰিলোঁ যে কেবিনত ধোঁৱাৰ সৃষ্টি হোৱা এই ভাইৰেল ভিডিঅ’টোৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই। ২০২৩ চনৰ পৰা ইণ্টাৰনেটত উপলব্ধ হৈ থকা এই ভিডিঅ’টো ৰোমানিয়াত সংঘটিত হোৱা এক ঘটনাৰহে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। কেবিনত ধোঁৱাৰ সৃষ্টি হোৱা এই ভাইৰেল ভিডিঅ’টোৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সৈতে কোনো সম্পৰ্ক নাই। ২০২৩ চনৰ পৰা ইণ্টাৰনেটত উপলব্ধ হৈ থকা এই ভিডিঅ’টো ৰোমানিয়াত সংঘটিত হোৱা এক ঘটনাৰহে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:কেবিনত ধোঁৱাৰ সৃষ্টি হোৱা এই ভিডিঅ’টোৰ আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ লগত সম্পৰ্ক নাই।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *