War Thunder নামৰ চিমুলেছন গেমৰ দৃশ্য ইৰাণে ইজৰাইলৰ যুদ্ধ বিমান ধ্বংস কৰা দৃশ্য  বুলি মিছাকৈ প্ৰচাৰ।

False Social

শেহতীয়াকৈ ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত বিভিন্ন ফটো আৰু দৃশ্য সামাজিক মাধ্যমত বিয়পি পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো সাম্প্ৰতিক সময়ত হৈ থকা ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা যুদ্ধৰ সময়ৰ ভিডিঅ’ বুলি দাবী কৰিছে। ভিডিঅ’টো আপলোড কৰি লিখিছে- ইজৰাইলৰ F35 ইৰাণে ধ্বংস কৰাৰ দৃশ্য।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf7nUhL0pOAHgc0tyOIpvyrVePfJd_S1w7D8praxbNumxYtN7ocdKyXRAVirm5UjLheFkYlRDJmZZVyyZ1psWUGk18sqgnQfJxhxxlG6fA7ZdZTJJXbmLpCK_lmlUObJOoAewV9?key=knGDziJKhtgd7bpRlWMLQg

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰোতে মন কৰিলোঁ যে ভিডিঅ’টোত আৰবী ভাষাত লিখা টেস্কট ওভাৰলে’ৰ তলত ইংৰাজী ভাষাত কোনো এটা বাক্য লিখা আছে। This video , আৰু Fun বুলি লিখা থকা মন কৰি আমি অনুমান কৰিলোঁ যে সেয়া হয়তো কৃত্ৰিমভাৱে সৃষ্টি কৰা মনোৰঞ্জনমূলক কোনো দৃশ্য হ’ব পাৰে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXef4kXu9uHD1x-KdwoXTgPMBq_672ruPHnLey2dBhaWYqE9a8n5PHz7J6U2pOR5SKpSIbC1Hs_YoTADr7zMdgawFlDKw3QUM3zmVTIpGyPVttgUOSun7fZXI0JOrdng_R24DGJ5?key=knGDziJKhtgd7bpRlWMLQg

ইয়াৰ পাছত আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে Warthog Strike নামৰ ইউটিউৱ চেনেলটোত সেই ভিডিঅ’টো পালোঁ। ভিডিঅ’টোত “This video is gaming content, just for fun”(এয়া কেৱল মনোৰঞ্জনৰ বাবে এক খেলৰ উপাদানহে) বুলি টেক্সট ওভাৰলে’ কৰি লিখা থকা আমি দেখিলোঁ। অনুমান কৰিলোঁ যে এইটো ভিডিঅ’ৰ ওপৰতেই আৰবী ভাষাত টেস্কট ওভাৰলে’ কৰি ইজৰাইলৰ বিমান ইৰাণে ধ্বংস কৰা দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfkHl8T69qaTzB16cslDy2W0LevpT7jOBiTtjayDjhYFwVqvg6FLNEPrECH_eLaBQ0wQVOBElaVLJNvPWYenu_7KbodsUdR7Y1YtN5t5YEvdFZyYUuuBzwr7zBRtmUVJfELtBYx?key=knGDziJKhtgd7bpRlWMLQg

সেই ইউটিউৱ চেনেলটো আমি পৰীক্ষা কৰি দেখিলোঁ যে তাত বিভিন্ন দেশৰ নাম ব্যৱহাৰ কৰি মনোৰঞ্জনমূলক খেলৰ ভিডিঅ’ আপলোড কৰা হয়। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeBvjtOAzPgesWwZPnY7Cd2E00DsvByydrhWDFIuhoV-HOd2IkQ2x0714xjWGKnti8GHAunCBaQ8bZ_Ta5Wf2SYxLtgWg5LKLNiGYfoJzhuFZv_7pu_jEqJQaxUDkewP6LVkrXC?key=knGDziJKhtgd7bpRlWMLQg

ইউটিউৱ চেনেলটোত আমি তেওঁলোকৰ ফেচবুক পেজটোৰ লিংকটো পালোঁ আৰু সেই লিংকটো খুলি About অংশত দেখিলোঁ যে তেওঁলোকে Gaming Video Creator হিচাপে নিজৰ প্ৰকাশ কৰি থৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdNhxYl3nmSzu60_d005tyjMp4hosXcrZHRfoX30orJUl2qYvxD-LrKpZElnVB2LvhSqwuyXTRyXsy1gR-GuuoywCJ5RrXtwmJXWkWQTELdlsc2yiIQhZmFjdHR26Ml4i2HQOnSWQ?key=knGDziJKhtgd7bpRlWMLQg

আমি তেওঁলোকৰ চেনেলটো পৰীক্ষা কৰি জানিব পাৰিলোঁ যে তেওঁলোকে War Thunder নামৰ এটা চিমুলেছন গেমৰ ভিডিঅ’ আৰু দৃশ্য প্ৰচাৰ কৰে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXethTxgbxfFwOWK_UqCfU1G0MqntLTvBcLQHsCwqZS0XQgTNJNz8oDuRSX7SwKMyUzPcoYIljNfcIppeGhqyqWiQiIdtmRvV4TlcFp-WhjTnXpWH2Kie7usokezrP8emy2D7obl?key=knGDziJKhtgd7bpRlWMLQg

War Thunder হৈছে Gaijin Entertainment এ বিভিন্ন প্লেটফৰ্মৰ বাবে সৃষ্টি কৰা এটা মাল্টিপ্লেয়াৰ ভিহিকুলাৰ কম্বেট (vehicular combat )গেম। এই গেমটো ২০১২ৰ নৱেম্বৰত প্ৰথম মুকলি কৰি দিয়া হৈছিল। ২০১৩ৰ জানুৱাৰীত সমগ্ৰ বিশ্বতে ইয়াক ফ্লায়িং চিমুলেছন গেম (flying simulation game) হিচাপে মুকলি কৰি দিয়া হয়। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdaQwzo4h_9wBwHCWEEwfRElauMVIFgHAoUGJjQXw26mIFwgLHnub6ZbckqXVWGPIRzVkUuEPERCT0ZXQo6hx5IYWjyq6jVTtHwu--LV60kBn7SsCnD5YWJz6RLSvdSK93XQaeRVg?key=knGDziJKhtgd7bpRlWMLQg

এইখিনি তথ্যৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ ইজৰাইলৰ F35 যুদ্ধ বিমান ইৰাণে ধ্বংস কৰি পেলোৱা দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে War Thunder নামৰ এটা চিমুলেছন গেমৰ দৃশ্যহে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ ইজৰাইলৰ F35 যুদ্ধ বিমান ইৰাণে ধ্বংস কৰি পেলোৱা দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে War Thunder নামৰ এটা চিমুলেছন গেমৰ দৃশ্যহে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:War Thunder নামৰ চিমুলেছন গেমৰ দৃশ্য ইৰাণে ইজৰাইলৰ যুদ্ধ বিমান ধ্বংস কৰা দৃশ্য বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *